৩০ জানুৱাৰীত ১৪ সংখ্যক চেট ৱেট মেগা মিষ্টাৰ নৰ্থ ইষ্ট গ্ৰেণ্ড ফিনালেৰ আয়োজন - W7S News

Breaking News

demo-image

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Sunday, 26 January 2025

demo-image

৩০ জানুৱাৰীত ১৪ সংখ্যক চেট ৱেট মেগা মিষ্টাৰ নৰ্থ ইষ্ট গ্ৰেণ্ড ফিনালেৰ আয়োজন

Responsive Ads Here

 





W7s news গুৱাহাটী: উত্তৰ-পূব ভাৰতৰ আগশাৰীৰ ফেশ্বন আৰু প্ৰতিযোগিতামূলক অনুষ্ঠানৰ আয়োজক মেগা এণ্টাৰটেইনমেণ্ট সাজু হৈছে ১৪ সংখ্যক চেট ৱেট মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ গ্ৰেণ্ড ফিনালে আয়োজনৰ বাবে। উল্লেখযোগ্য যে, অহা ৩০ জানুৱাৰী, ২০২৫ তাৰিখে গুৱাহাটীৰ মাছখোৱাস্থিত আইটিএ সাংস্কৃতিক প্ৰকল্পৰ প্ৰাংগণত অনুষ্ঠিত হ'বলগীয়া বহু প্ৰত্যাশিত এই অনুষ্ঠানটোত উত্তৰ-পূবৰ ৫৪ গৰাকী প্ৰতিভাশালী প্ৰাৰ্থীয়ে তিনিটা আকাংক্ষিত বিজয়ীৰ খিতাপৰ বাবে প্ৰতিদ্বন্দিতা কৰিব। 


উল্লেখ্য যে, মেগা মিষ্টাৰ নৰ্থ ইষ্ট (এমএমএনই) হৈছে ফেশ্বন উদ্যোগী অভিজিৎ সিংহৰ সৃজনশীল পৰিকল্পনাৰে বাস্তৱ ৰূপ লাভ কৰা এক প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখনিৰ প্ৰযোজনা কৰিছে মেগা এণ্টাৰটেইনমেণ্টে আৰু বিপণন কৰিছে মেগা এক্টিভেচনে।


মন কৰিবলগীয়া যে, আন্তঃৰাষ্ট্ৰীয় গুৰুত্ব বৃদ্ধি আৰু প্ৰতিযোগিতাখনক বিশ্ব মঞ্চলৈ উন্নীত কৰিবলৈ গ্ৰেণ্ড ফিনালেৰ তিনিগৰাকী বিজয়ীৰ ভিতৰত এগৰাকী বিজয়ীয়ে সন্মানীয় মিষ্টাৰ ইণ্টাৰনেশ্যনেল প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব। এই প্ৰতিশ্ৰুতিক আৰু অধিক সুদৃঢ় কৰি গ্ৰেণ্ড ফিনালেত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব মিষ্টাৰ ইণ্টাৰনেশ্যনেল, ২০২৪ৰ বিজয়ী স্পেইনৰ ফ্ৰান জাফ্ৰা। তেওঁৰ উপস্থিতিয়ে এই অনুষ্ঠানৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি আৰু আকৰ্ষণ আৰু অধিক বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।


আগন্তুক ফিনালেক লৈ উচ্ছ্বাস প্ৰকাশ কৰি মেগা এণ্টাৰটেইনমেণ্টৰ প্ৰতিষ্ঠাপক অভিজিৎ সিংহই কয়, ''প্ৰায় ডেৰ দশক ধৰি মেগা মিষ্টাৰ নৰ্থ ইষ্ট এনে এক মঞ্চত পৰিণত হৈছে যিয়ে কেৱল প্ৰতিভাক উদযাপন কৰাই নহয়, যুৱকসকলক তেওঁলোকৰ সপোন পূৰণৰ পথো দেখুৱাই আহিছে। এই মঞ্চই কেনেকৈ সফল কেৰিয়াৰ গঢ়ি তুলিছে আৰু প্ৰতিযোগীসকলক নতুন উচ্চতাত উপনীত হ’বলৈ অনুপ্ৰাণিত কৰিছে, তাৰ আমি প্ৰত্যক্ষ সাক্ষী। মিষ্টাৰ ইণ্টাৰনেশ্যনেল প্ৰতিযোগিতাত আমাৰ অন্তৰ্ভুক্তিৰ জৰিয়তে আমি এই উদীয়মান প্ৰতিভাসমূহৰ বাবে এক বিশ্বব্যাপী মঞ্চ প্ৰদান কৰিছো, যিয়ে উত্তৰ-পূবৰ অসাধাৰণ সম্ভাৱনাক বিশ্ব মঞ্চত প্ৰদৰ্শন কৰাৰ আমাৰ প্ৰতিশ্ৰুতিক আৰু অধিক শক্তিশালী কৰি তুলিছে।’’


