গুৱাহাটীত 'সংঘাতৰ পৰা সহাৱস্থানলৈ' শীৰ্ষক ঘূৰণীয়া মেজ মেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 8 February 2025

গুৱাহাটীত 'সংঘাতৰ পৰা সহাৱস্থানলৈ' শীৰ্ষক ঘূৰণীয়া মেজ মেল

 




W7s news গুৱাহাটী: সংঘাতৰ পৰা সহাৱস্থানলৈ: মানৱ-বন্যপ্ৰাণী উভয়ৰ মাজৰ ক্ৰিয়াকলাপসমূহৰ বিষয়ে জনসাধাৰণৰ ধাৰণা গঢ়ি তোলাত মিডিয়াৰ ভূমিকা’’ শীৰ্ষক এখন ঘূৰণীয়া মেজ মেল শুকুৰবাৰে গুৱাহাটীত অনুষ্ঠিত হয়। ভাৰতত মানৱ-বন্যপ্ৰাণীৰ পাৰস্পৰিক ক্ৰিয়া-কলাপ (হিউমেন-ৱাইল্ডলাইফ ইন্টাৰেকচনচ্) (এইচডব্লিউআই)-সমূহক লৈ ক্ৰমাৎ বৃদ্ধি পোৱা উদ্বেগসমূহৰ প্ৰতি সঁহাৰি জনাই দ্য ক’এক্সিষ্টেন্স কনচ’ৰ্টিয়াম, দ্য কৰ্বেট ফাউণ্ডেচন, আৰণ্যক আৰু দাসৰা (ক্লাইমেটৰাইজ চেক্ৰেটেৰিয়েট)-ৰ দৰে ক্লাইমেটৰাইজ এলায়েন্স-ৰ অংশীদাৰসকলে এই 

ঘূৰণীয়া মেজ মেলৰ আয়োজন কৰে।

চহৰীকৰণ, জলবায়ু পৰিৱৰ্তন আৰু অৰণ্য বিনাশে ভাৰতৰ ভূ-প্ৰকৃতিকসমূহক নতুন ৰূপ প্ৰদান কৰাৰ লগে লগে মানৱ আৰু বন্যপ্ৰাণীৰ মাজত বিৰোধ সৃষ্টি হোৱাটো ক্ৰমান্বয়ে সাধাৰণ হৈ পৰাৰ ফলত প্ৰায়ে মৰ্মান্তিক পৰিণতি সংঘটিত হৈ আহিছে৷ অসমত বিশেষকৈ হাতীসমূহ জড়িত হোৱা মানৱ-বন্যপ্ৰাণীৰ উভয়ৰ মাজৰ ক্ৰিয়া-কলাপসমূহে পৰিৱৰ্তিত হৈ অহা প্ৰাকৃতিক পৰিৱেশত সহাৱস্থানৰ প্ৰত্যাহ্বানসমূহে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ 

মানুহৰ দ্বাৰা কৰা বেদখলৰ বাহিৰেও অসমত মানুহ আৰু হাতী সংঘাতসমূহত অৰিহণা যোগোৱা আন কাৰকসমূহৰ ভিতৰত অন্যতম হ’ল প্ৰাকৃতিক বসতিস্থলৰ খণ্ডিতকৰণ, ঋতুভিত্তিক প্ৰব্ৰজনৰ ধৰণসমূহৰ লগতে হাতীৰ খাদ্যৰ উৎসসমূহৰ পৰিৱৰ্তন আদি৷   নেতৃস্থানীয় সংৰক্ষণ বিশেষজ্ঞসকলৰ লগতে সাংবাদিকসকলে একত্ৰিত হৈ এইচডব্লিউআই-ৰ বিষয়ে জনসাধাৰণৰ বোধগম্যতা গঢ় দিয়াত সংবাদ মাধ্যমে কেনেদৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে সেই বিষয়ে আলাপ আলোচনা কৰে৷ বিশিষ্ট বক্তাসকলৰ ভিতৰত উপস্থিত থাকে ভাৰতৰ ৱৰ্ল্ড ৱাইল্ডলাইফ ফাণ্ড-ৰ ড° অনুপম শৰ্মা; আৰণ্যকৰ পৰা বিভুতি লহকৰ আৰু ডাঃ আলোলিকা সিনহা; দ্য কোএগজিষ্টেন্স কনচৰ্টিয়ামৰ পৰা সীমা লোখাণ্ডৱালা আৰু আমিৰ চেত্ৰী, দ্য কৰবেট ফাউণ্ডেচনৰ পৰা আশীষ থোকে লগতে ** সংবাদ মাধ্যমৰ পেছাদাৰীসকলেও নিজৰ মনোভাৱ আৰু উদ্বেগসমূহৰ ওপৰত মত বিনিময় কৰিবলৈ উপস্থিত থাকে।

