ইণ্ডাছ টাৱাৰ্ছ, এচিচিএফ আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত অসমত কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজৰ পদক্ষেপ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 4 February 2025

ইণ্ডাছ টাৱাৰ্ছ, এচিচিএফ আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত অসমত কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজৰ পদক্ষেপ


 

W7s news,,গুৱাহাটী, ০৪ ফেব্ৰুৱাৰী ২০২৫- সমাজলৈ সমৰ্থন প্ৰদানৰ প্ৰতিশ্ৰুতিৰ ধাৰা অব্যাহত ৰাখি ভাৰতৰ অন্যতম আগশাৰীৰ টেলিকম আন্তঃগাঁথনি প্ৰদানকাৰী সংস্থা ইণ্ডাছ টাৱাৰ্ছে আজি অসম চৰকাৰ আৰু অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচন (এচিচিএফ)ৰ সহযোগত অসমত কৰ্কট ৰোগৰ সেৱা কাৰ্যসূচী আৰম্ভ কৰাৰ কথা ঘোষণা কৰে৷ কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজত উল্লেখযোগ্য অৰিহণা যোগোৱা তথা বাসিন্দাসকলৰ জীৱনৰ মান উন্নত কৰাৰ উদ্দেশ্যে ইণ্ডাছ টাৱাৰ্ছৰ ধ্বজ্বাবাহী সামাজিক দায়ৱদ্ধতা কাৰ্যসূচী প্ৰগতিৰ অধীনত এই পদক্ষেপৰ সূচনা কৰা হৈছে। অসমৰ যোৰহাট, বঙাইগাঁও, লখিমপুৰ, চৰাইদেউ, ধেমাজি, হাইলাকান্দি, ওদালগুৰি, শিৱসাগৰ আৰু বাগছা্ত এই কাৰ্যসূচী প্ৰণয়ন কৰা হ’ব৷

২০২১ চনত প্ৰকাশিত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (আইচিএমআৰ) প্ৰতিবেদন অনুসৰি কৰ্কট ৰোগীৰ ৰাষ্ট্ৰীয় হাৰ প্ৰতি লাখ জনসংখ্যাত ৯৭ জন হোৱাৰ বিপৰীতে অসমত প্ৰতি লাখ জনসংখ্যাত এই সংখ্যা হ’ল ১১৪ জন৷ শেহতীয়াকৈ অসমত কৰ্কট ৰোগৰ পৰিঘটনা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে আৰু ইয়াৰ বাবে নিৰন্তৰ হস্তক্ষেপৰ প্ৰয়োজন আৱশ্যম্ভাৱী হৈ পৰিছে৷ উদ্বেগজনকভাৱে ৭০% পৰিঘটনা দ্বিতীয় বা তৃতীয় পৰ্যায়ত উচ্চ মৃত্যুহাৰৰ সৈতে প্ৰতিবেদিত হৈছে৷ এই নতুন কাৰ্যসূচীটো কৰ্কট ৰোগৰ সেৱাৰ বাবে এক সামগ্ৰিক দৃষ্টিভংগী ৰূপায়ণ কৰি, আগতীয়া চিনাক্তকৰণ, সামাজিক জড়িতকৰণ তথা ৰোগীসকলৰ বাবে নিৰন্তৰ সমৰ্থনৰ ওপৰত গুৰুত্ব দি এই সমস্যাটোৰ সন্মুখীন হোৱাৰ বাবে প্ৰস্তুত কৰা হৈছে৷

