ব্যথা' মঞ্চস্থ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 8 February 2025

ব্যথা' মঞ্চস্থ



W7s news,,গুৱাহাটী, ৮ ফেব্ৰুৱাৰী: মহানগৰীৰ আৰ জি বি পথ স্থিত ছিগাল থিয়েটাৰত, যোৱা ৭ ফেব্ৰুৱাৰীৰ সন্ধিয়া মঞ্চস্থ হয় 'ব্যথা'। প্ৰখ্যাত কানাড়া সাহিত্যিক মহাদেৱা নুডুৰ 'ওদালালা' উপন্যাসৰ আধাৰত হিন্দীত নাটক খন লিখিছে ভাগীৰথী বাই কাদমে। সাম্প্ৰতিক সমাজ ব্যৱস্থা আৰু সামাজিক বৈষম্যক মূল বিষয় হিচাপে লৈ ৰচিত নাট খনৰ পৰিকল্পনা আৰু পৰিচালনা ভাগীৰথী বাই কাদমৰ। সিদ্ধাৰ্থ মুখাৰ্জী, ভাগীৰথী বাই কাদম, বি পাল্কী, বিকাশ দাস, প্ৰশান্ত কলিতা, আফটাব হুছেইন, আকাশ শইকীয়া, দীপা মিশ্ৰা, কল্লোল নাথ, ৰকিবুল আহমেদ, গীতিকা শৰ্মা, মৃগাংক কুমাৰ নাথ প্ৰমুখ্যে আন কেইবাগৰাকীও অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে। নাটখনৰ সংগীত পৰিচালনা কৰে গৌৰাংগ নাৰায়ণ দেৱে। পোহৰ ব্যৱস্থাপনাত দিৱস বৰুৱাক সহযোগ কৰে আফটাব হুছেইনে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়(NSD)ৰ দ্বাৰা আয়োজিত চলিত ভাৰত ৰংগ মহোৎসৱত অহা ১১ ফেব্ৰুৱাৰীৰ সন্ধিয়া নতুন দিল্লীৰ বহুমুখ সভাগৃহত ৬ বজাত নাটখন মঞ্চস্থ কৰা হ'ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here