কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সপ্তম দীক্ষান্ত সমাৱৰ্তন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 4 March 2025

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সপ্তম দীক্ষান্ত সমাৱৰ্তন

 


W7s news,,যোৱা ৩ মাৰ্চ ২০২৫ত  গুৱাহাটীৰ খানাপাৰাস্থিত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ চিটি কেম্পাছৰ প্ৰেক্ষাগৃহত বিশ্ববিদ্যালয়খনৰ সপ্তম দীক্ষান্ত সমাৱৰ্তন অনুষ্ঠিত হয়৷ অসমৰ মাননীয় ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য্য শ্ৰীলক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াই সভাপতিত্ব কৰি শিক্ষাৰ্থীসকলক ডিগ্ৰী প্ৰদান কৰে৷ তিৰুচিৰাপল্লীৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ সঞ্চালক অধ্যাপক পৱন কুমাৰ সিঙ ডাঙৰীয়াই বিশেষ অতিথি হিচাপে অনুষ্ঠানটোত উপস্থিত থাকে৷ 

শিক্ষাৰ্থী সকলক মুঠ ১২৪৬৩ টা ডিগ্ৰী আৰু ডিপ্লমা প্ৰদান কৰা হয়, ইয়াৰে ১৭ গৰাকী শিক্ষাৰ্থীক ডক্টৰেট ডিগ্ৰী (পি এইচ ডি) প্ৰদান কৰা হয়৷ মুঠ ১৬১৮ গৰাকী শিক্ষাৰ্থীক স্নাতক ডিগ্ৰী, ১০৮২৭ গৰাকীক স্নাতকোত্তৰ ডিগ্ৰী আৰু ১ গৰাকী শিক্ষাৰ্থীক স্নাতকোত্তৰ ডিপ্লমা প্ৰদান কৰা হয়৷ উল্লেখযোগ্য যে ডিগ্ৰী প্ৰাপকসকলৰ ভিতৰত ৫৮.৩ শতাংশই মহিলা শিক্ষাৰ্থী৷ 

এই সমাৱৰ্তনত ১৬ গৰাকী শিক্ষাৰ্থীক শৈক্ষিক দিশত উৎকৃষ্টতাৰ বাবে সোণৰ পদক প্ৰদান কৰা হয়৷ ইয়াৰ উপৰিও দুগৰাকী জ্যেষ্ঠ শিক্ষাৰ্থীয়ে উক্ত সমাবৰ্তনত ডিগ্ৰী লাভ কৰে৷ ৭৬ বছৰীয়া মহিলা শিক্ষাৰ্থী চন্দ্ৰপ্ৰভা মহন্তই অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ বিপৰীতে ৭৭ বছৰীয়া পুৰুষ শিক্ষাৰ্থী শ্ৰীজিতেন্দ্ৰনাথ ডেকাই গণসংযোগ বিষয়ত সমাৱৰ্তনৰ সময়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ অসমৰ বিভিন্ন কাৰাগাৰত শিক্ষা গ্ৰহণ কৰি থকা কাৰবাসীৰ ২ গৰাকী কাৰাবাসীয়ে নিজ নিজ শৈক্ষিক কাৰ্যসূচী সফলতাৰে সমাপ্ত কৰিছে যদিও সমাৱৰ্তনত উপস্থিত থাকিব নোৱাৰিলে৷ 

আদৰণি ভাষণত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰাজেন্দ্ৰ প্ৰসাদ দাসে কয় যে বিশ্ববিদ্যালয়খনে বিশেষকৈ সমাজৰ বঞ্চিত আৰু প্ৰান্তীয় শ্ৰেণীৰ মাজত উচ্চ শিক্ষাৰ সমতা, ন্যায় আৰু গণতান্ত্ৰিকীকৰণৰ বাবে থিয় দিছে৷ তেওঁ লগতে উল্লেখ কৰে যে বিশ্ববিদ্যালয়খনে জ্ঞানেৰে সমাজ গঢ়াৰ স্বাৰ্থত আজীৱন শিক্ষণৰ পৰিৱেশ সৃষ্টিৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে৷ তেওঁ বঁটা প্ৰাপকসকলক আত্মবিশ্বাসেৰে সুযোগ আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ আহ্বান জনায়৷ 

