W7s news গুৱাহাটী ::
উত্তৰ-পূৰ্বাঞ্চলৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতাল জিএনআৰচি হাস্পতালৰ ছয়মাইল শাখাই ৰাইজলৈ নিৰবচ্ছিন্ন সেৱা আগবঢ়াই আজি সফলতাৰে ১৮তম বৰ্ষত ভৰি দিলে। ১৮তম প্রতিষ্ঠা দিবস উদযাপন উপলক্ষে আজি নেডফি কনভেছন চেণ্টাৰত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। প্রতিষ্ঠা দিৱস অনুষ্ঠানত অসমৰ সমাজ জীবনলৈ উল্লেখনীয় অবদান আগবঢ়াই অহা দুগৰাকী অগ্রণী ব্যক্তি বিশিষ্ট কণ্ঠশিল্পী নমিতা ভট্টাচার্য আৰু অসমীয়া প্রতিদিন কাকতৰ কাৰ্যবাহী সম্পাদক ধৈর্য হাজৰিকাক সম্বর্ধনা জনোৱা হয়। ব্যয়সাধ্য স্বাস্থ্য অভিযান আৰু জিএনআৰচি গ্রুপ অব হাস্পতালৰ প্ৰতিষ্ঠাপক ডাঃ নোমল চন্দ্ৰ বৰাই সমাজৰ সকলো শ্ৰেণীৰ বাবে উচ্চমানৰ স্বাস্থ্য সেৱা সুলভ কৰি তোলাৰ ক্ষেত্ৰত জিএনআৰচি হাস্পতালে গ্রহণ কৰা অনন্য পদক্ষেপসমূহৰ বিষয়ে বিস্তৃত ব্যাখ্যা আগবঢ়ায়। আজিৰ এই প্রতিষ্ঠা দিৱস অনুষ্ঠানত মুখ্য অতিথি কণ্ঠশিল্পী নমিতা ভট্টাচার্য আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থকা কার্যবাহী সম্পাদক ধৈর্য হাজৰিকাই জিএনআৰচি স্পর্শ আঁচনিখন গুৱাহাটীবাসী ৰাইজৰ বাবে মুকলি কৰে।
'জিএনআৰচি স্পর্শ আঁচনি'ৰ মূল বৈশিষ্ট্যসমূহ হ'ল-
১) যিকোনো বয়সৰ ব্যক্তিয়ে এই আঁচনিৰ অন্তর্ভুক্ত হ'ব পাৰিব।
২) এই আঁচনিৰ অন্তর্ভুক্ত হ'বলৈ বার্ষিক ১৫০০ টকাকৈ দিব লাগিব।
৩) চাৰি মাহৰ মূৰে মূৰে চিকিৎসক, নাৰ্ছসহ সদস্যগৰাকীৰ ঘৰলৈ গৈ সদস্যগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে চিকিৎসা পৰামর্শও আগবঢ়োৱা হ'ব।
৪) জিএনআৰচি ছয়মাইল শাখালৈ অহা গুৱাহাটী চহৰৰ যিকোনো জৰুৰীকালীন ৰোগীৰ বাবে বিনামূলীয়া এম্বুলেঞ্চ সেৱা আগবঢ়োৱা হ'ব।
৫) প্রতি চাৰি মাহৰ মূৰে মূৰে সদস্যগৰাকীৰ ঘৰলৈ গৈ সদস্যগৰাকীৰ তেজৰ শৰ্কৰা, ৰক্তচাপ আৰু ওজন পৰীক্ষা কৰা হ'ব।
৬) বছৰত এবাৰকৈ ইচিজি কৰা হ'ব।
৭) জিএনআৰচি ছয়মাইলৰ বহিঃবিভাগত বছৰত দুবাৰকৈ স্নায়ু ৰোগ, হৃদৰোগ আৰু কিডনী ৰোগৰ বিশেষজ্ঞৰ দ্বাৰা চিকিৎসা পৰামর্শ লাভ কৰিব পাৰিব।
৮) মহিলা আৰু শিশু সদস্যই বছৰত দুবাৰকৈ ক্ৰমে স্ত্রী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ আৰু শিশু ৰোগ বিশেষজ্ঞৰ দ্বাৰা পৰামৰ্শ লাভ কৰিব পাৰিব।
অনুষ্ঠানটিত উপস্থিত থাকি ব্যয়সাধ্য স্বাস্থ্য আঁচনি আৰু জিএনআৰচি গ্রুপ অব হাস্পতালৰ প্রতিষ্ঠাতা ডাঃ নোমল চন্দ্ৰ বৰাই জনায় যে সমাজৰ সকলো শ্ৰেণীৰ ৰাইজৰ সুবিধার্থে জিএনআৰচি স্পর্শ আঁচনি উন্মোচন কৰা হৈছে। বছৰি মাত্র ১৫০০ টকাতে সদস্যভর্তি কৰি গুৱাহাটীবাসী ৰাইজক বিশেষ স্বাস্থ্য সেৱা প্ৰদানৰ বাবে এই আঁচনি যুগুত কৰা হৈছে। এই আঁচনিৰ জৰিয়তে সদস্যসকলে প্রয়োজনীয় চিকিৎসা সেৱা ঘৰতে লাভ কৰাৰ লগতে প্রয়োজন সাপেক্ষে হাস্পতাললৈ আহিও