সৌৰ আৰু বেটাৰী শক্তি সংৰক্ষণ প্ৰকল্পত ৬২০ কোটি টকা বিনিয়োগ কৰিবলৈ অসম চৰকাৰৰ সৈতে ৰাতুল পুৰীৰ হিন্দুস্তান পাৱাৰৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 5 March 2025

সৌৰ আৰু বেটাৰী শক্তি সংৰক্ষণ প্ৰকল্পত ৬২০ কোটি টকা বিনিয়োগ কৰিবলৈ অসম চৰকাৰৰ সৈতে ৰাতুল পুৰীৰ হিন্দুস্তান পাৱাৰৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ*


 *

৫ গিগাৱাট শক্তি প্ৰকল্প গঢ়ি তোলাৰ বাবে হিন্দুস্তান পাৱাৰৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি অসমত বিনিয়োগ


W7s news,,গুৱাহাটী: অসমৰ নবীকৰণযোগ্য শক্তিৰ পৰিৱেশ আগুৱাই নিয়াৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ চিহ্নিত কৰি ৰাতুল পুৰীৰ হিন্দুস্তান পাৱাৰে অত্যাধুনিক শক্তি আৰু বেটাৰী শক্তি সংৰক্ষণ প্ৰকল্পত ৬২০ কোটি টকা বিনিয়োগৰ বাবে অসম চৰকাৰৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। গুৱাহাটীত অনুষ্ঠিত এডভাণ্টেজ অসম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনত স্বাক্ষৰিত এই বুজাবুজি চুক্তিয়ে প্ৰতিষ্ঠানটোৰ বহনক্ষম শক্তি সমাধান ত্বৰান্বিত কৰাৰ প্ৰতিশ্ৰুতিক অধিক শক্তিশালী কৰি তুলিছে।

হিন্দুস্তান পাৱাৰৰ অহা ৩ বছৰত ৫ গিগাৱাট শক্তি পৰ্টফলিঅ' প্ৰাপ্ত কৰাৰ উচ্চাভিলাষী দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই বিনিয়োগে ১০০ মেগাৱাটৰ সৌৰ শক্তি প্ৰকল্পৰ বিকাশৰ লগতে ১০০ মেগাৱাটৰ এক অত্যাধুনিক ১০০ মেগাৱাট বেটাৰী শক্তি সঞ্চয় প্ৰণালীৰ বিকাশৰ সূচনা কৰিব। কোম্পানীটোৱে সৌৰ প্ৰকল্পৰ বাবে ৫০০ কোটি আৰু বেটাৰী সংৰক্ষণ প্ৰকল্পৰ বাবে ১২০ কোটি টকা বিনিয়োগ কৰিব, যি অসমৰ নৱীকৰণযোগ্য শক্তি যাত্ৰাত এক পৰিৱৰ্তনশীল পদক্ষেপ হিচাপে চিহ্নিত কৰিব।

অসম চৰকাৰৰ সহযোগত বিকশিত হ'বলগীয়া এই প্ৰকল্পসমূহে কেৱল ৰাজ্যখনৰ শক্তি আন্তঃগাঁথনি বৃদ্ধি কৰাই নহয়, লগতে ৫,০০০তকৈও অধিক মানৱ দিনৰ নিযুক্তি সৃষ্টি কৰিব, যাৰ ফলত অৰ্থনৈতিক বিকাশ আৰু নিযুক্তিৰ সুযোগ বৃদ্ধি হ'ব।

এই পদক্ষেপৰ কথা সদৰি কৰি হিন্দুস্তান পাৱাৰৰ অধ্যক্ষ ৰাতুল পুৰীয়ে কয় যে, “আমি গৌৰৱান্বিত যে ২০১৬ চনত হিন্দুস্তান পাৱাৰে অসমত বৃহৎ সৌৰশক্তি কেন্দ্ৰ গঢ়ি তোলা প্ৰথমটো প্ৰতিষ্ঠান আছিল আৰু নবীকৰণযোগ্য শক্তিৰ নতুন যুগত অসমৰ বৃদ্ধিৰ যাত্ৰাক আগুৱাই নিয়াৰ বাবে কোম্পানীটোৱে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। অসমৰ গতিশীল পৰিৱেশে অবিশ্বাস্য সুযোগ আনি দিছে আৰু আমি ৰাজ্যখনৰ প্ৰতি আমাৰ দায়বদ্ধতা গভীৰ কৰিবলৈ,বিশাল সম্ভাৱনাক ব্যৱহাৰ কৰি অভিলাষী নবীকৰণযোগ্য শক্তিৰ লক্ষ্যত অৰিহণা যোগাবলৈ উৎফুল্লিত৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জ্ঞাপন কৰিছোঁ, যাৰ দূৰদৰ্শী নেতৃত্বই অসমক উল্লেখযোগ্য অগ্ৰগতিৰ দিশে আগুৱাই লৈ গৈছে, ৰাজ্যখনক বিনিয়োগ আৰু বৃদ্ধিৰ এক সমৃদ্ধিশালী গন্তব্যস্থান হিচাপে গঢ়ি তুলিছে।”

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদত আৰু শক্তি, দক্ষতা, নিয়োগ, উদ্যমিতা তথা চিকিৎসা শিক্ষা-গৱেষণা বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকনৰ নিৰ্দেশনাত এই বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। এই উপলক্ষে এপিডিচিএলৰ অধ্যক্ষ চৈয়দিন আব্বাছি; শক্তি (বিদ্যুৎ) বিভাগৰ প্ৰধান সচিব ড° কৃষ্ণ কুমাৰ দ্বিবেদী, আৰু এপিডিচিএলৰ এমডি ৰাকেশ কুমাৰে উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

হিন্দুস্তান পাৱাৰে ভাৰতৰ প্ৰথম ৫ মেগাৱাট সৌৰশক্তি কেন্দ্ৰ আৰু এছিয়াৰ প্ৰথম ৩০ মেগাৱাট নবীকৰণযোগ্য শক্তি প্ৰকল্প বিকশিত কৰি শক্তি উদ্যোগত নতুন মাপকাঠি স্থান কৰিছে। ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উভয় বজাৰতে শক্তিশালী উপস্থিতিৰে প্ৰতিষ্ঠানটোৱে সমগ্ৰ ভাৰত, জাৰ্মানী, ইটালী, জাপান, ব্ৰিটেইন আৰু আমেৰিকাত প্ৰকল্প সফলতাৰে সম্পন্ন কৰিছে। উদ্ভাৱনক বহনক্ষমতাৰ সৈতে সংগতি ৰাখি বিশ্বৰ শক্তি পৰিৱৰ্তনৰ ক্ষেত্ৰত আগৰণুৱা হৈয়েই আছে, নবীকৰণযোগ্য শক্তি খণ্ডৰ মূল প্ৰতিষ্ঠান হিচাপে নিজৰ মৰ্যাদা শক্তিশালী কৰি তুলিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here