উক্ত কাৰ্যসূচীটোত প্ৰচাৰ, সামূহিক পৰীক্ষা, প্ৰথম পৰ্যায়ৰ স্বাস্থ্য কৰ্মীৰ প্ৰশিক্ষণ, সজাগতা আৰু আচৰণ পৰিৱৰ্তন অভিযান, ৰোগী নেভিগেটৰকে ধৰি যত্নৰ ধাৰাবাহিকতা অন্তৰ্ভুক্ত কৰা হৈছে৷ তদুপৰি কাৰ্যসূচীটোৰ অংশ হিচাপে স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ লগতে দন্ত চিকিৎসকৰ দ্বাৰা মুখৰ কৰ্কট ৰোগৰ বাবে শাৰীৰিক পৰীক্ষাৰ সৈতে ঘৰে ঘৰে পৰীক্ষাৰো আয়োজন কৰা হ'ব৷ নাৰ্ছসকলৰ দ্বাৰা গ্ৰীৱা আৰু স্তনৰ কৰ্কট ৰোগৰ বাবে শাৰীৰিক পৰীক্ষা আৰু সজাগতা সভা তথা বিদ্যালয়ৰ সংবেদনশীলতা সহ গোট আলোচনাত এই কাৰ্যসূচীয়ে সহায় কৰিব৷


এই সন্দৰ্ভত ইণ্ডাছ টাৱাৰ্ছৰ চক্ৰ মুখ্য কাৰ্যবাহী বিষয়া, এনইএছএ ৰাজেন্দৰ গুৰুঙে এইদৰে কয়, ‘‘এই পদক্ষেপটো অসমত স্বাস্থ্য সেৱা আন্তঃগাঁথনি আৰু সেৱাৰ মান উন্নত কৰাৰ বাবে আমাৰ সমৰ্পণৰ এক প্ৰমাণ হিচাপে বিবেচিত হৈছে৷ বৰ্তমান সময়ত সবাতোকৈ প্ৰয়োজনীয় বিষয়টো হ'ল আগতীয়া চিনাক্তকৰণ আৰু সময়মতে চিকিৎসা নিশ্চিত কৰা৷ প্ৰতিজন ব্যক্তিৰ ওচৰলৈ যোৱাটো নিশ্চিত কৰি তেওঁলোকৰ অৱস্থান নিৰ্বিশেষে, সৰ্বশ্ৰেষ্ঠ সম্ভৱ কৰ্কট ৰোগৰ সেৱা প্ৰাপ্ত কৰাত সহায় কৰাই হ’ল আমাৰ প্ৰয়াস। আমাৰ বিশ্বাস যে ব্যাপক সামাজিক প্ৰচাৰ, স্থানীয় স্বাস্থ্য সেৱা পেছাদাৰীসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী আৰু শক্তিশালী সমৰ্থন সেৱাৰ জৰিয়তে আমি আমাৰ লোকসকলৰ ওপৰত দীৰ্ঘম্যাদী প্ৰভাৱ পেলাব পাৰিম।’’

আনহাতে এচিচিএফৰ মুখ্য সঞ্চালন বিষয়া ডাঃ (মেজৰ জেনেৰেল) জে পি প্ৰসাদে এইদৰে কয়, ‘‘এচিচিএফে নিৰন্তৰে অসমত কৰ্কট ৰোগৰ দৃশ্যপটক প্ৰতিৰোধমূলকৰ পৰা উপশমকাৰীলৈ পৰিৱৰ্তন কৰাত অগ্ৰসৰ হৈছে৷ ৯খন জিলাত এচিচিএফ কমিউনিটী আউটৰিচ্চ কাৰ্যসূচীলৈ সমৰ্থন আগবঢ়োৱাৰ বাবে ইণ্ডাছ টাৱাৰ্ছৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো৷ ইয়াৰ সৈতে এচিচিএফে মাৰ্চ ২০২৭-ৰ ভিতৰত ১ কোটি জনসংখ্যাৰ লক্ষ্যত উপনীত হ'বলৈ সাজু হৈছে যাক অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিছে৷ ইয়াৰ দ্বাৰা অসমত কৰ্কট ৰোগৰ বোজা হ্ৰাস হোৱাৰ জৰিয়তে আমাৰ সমাজ সবলীকৃত হ’ব৷’’

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here