W7s news,,গুৱাহাটী, ১৫ ফেব্ৰুৱাৰী ২০২৫: অসমত পিকলবল খেলৰ উন্নয়ন আৰু প্ৰসাৰৰ লক্ষ্যৰে গঠিত অসম পিকলবল এছ’চিয়েশ্যন (এপিএ)-য়ে গুৱাহাটীত এক সংবাদ মেল সম্বোধন কৰি সন্থাটোৰ যাত্ৰা, সদ্যপ্ৰাপ্ত সাফল্য আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত এই খেলক জনপ্ৰিয় কৰাৰ লক্ষ্যৰে প্ৰস্তুত কৰা অভিলাসী পৰিকল্পনাৰ কথা জানিবলৈ দিয়ে।
উল্লেখ্য যে, শেহতীয়াকৈ এপিএয়ে পিকলবল খেলৰ প্ৰতি আগ্ৰহী প্ৰতিভাসমূহৰ বিকাশ আৰু দ্ৰুগতিত বৃদ্ধি পোৱা খেলবিধৰ বিষয়ে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সংস্থা হিচাপে আত্মপ্ৰকাশ কৰিছে। ইফালে, সংন্থাটোৰ সম্প্ৰসাৰণ ঘোষণাৰ সুবাদতে চতুৰ্থ আই পি এত অসমক প্ৰতিনিধিত্ব কৰি বিজয়ী হোৱা খেলুৱৈসকলকো সম্বৰ্ধ্বনা জ্ঞাপন কৰা হয়। অসম পিকলবল এছ’চিয়েশ্যনে উত্তৰ-পূব ভাৰতত এই খেলক এক প্ৰধান খেল হিচাপে গঢ়ি তোলাৰ বাবে লক্ষ্য গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে। লগতে পিকলবলৰ প্ৰসাৰৰ এই ৰোমাঞ্চকৰ যাত্ৰাত যোগদান কৰিবলৈ সকলো অংশীদাৰ, যেনে খেলুৱৈ, প্ৰশিক্ষক, পৃষ্ঠপোষক, আৰু সংবাদ মাধ্যমক আমন্ত্ৰণ জনায় এপিএয়ে।
সংবাদমেলত অসম পিকলবল এছ’চিয়েশ্যনৰ সম্পাদিকা নাজনীন ৰহমানে কয়, “শেহতীয়াকৈ গ্ৰেটাৰ নয়দাৰ বেনেট ইউনিভাৰ্চিটীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পিকলবল চেম্পিয়নশ্বিপত অসম পিকলবল এছ’চিয়েশ্যনৰ খেলুৱৈসকলৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠা প্ৰতিফলিত হৈছে। এই প্ৰতিযোগিতাত অসমৰ প্ৰতিনিধি দলটোৱে উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছে। অসমৰ হৈ ৫০+ মহিলা একক শাখাত ববিতা মোহন লাংথাছাই ৰূপৰ পদক আৰু ৫০+ মহিলা ডাবলছ শাখাত নাজনীন ৰহমান আৰু ববিতা লাংথাছাই ব্ৰঞ্জৰ পদক লাভ কৰি ৰাষ্ট্ৰীয় পিকলবল মানচিত্ৰত অসমৰ সবল উপস্থিতি নিশ্চিত কৰিছে। এই সাফল্যসমূহ সন্থাৰ দ্বাৰা গ্ৰহণ কৰা কঠোৰ প্ৰশিক্ষণ, সহায় আৰু বিকাশমুখী প্ৰচেষ্টাৰ প্ৰতিফলন।”
এই সফলতাসমূহৰ ওপৰত নিৰ্ভৰ কৰি অসম পিকলবল এছ’চিয়েশ্যনে এতিয়া উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যলৈ নিজৰ পৰিসৰ সম্প্ৰসাৰণৰ ওপৰত মনোনিৱেশ কৰিছে। সন্থাটোৰ লক্ষ্য হৈছে:
১. অঞ্চলভিত্তিক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন: উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰধান ৰাজ্যসমূহত আধুনিক পিকলবল সুবিধাযুক্ত কেন্দ্ৰ স্থাপন কৰি পেছাদাৰী প্ৰশিক্ষণ আৰু অৱকাঠামোৰ সহায় আগবঢ়োৱা।
২. আন্ত:ৰাজ্যিক প্ৰতিযোগিতাৰ আয়োজন: বিভিন্ন ৰাজ্যৰ খেলুৱৈসকলৰ দক্ষতা শানিত কৰাৰ লগতে ৰাষ্ট্ৰীয় স্বীকৃতি লাভৰ বাবে প্ৰতিযোগিতামূলক মঞ্চ সৃষ্টি কৰা।
৩. যুৱ প্ৰগতি কাৰ্যসূচী: অঞ্চলৰ বিদ্যালয়-মহাবিদ্যালয়সমূহত পিকলবলৰ প্ৰচলন কৰি যুৱ প্ৰতিভাক চিনাক্ত কৰা আৰু তেওঁলোকৰ বিকাশৰ বাবে উদ্যোগ লোৱা।
৪. সমাজ সম্পৃক্ততা: বিভিন্ন বয়সৰ আৰু সমাজৰ লোকৰ মাজত খেলবিধ জনপ্ৰিয় কৰি তুলিবলৈ সজাগতা অভিযান, কৰ্মশালা আৰু প্ৰদৰ্শনীৰ আয়োজন।
৫. চৰকাৰ আৰু ক্ৰীড়া সংস্থাৰ সৈতে সহযোগিতা: খেলৰ বিকাশৰ বাবে অৰ্থ, সম্পদ আৰু নীতিগত সমৰ্থন নিশ্চিত কৰিবলৈ ৰাজ্যিক চৰকাৰ আৰু ক্ৰীড়া সংস্থাসমূহৰ সৈতে সহযোগিতা স্থাপন কৰা।
No comments:
Post a Comment