অসমখনে দ্ৰুত চহৰীকৰণ আৰু পৰিৱেশগত চাপৰ সন্মুখীন হোৱাৰ লগে লগে সংবাদ মাধ্যমৰ দ্বাৰা বাস্তৱিক, বিষদ ব্যাখ্যাসমূহ উপস্থাপনৰ দায়িত্ব আৰু অধিক তাৎপৰ্যপূৰ্ণ হৈ পৰিছে৷ ঘুৰণীয়া মেজমেলখনত জলবায়ু পৰিৱৰ্তনে বন্যপ্ৰাণীসমূহক মানৱ বসতিস্থলসমূহৰ সমীপলৈ ঠেলি আনি সংঘাতৰ সম্ভাৱনা বৃদ্ধি কৰি এইচডব্লিউআই-ক কেনেদৰে তীব্ৰতৰ কৰি তুলিছে সেই বিষয়ে আলোকপাত কৰা হৈছিল৷

ড॰ বিভূতি প্ৰসাদ লহকৰ, আৰণ্যকৰ প্ৰগ্ৰাম সম্পাদকে কয়, “গত পাঁচ বছৰত আমি ৩০০ৰো অধিক হাতী মৰা দেখিছো, যিয়ে সমস্যাটোৰ গুৰুত্বকেই সন্মুখত আনে। যেতিয়াই অধিক হাতী মুক্তভাৱে ঘূৰি ফুৰিব নোৱাৰে, সমস্যাটো আৰু গভীৰ হয়। অবিৰতভাৱে উন্নয়নৰ কাম-কাজ আগবাঢ়ি থাকোঁতে হাতীৰ অৱস্থা বেয়া হৈছে, আৰু বাঢ়ি অহা বনাঞ্চল ধ্বংসই সমস্যাটোক আৰু জটিল কৰি তুলিছে। জলাশয় শুকাই যোৱা আৰু মুক্ত মাটিৰ সন্ধানেই এই সংঘাতৰ মূল কাৰণ। মিডিয়াই সাধাৰণতে মৃত্যুৰ ওপৰতহে গুৰুত্ব দিয়ে, কিন্তু আঘাতপ্ৰাপ্ত হোৱা আৰু দীৰ্ঘম্যাদী জীৱিকাৰ প্ৰভাৱৰ ওপৰতো গুৰুত্ব দিব লাগে। এই দিশবোৰৰ ওপৰতো আলোকপাত কৰিব লাগে, আৰু আমি বিচাৰব্যৱস্থাকো এই সমস্যাবোৰ সমাধান কৰাত অধিক সক্ৰিয় হ’বলৈ আহ্বান জনাওঁ।”

“হাতীবোৰক সিহঁতৰ কৰ্মৰ ওপৰত ভিত্তি কৰি নামকৰণ কৰা হয়, যেনে ‘লাডেন’ নামটো ধ্বংসাত্মক আচৰণক সূচায়, আনহাতে ‘মহাৰাজ’ৰ দৰে নামেৰে কিছুমানক পূজা কৰা হয়। ইমান সোনকালে নামকৰণ কৰাৰ প্ৰৱণতাই ভুল ধাৰণাৰ সৃষ্টি কৰিব পাৰে। মিডিয়াই এনে পৰিস্থিতিত নিৰপেক্ষ ভাষা ব্যৱহাৰ কৰি এক সন্তুলিত আৰু চিন্তাশীল দৃষ্টিভংগী আগবঢ়োৱাৰ সুযোগ আছে,” বুলি কয় সীমা লোকেন্দৱালা, দ্য কোএক্সিষ্টেন্স কনছৰ্টিয়ামে।