সমাৱৰ্তনৰ বিশেষ অতিথি তিৰুচিৰাপল্লীৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ সঞ্চালক অধ্যাপক পৱন কুমাৰ সিঙ ডাঙৰীয়াই ভাষণ প্ৰসংগত আত্মনিৰ্ভৰ ভাৰত আৰু শিক্ষিত ভাৰতৰ দৰে অভিলাষী দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰে, যিয়ে ভাৰতক স্বাৱলম্বিতা আৰু বিশ্বব্যাপী প্ৰাধান্যৰ দিশত অহৰহ আগবাঢ়ি যোৱাত সহায় কৰি আছে বুলি উল্লেখ কৰে৷ তেওঁ শিক্ষাৰ গণতান্ত্ৰিকীকৰণৰ ক্ষেত্ৰত সহায়ক হোৱা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ দৰে মুক্ত আৰু দূৰ শিক্ষাৰ প্ৰতিষ্ঠানৰ ক্ৰমবৰ্ধমান ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ তেওঁ বিশ্ববিদ্যালয়ে চেণ্টাৰ ফৰ ইণ্ডিয়ান নোলেজ চিষ্টেম স্থাপনৰ প্ৰচেষ্টাক প্ৰশংসা কৰে যিয়ে স্থানীয় প্ৰজ্ঞাত শিপাই থকা সাংস্কৃতিক পৰিচয় আৰু উদ্ভাৱনৰ গভীৰ অনুভূতি গঢ়ি তোলাত সহায় কৰিব বুলি উল্লেখ কৰে৷ কৃত্ৰিম বুদ্ধিমত্তা (এ আই) স্বয়ংক্ৰিয়কৰণ আৰু উদীয়মান প্ৰযুক্তিৰ দ্ৰুত অগ্ৰগতিৰ ওপৰতো আলোকপাত কৰে, লগতে ৰাষ্ট্ৰ নিৰ্মাণত মুক্ত বিশ্ববিদ্যালয়ৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ 

অসমৰ মাননীয় ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য্য শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্যই কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে ৰাজ্যখনত উচ্চ শিক্ষাৰ দিগন্ত সম্প্ৰসাৰণৰ দিশত আগবঢ়োৱা মহৎ অৱদানৰ বাবে শলাগ লয়৷ তেওঁ এই কথাত সন্তুষ্টি প্ৰকাশ কৰে যে বিশ্ববিদ্যালয়খনত সমগ্ৰ ৰাজ্যৰপৰা প্ৰায় ২ লাখ শিক্ষাৰ্থীয়ে বৰ্তমানে শিক্ষা গ্ৰহণ কৰি আছে আৰু এতিয়ালৈকে সামগ্ৰিকভাৱে ৰাজ্যখনৰ জি ই আৰৰ ক্ষেত্ৰত প্ৰায় ১২ শতাংশ অৰিহণা যোগাইছে৷ ৰাজ্যপালগৰাকীয়ে বিশ্ববিদ্যালয়খনক চাৰি বছৰীয়া স্নাতক কাৰ্যসূচীৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগৰ ক্ৰেডিট ফ্ৰেমৱৰ্ক ৰূপায়ণৰ লগতে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ অনুসৰি সকলো সম্ভাৱ্য শৈক্ষিক কাৰ্য্যকলাপ ৰূপায়ণ কৰাৰ বাবেও প্ৰশংসা কৰে যিয়ে বিশ্ববিদ্যালয়খনক ৰাষ্ট্ৰীয় পৰ্যায়ত এক মূল প্ৰতিষ্ঠান হিচাপে স্থান দিবলৈ সক্ষম হৈছে৷ ৰাজ্যপালগৰাকীয়ে বিশ্ববিদ্যালয়খনে অঞ্চলটোৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীক শিক্ষাৰ অবিৰত সুবিধা নিশ্চিত কৰি সবলীকৰণৰ দিশত গ্ৰহণ কৰা পদক্ষেপৰ বাবে শলাগ লয়৷ 


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here