নিপুণ অসম মিছনৰ অধীনত ASER ২০২৪ ৰ ফলাফলত তৃতীয় শ্ৰেণীৰ শিশুৰ উন্নত প্ৰদৰ্শন
W7s news,,গুৱাহাটীৰ: ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ত ভৱিষ্যৎ শিক্ষাৰ বাবে মৌলিক শিক্ষাক অপৰিহাৰ্য হিচাপে উল্লেখ কৰা হৈছে । ২০২১ৰ ৫ জুলাইত আৰম্ভ হোৱা নিপুন ভাৰত অভিযানৰ লক্ষ্য হৈছে ২০২৬-২৭ চনৰ ভিতৰত মৌলিক সাক্ষৰতা আৰু সংখ্যা তত্ত্বৰ (FLN) জ্ঞান লাভ কৰা । তৃতীয় শ্ৰেণীৰ শেষৰ ফালে সকলো শিশুৰ মৌলিক সাক্ষৰতা আৰু সংখ্যা তত্ত্বৰ দক্ষতা অৰ্জন কৰাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যেৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে মাননীয় শিক্ষামন্ত্ৰী ড° ৰাণোজ পেগুৱে ২০২১ৰ ১৬ নৱেম্বৰত অসমত নিপুণ অসম মিছনৰ শুভাৰম্ভ কৰে । এই উদ্দেশ্য সিদ্ধিৰ বাবে সমাজ, অভিভাৱক, শিক্ষক, আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা গঢ়ি তুলিবলৈ ৰাজ্যই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰে ভিতৰত আছে নিপুণ অসম থিম গীত, পোষ্টাৰ, পুস্তিকা ইত্যাদিৰ উন্মোচন ।
২০২৭ৰ ভিতৰত তৃতীয় শ্ৰেণীৰ শেষৰ ফালে অসমৰ প্ৰতিটো শিশুৰ ক্ষেত্ৰত মূল সাক্ষৰতা আৰু সংখ্যা তত্ত্বৰ (এফ এল এন) জ্ঞান লাভ কৰাই হৈছে নিপুণ অসম পদক্ষেপৰ লক্ষ্য । এই অভিযান হৈছে নিপুন ভাৰতৰ ব্যাপক কাৰ্যসূচীৰ অংশ আৰু ই তথ্য-চালিত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত শিক্ষাদান পদ্ধতি, শিক্ষণ সামগ্ৰী, শিক্ষকৰ সামৰ্থ্য বিকাশ, আৰু সম্প্ৰদায়ৰ সংযোগ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে ।
নিপুণ অসমৰ লক্ষ্য হৈছে প্ৰতিটো শিশুৱে তৃতীয় শ্ৰেণীৰ শেষৰ ফালে, ২০২৬-২৭ চনৰ ভিতৰত বুজাবুজি, লিখা আৰু সংখ্যাৰ সৈতে পঢ়াৰ ক্ষেত্ৰত আকাংক্ষিত শিক্ষণ দক্ষতা লাভ কৰিব পৰাকৈ মৌলিক সাক্ষৰতা আৰু সংখ্যা তত্ত্বৰ জ্ঞানৰ সাৰ্বজনীন অধিগ্ৰহণ নিশ্চিত কৰা এক পৰিৱেশ সৃষ্টি কৰা ।
“শিক্ষণৰ স্তৰত হঠাৎ এই উন্নতিৰ আঁৰৰ কাৰণ কি? সৰ্বভাৰতীয় অনুমানৰ পৰিৱৰ্তন সাধাৰণতে লেহেমীয়া হয় আৰু ২০১০ চনলৈকে স্থবিৰ হৈ থকা শিক্ষণৰ মাত্ৰা তাৰ পিছত কিছু হ্ৰাস পায়, মাত্ৰ ২০১৪ৰ পৰা ২০১৮ৰ ভিতৰতহে লাহে লাহে বিকাশ সাধন হয়। এ এছ ই আৰে মৌলিক পঢ়া আৰু গাণিতিকৰ তথ্য দাখিল কৰাৰ পিছৰে পৰা যোৱা ২০ বছৰত আমি এই পৰিমাণৰ উন্নতি দেখা নাই । এই সকলোৱে এন ই পি ২০২০ আৰু ইয়াৰ মূল দক্ষতাৰ ওপৰত গুৰুত্ব দিয়াৰ দিশত আঙুলিয়াই দিছে । শিক্ষণৰ উন্নতিৰ বাবে কাৰ্যসূচী প্ৰৱৰ্তন কৰাটো এয়াই প্ৰথম নহয়, অৱশ্যে উল্লেখযোগ্য কথাটো হ’ল যে প্ৰথমবাৰৰ বাবে মৌলিক শিক্ষণ ফলাফল উন্নত কৰাৰ বাবে ব্যৱস্থাগত ৰাষ্ট্ৰীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে । সাধাৰণতে বিগত বছৰবোৰত স্কুলৰ শিক্ষকসকলে “পাঠ্যক্ৰম সম্পূৰ্ণ কৰিবলৈ” কাম কৰিছিল । প্ৰথমবাৰৰ বাবে নিপুন ভাৰতৰ অধীনত সমগ্ৰ দেশৰ শিক্ষকসকলক মৌলিক দক্ষতাৰ ওপৰত গুৰুত্ব দিবলৈ পৰামৰ্শ দিয়া হৈছে ।” - উইলিমা ৱাধৱা, এ এছ ই আৰ ৰিপৰ্ট ২০২৪।
No comments:
Post a Comment