ড॰ অনুপম শৰ্মা, বিশ্ব বন্যপ্ৰাণী ভাণ্ডাৰ – ভাৰতৰ অসমৰ ব্ৰহ্মপুত্ৰ লেণ্ডস্কেপৰ টিম লিডাৰে কয়, “উদ্যোগ গ্ৰহণ কৰা হৈছে আৰু কাৰ্যসূচীবোৰ আগবাঢ়ি আছে, কিন্তু পৰিস্থিতিৰ পৰিমাণৰ তুলনাত প্ৰয়োজনীয়তা বহুত বেছি, আৰু প্ৰভাৱ সীমিত হৈয়ে আছে। দৃশ্যমান পৰিৱৰ্তন ততালিকে নহ’বও পাৰে, কিন্তু ইতিবাচক প্ৰগতি লাহে লাহে হৈ আছে। ছ’চিয়েল মিডিয়াই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে—ই মিছা বাতৰি বিয়পাই আৰু মতামত গঠন কৰি প্ৰগতিক সহায় বা বাধা দিব পাৰে। মিডিয়াই সংগঠনসমূহৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি সঠিক তথ্য প্ৰদান কৰাটো নিশ্চিত কৰিব লাগে। মনোযোগৰ সময় কমি অহাৰ লগে লগে মানুহে দীঘলীয়া প্ৰবন্ধতকৈ ৰিলছৰ দৰে চুটি বিষয়বস্তুত বেছি জড়িত হ’ব। সকলো অংশীদাৰে মিছা বাতৰি আৰু ইয়াৰ প্ৰভাৱৰ বিষয়ে সজাগতা বৃদ্ধি কৰাত গুৰুত্ব দিব লাগে।”

সহযোগিতামূলক প্ৰতিবেদন সম্পন্ন কৰাৰ বাবে এটা আহ্বান

উপস্থিত থকা সাংবাদিকসকলে এইচডব্লিউআই-ৰ সংঘটনসমূহৰ সময়ত দায়িত্বশীল প্ৰতিবেদন প্ৰদান কৰাটো জটিল কৰি তুলিব পৰা নিৰ্ভৰযোগ্য উৎসবোৰৰ সীমিত উপলভ্যতাৰ বিষয়টো উত্থাপন কৰে৷ অনুষ্ঠানটোত সংবাদ মাধ্যম আৰু সংৰক্ষণ বিশেষজ্ঞসকলৰ মাজত অধিক শক্তিশালী সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় যাতে ঘটনাসমূহ সংঘটিত হোৱাৰ সময়ত সঠিক আৰু সময়োপযোগী তথ্য উপলব্ধ হোৱাটো নিশ্চিত হয়৷

বাসতিস্থল নাশ হোৱাৰ লগতে জলবায়ু পৰিৱৰ্তনৰ বাবে মানৱ-বন্যপ্ৰাণী উভয়ৰ মাজৰ ক্ৰিয়া-কলাপসমূহ বৃদ্ধি পোৱাৰ লগে লগে সংঘাতৰ পৰিৱৰ্তে সহাৱস্থানক বৰ্ধিত কৰা লেখসমূহ বঢ়াই তোলাত সংবাদ মাধ্যমে নিশ্চিতভাৱে দায়িত্বশীল ভূমিকা পালন কৰিব লাগিব৷ স্বায়িত্ব আৰু সংৰক্ষণৰ প্ৰচেষ্টাসমূহৰ ওপৰত মনোনিৱেশ কৰি সংবাদ মাধ্যমে পৰিৱেশগত সংৰক্ষণ আৰু মানুহৰ প্ৰয়োজনীয়তাসমূহৰ মাজৰ ব্যৱধান দূৰ কৰি এনে এক ভৱিষ্যত গঢ়ি তোলাত সহায় কৰিব পাৰে য’ত সম্প্ৰদায়সমূহৰ লগতে বন্যপ্ৰাণীৰ সহাৱস্থান সৌহাৰ্দ্যপূৰ্ণভাৱে বৰ্তি থাকে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here