গুৱাহাটী আৰু উত্তৰ-পূব অঞ্চলৰ পৰা কৃষি ৰপ্তানি বৃদ্ধিৰ বাবে আপেডা আৰু অসম চৰকাৰৰ আয়োজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 4 February 2025

গুৱাহাটী আৰু উত্তৰ-পূব অঞ্চলৰ পৰা কৃষি ৰপ্তানি বৃদ্ধিৰ বাবে আপেডা আৰু অসম চৰকাৰৰ আয়োজন


 


মন্ত্ৰী বিমল বৰা আন্তঃৰাষ্ট্ৰীয় কনক্লেভ সহ ক্ৰেতা-বিক্ৰেতা বৈঠকত অংশগ্ৰহণ


W7s news,,গুৱাহাটী, ৪ ফেব্ৰুৱাৰী: অসম আৰু ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা কৃষি আৰু প্ৰক্ৰিয়াকৃত খাদ্য ৰপ্তানি বৃদ্ধিৰ এক উল্লেখযোগ্য পদক্ষেপত কৃষি আৰু প্ৰক্ৰিয়াকৃত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণে (আপেডা) চৰকাৰৰ সহযোগত আজি গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় কনক্লেভ সহ ক্ৰেতা-বিক্ৰেতা বৈঠক (বি এছ এম) আয়োজন কৰা হয়। এই অনুষ্ঠানত মূল অংশীদাৰ, নীতি নিৰ্ধাৰক, ৰপ্তানিকাৰক, আন্তঃৰাষ্ট্ৰীয় ক্ৰেতা, কৃষক উৎপাদক সংস্থা (এফপিঅ’) আৰু কৃষক উৎপাদক কোম্পানী (এফপিচি)ক একত্ৰিত কৰি নতুন সুযোগ বিচাৰি উলিওৱা আৰু অঞ্চলটোৰ কৃষি ৰপ্তানি পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰা হয়।

আন্তঃৰাষ্ট্ৰীয় কনক্লেভ কম ক্ৰেতা বিক্ৰেতা বৈঠক (আই বি এছ এম)ৰ অংশগ্ৰহণ কৰে অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু পি ই বিভাগৰ মন্ত্ৰী বিমল বৰা উপস্থিত থাকে। অন্যহাতে কৃষি, উদ্যান শস্য, পশুপালন আৰু পশু চিকিৎসা, চৰকাৰী মন্ত্ৰী অতুল বৰা অনলাইন যুগে অংশগ্ৰহণ কৰে। উদ্ভিধনি অনুস্থানত অসম চৰকাৰৰ জ্যেষ্ঠ চৰকাৰী বিষয়া কৃষি বিভাগ আৰু কৃষি উৎপাদন আয়ুক্ত আৰু সম্পাদক শ্ৰীমতী অৰুণা ৰাজোৰিয়া, বিত্ত, জলসিঞ্চন বিভাগৰ আয়ুক্ত আৰু সম্পাদক বীৰেন্দ্ৰ মিত্তল, অধ্যক্ষ, আপেডাৰ (কাৰ্যতঃ) অভিষেক দেৱ, এপেডাৰ জেনেৰেল মেনেজাৰ শ্ৰীমতী বিনিতা সুধনশু, কাৰ্যবাহী সঞ্চালক কনক’ৰ বিনীত মাথুৰ, নেৰামেক ডিজিএম অঞ্জল কৃ. দত্ত, কৃশিল লিমিটেড আৰু আপেডা ৰ প্ৰতিনিধি উপষ্ঠিত থাকে।

বিশেষ ভাষণত অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু পি ই বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী বিমল বৰাই জোৰ দি কয়, “মাননীয় পি এম মোডী আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ অসমক উত্তৰ-পূৰ্বাঞ্চলৰ বৃদ্ধিৰ ইঞ্জিন আৰু দেশৰ শীৰ্ষ ৫ খন ৰাজ্যৰ ভিতৰত অন্যতম কৰি তুলিবলৈ অঞ্চলটোৰ ঔদ্যোগিক নীতিত কেইবাটাও সংশোধনী কৰা হৈছে।” তেওঁ অসমৰ চহকী কৃষি জলবায়ুৰ সম্ভাৱনা আৰু ভাৰতৰ কৃষি ৰপ্তানি কৌশলত ইয়াৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ কয়, “অসমৰ লক্ষ্য হৈছে কৃষক আৰু অসমৰ জনসাধাৰণক উপকৃত কৰা উচ্চমানৰ কৃষি ৰপ্তানিৰ হাব হোৱা।”

ভাৰ্চুৱেলভাৱে অংশীদাৰসকলৰ সৈতে অনলাইন যোগদান কৰি মাননীয় কৃষি মন্ত্ৰী অতুল বৰাই কয় যে, “অসমৰ পৰা কেইবাটাও সম্ভাৱ্য কৃষিজাত সামগ্ৰী যেনে লিচি, কমলা, আদা, আনাৰস আৰু প্ৰাকৃতিক মৌৰ লগতে আনাৰস, মেণ্ডেৰিন আৰু কলৰ বিশ্বব্যাপী বজাৰত অসমৰ পৰা অধিক চাহিদা থকা বুলি উল্লেখ কৰে।” তেওঁ উল্লেখ কৰে যে, “এপেডাই সুবিধা প্ৰদান কৰা আই বি এছ এম আৰু বি এছ এম অসমৰ এফ পি অ’ আৰু এফ পি চিৰ বাবে গেমচেঞ্জাৰ হৈ আহিছে।” 

এই অনুষ্ঠানত জৈৱিক উৎপাদিত সামগ্ৰী, আনাৰস, আদা, ড্ৰেগন ফ্ৰুট, বাজৰা, সতেজ ফলমূল, শাক-পাচলি, মৌ, মছলা আৰু মূল্য সংযোজিত সামগ্ৰী যেনে পাল্প, ৱাইন, জামকে ধৰি অসমত উৎপাদিত কৃষি আৰু প্ৰচেছড খাদ্য সামগ্ৰীৰ বিস্তৃত পৰিসৰ প্ৰদৰ্শন কৰা হয়। প্ৰায় ১৫ গৰাকী মূল প্ৰদৰ্শকে অসমৰ কৃষি সম্ভাৱনা উপস্থাপন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here