চিকিৎসা সেৱা লাভ কৰিব পাৰিব। সকলোৰে বাবে স্বাস্থ্য, সকলোৰে মুখত হাঁহি বিৰিঙোৱাৰ জিএনআৰচিৰ যি লক্ষ্য, সেই লক্ষ্য সাফল্যমণ্ডিত কৰি তোলাত ৰাইজৰ লগতে মোৰ সহকর্মী আৰু সংবাদ মাধ্যমৰ অৱদানৰ বাবে মই তেওঁলোকৰ ওচৰত কৃতজ্ঞ। জিএনআৰচি হাস্পতালত প্ৰতিগৰাকী ৰোগীয়ে গুণগত মানসম্পন্ন চিকিৎসা সেৱা লাভকৰাত আমি সদায় বিশেষ গুৰুত্ব দি আহিছো। যোৱা ১৭ বছৰে জিএনআৰচি হাস্পতালৰ পৰা চিকিৎসা সেৱা লাভ কৰা ৰোগীসকল, ৰাইজ, চিকিৎসা সেৱাৰ লগত জড়িত ব্যক্তিৰ পৰাও আমি প্রশংসা লাভ কৰিবলৈ সক্ষম হৈছো। সততা আৰু নিষ্ঠাৰে সেৱা আগবঢ়াবলৈ জিএনআৰচি হাস্পতালে অহৰহ অত্যাধুনিক কাৰিকৰী পদ্ধতিসমূহ অৱলম্বন কৰাৰ লগতে কৰ্মচাৰীসকলৰ দক্ষতা বৃদ্ধিৰ বাবে নিয়মিত প্রশিক্ষণ দি আহিছো। সেয়েহে আমি জিএনআৰচিয়ে সকলোৰে বাবে স্বাস্থ্য সকলোৰে মুখত হাঁহি বিৰিঙোৱাৰ উদ্দেশ্য সফল কৰিবলৈ আজিৰ এই প্রতিষ্ঠা দিৱসত প্রতিশ্রুতিবদ্ধ হৈছো।
জিএনআৰচি হাস্পতাল ছয়মাইল শাখাই সদায় সততা আৰু ৰোগীৰ ক্ষেত্ৰত স্বচ্ছ আৰু নিকা তথ্যৰ ওপৰত ভিত্তি কৰিহে চিকিৎসা সেবা প্রদানত গুৰুত্ব দি আহিছে। চিকিৎসাৰ গুণগত মান বজাই ৰখাৰ লগতে নিয়মীয়াকৈ সকলো বিভাগৰে কাৰ্যকলাপ নিৰীক্ষণ কৰা আৰু ৰোগীৰ স্বাস্থ্যৰ ফলাফলৰ বাবে ৰাষ্ট্ৰীয় চিকিৎসা আৰু স্বাস্থ্য সেৱা প্রদানকাৰী ব'র্ডে (NABH) আগবঢ়োৱা নিয়মসমূহো নিয়মিত মানি চলা হয়।
প্রতিষ্ঠা দিবস অনুষ্ঠানত জিএনআৰচি হাস্পতাল ছয়মাইল শাখাৰ মুখ্য কার্যকৰী বিষয়া ডাঃ মইনুলৰ ৰহমানে উপস্থিত ৰাইজক উদ্দেশ্যি দিয়া আদৰণি ভাষণত জিএনআৰচি হাস্পতালৰ দ্বাৰা আগবঢ়োৱা বিনামূলীয়া আৰু ব্যয়সাধ্য স্বাস্থ্য আঁচনিৰ দ্বাৰা ৰোগীক উন্নতমানৰ চিকিৎসা সেবা প্রদান কৰিবলৈ সক্ষম হোৱাৰ বাবে অত্যন্ত সুখী বুলি ব্যক্ত কৰে। আজি প্রতিষ্ঠা দিৱসত উন্মোচন কৰা জিএনআৰচি স্পর্শ আঁচনিৰ জৰিয়তে সকলোৰে সুস্বাস্থ্যৰ বাবে সুলভ, সততা, সম্মান আৰু মর্যাদাৰে গুণগত স্বাস্থ্য সেৱা আগবঢ়াবলৈ আমি আটায়ে প্রতিশ্রুতিবদ্ধ। এই আঁচনিখনে ৰাইজ আৰু চিকিৎসালয়খনৰ মাজত এক দীর্ঘম্যাদী সম্পর্ক গঢ়ি তুলিব বুলিও আমি বিশ্বাসী।
জিএনআৰচি ছয়মাইল শাখাৰ জ্যেষ্ঠ স্নায়ু শল্য বিশেষজ্ঞ ডাঃ পৰাণজ্যোতি বৰ্মনে শলাগৰ শৰাইৰ চমু ভাষণত কয় যে 'আজি আমি এই অনুষ্ঠানত উপস্থিত অগ্রণী ব্যক্তিসকলক সন্মান জনাবলৈ সুযোগ পোৱা বাবে কৃতার্থ অনুভৱ কৰিছো আৰু আমাৰ সমাজখনৰ প্ৰতি তেওঁলোকৰ অতুলনীয় অৱদানৰ বাবে ধন্যবাদ যাচিছো। আজিৰ আমাৰ এই অনুষ্ঠান সফল কৰি তোলাৰ বাবে মই মোৰ সহকৰ্মী, সংবাদ মাধ্যম আৰু সমাজৰ প্ৰতিগৰাকী ব্যক্তিলৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। জিএনআৰচি পৰিয়ালৰ সকলো সদস্যলৈ তেওঁলোকৰ নিৰৱচ্ছিন্ন সেৱা আৰু সমর্পণৰ মনোভাবৰ বাবে ধন্যবাদ জনাইছো।'
No comments:
Post a Comment