নৰ্থ ইষ্ট ইউনাইটেডৰ অপৰাজেয় যাত্ৰা সমাপ্ত কৰিলে মুম্বাই চিটীয়ে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 7 February 2025

নৰ্থ ইষ্ট ইউনাইটেডৰ অপৰাজেয় যাত্ৰা সমাপ্ত কৰিলে মুম্বাই চিটীয়ে

 নৰ্থ ইষ্ট ইউনাইটেডৰ অপৰাজেয় যাত্ৰা সমাপ্ত কৰিলে মুম্বাই চিটীয়ে





নৰ্থ ইষ্ট ইউনাইটেড ঃ ০

মুম্বাই চিটী এফ চি ঃ ২ [বিপিন সিং ৪১ মিনিট, চাংটে ৯০ মিনিট ]


ছিলং, ৭ ফেব্ৰুৱাৰী ঃ চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগত ক্ৰমাগত আঠখন মেচত অপৰাজেয় হৈ থকা নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ সাফল্যৰ যাত্ৰা সমাপ্ত হৈছে৷ শুকুৰবাৰে ছিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হোৱা মেচত নৰ্থ ইষ্ট ইউনাইটেডক ২-০ গলত পৰাস্ত কৰি মুম্বাই চিটী এফ চিয়ে প্ৰতিশোধ পূৰ্ণ কৰে৷


ইয়াৰপূৰ্বে মুম্বাই এৰিনাত নৰ্থ ইষ্ট ইউনাইটেডে মুম্বাই চিটীক পৰাস্ত কৰিছিল৷ ঘৰুৱা অনুৰাগীৰ একক সমৰ্থন পোৱাৰ পাছতো নৰ্থ ইষ্ট ইউনাইটেডক চাপত পেলাই আলহী দলটোৱে মেচত প্ৰথমে গল কৰিবলৈ সক্ষম হয়৷ খেলৰ ৪১ মিনিটত ব্ৰেণ্ডন ফাৰ্ণাণ্ডেজৰ সহায়ত বিপিন সিঙে গল কৰি মুম্বাই চিটীক মেচত অগ্ৰগতি দিয়ে৷


মুম্বাই চিটীয়ে মেচৰ বাকী সময়খিনি ঘৰুৱা দলৰ ষ্ট্ৰাইকাৰক বাধা দি আক্ৰমণৰ সকলো ৰণনীতি বিফল কৰি দিয়ে৷ আনহাতে, ইঞ্জুৰী টাইমত মুম্বাই চিটীৰ অধিনায়ক চাংটে গল কৰি দলক গুৰুত্বপূৰ্ণ তিনি পইণ্ট দিয়ে৷ মুম্বাই চিটীয়ে ১৯ খন মেচত ৩১ পইণ্ট লাভ কৰি চতুৰ্থ স্থানলৈ উত্তৰণ কৰিলে৷


ইফালে, যোৱা পাঁচখন মেচৰ চাৰিখন ড্ৰ তথা এখনত জয়ী হোৱা নৰ্থ ইষ্ট ইউনাইটেডে ২০ খন মেচত ২৯ পইণ্টৰে তালিকাৰ পঞ্চম স্থানলৈ অৱনমিত হৈছে৷ উল্লেখ্য যে নৰ্থ ইষ্ট ইউনাইটেডে লীগত পাঁচখন মেচ খেলিবলৈ বাকী আছে৷ প্লে-অফৰ যোগ্যতাৰ দৃষ্টিৰে আটাইকেইখন মেচ দলৰ বাবে গুৰুত্বপূৰ্ণ হ’ব৷


উল্লেখ্য যে মুম্বাই চিটী দলে বিপক্ষৰ ঘৰত খেলা অন্তিম ছখন মেচত অপৰাজেয় হৈ আছিল৷ আজি ছিলঙতো দলৰ এই ধাৰা অব্যাহত থাকিল৷ যোৱা মেচত ড্ৰ খেলি ছিলঙলৈ অহা দলে নৰ্থ ইষ্ট ইউনাইটেডৰ বিৰুদ্ধে নিজৰ দপদপনি অব্যাহত ৰাখিলে৷


উল্লেখ্য যে আই এছ এলত উভয় দল ২২ বাৰ মুখামুখি হ’ল৷ মুম্বাই চিটীয়ে বাৰখনত জয় হোৱাৰ বিপৰীতে নৰ্থ ইষ্ট ইউনাইটেডে ছখনত জয় তথা চাৰিখন মেচ ড্ৰ খেলিছে৷ ছিলং নৰ্থ ইষ্ট ইউনাইটেডৰ নতুন গৃহ ষ্টেডিয়াম৷ দলে লীগৰ বাকী থকা আৰু দুখন মেচত ইয়াত খেলিব৷


নৰ্থ ইষ্ট ইউনাইটেডে পৰবৰ্তী মেচখন অহা ১৩ ফেব্ৰুৱাৰীত জামছেদপুৰ এফ চিৰ বিৰুদ্ধে জে আৰ ডি টাটা ক্ৰীড়া প্ৰকল্পত খেলিব৷ আনহাতে, মুম্বাই চিটীয়ে অহা ১২ ফেব্ৰুৱাৰীত গৃহভূমিত এফ চি গোৱাৰ বিৰুদ্ধে খেলিব৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here