উল্লেখ্য যে, চেট ৱেটে একেৰাহে দ্বিতীয় বছৰৰ বাবে মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ টাইটেল স্পনছৰ হিচাপে তেওঁলোকৰ সহযোগিতা অব্যাহত ৰাখিছে। প্ৰতিযোগিতাখনৰ সৈতে তেওঁলোকৰ সম্পৰ্ক সন্দৰ্ভত মন্তব্য কৰি মেৰিকো লিমিটেডৰ মুখ্য বিপণন বিষয়া সোমশ্ৰী বসু অৱস্থিয়ে কয়, “চেট ৱেটে সদায় হেয়াৰ ষ্টাইলিং ট্ৰেণ্ডৰ নেতৃত্ব দি আহিছে আৰু আধুনিক মনৰ যুৱকসকলৰ বাবে নিজকে আদৰ্শ ষ্টাইলৰ সংগী হিচাপে প্ৰতিষ্ঠা কৰিছে। মেগা এণ্টাৰটেইনমেণ্টৰ সৈতে আমাৰ অংশীদাৰিত্বই হেয়াৰ ষ্টাইলিঙৰ শক্তি প্ৰদৰ্শন কৰে, যিয়ে আত্মপ্ৰকাশ আৰু আত্মবিশ্বাস গঢ়ি তোলাত সহায় কৰে। লগতে এয়া আমাৰ #UpgradeYourHairGame ধাৰণাটিৰ সৈতেও সম্পূৰ্ণৰূপে সংগতিপূৰ্ণ।’’


তেওঁ লগতে কয়, ''চেট ৱেটে নৱপ্ৰজন্মক তেওঁলোকৰ হেয়াৰ ষ্টাইল উন্নত কৰিবলৈ আৰু ইয়াৰ বৈচিত্ৰময় ষ্টাইলিং প্ৰডাক্টৰ দ্বাৰা তেওঁলোকৰ স্বকীয়তা প্ৰকাশ কৰিবলৈ শক্তি প্ৰদান কৰে। ১৪ সংখ্যক চেট ৱেট মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ বৰ্ণিল উদযাপনৰ জৰিয়তে অঞ্চলটোৰ প্ৰতিভা, সংস্কৃতি আৰু আকাংক্ষাক প্ৰদৰ্শন কৰি বিশ্ব মঞ্চৰ সৈতে সংযোগ কৰা হৈছে। এই পদক্ষেপৰ জৰিয়তে আমি সুযোগৰ নতুন বাট মুকলি কৰা, সপোনক অনুপ্ৰাণিত কৰা আৰু উত্তৰ-পূবক অপৰিসীম সম্ভাৱনাময় শক্তি হিচাপে উপস্থাপন কৰাৰ লক্ষ্য ৰাখিছোঁ।’’


ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ সহযোগত আৰু ইনক্ৰেডেবল ইণ্ডিয়াৰ বেনাৰত চলিত বৰ্ষৰ এই অনুষ্ঠানৰ লক্ষ্য হৈছে চলি থকা মহাকুম্ভ মেলাৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাৰ প্ৰদৰ্শন কৰা। এই সহযোগিতাৰ অংশ হিচাপে এই অনুষ্ঠানত উত্তৰ-পূব ভাৰতৰ লুকাই থকা সৰগৰ ওপৰতো এক বিশেষ অভিযান চলোৱা হ’ব, যিটো প্ৰতিযোগীসকলে প্ৰদৰ্শন কৰিব আৰু যিয়ে অঞ্চলটোৰ অনন্য আবেদনক আৰু অধিক উজ্জ্বল কৰি তুলিব।


ইয়াৰ উপৰিও, এমএমএনইয়ে কোকা কোলাক বেভাৰেজ পাৰ্টনাৰ আৰু হোটেল ডাইস্ক’ অ’লে এলোক হস্পিটালিটী পাৰ্টনাৰ (আতিথ্য অংশীদাৰ) হিচাপে আদৰণি জনাই আনন্দিত হয়। গুৱাহাটীস্থিত জনসংযোগ প্ৰতিষ্ঠান লাইফ’ছ পাৰ্পল এই অনুষ্ঠানটোৰ জনসংযোগ অংশীদাৰ হোৱাৰ লগতে বিজয়ীসকলক তেওঁলোকৰ কাৰ্যকালত সুনাম ব্যৱস্থাপনাৰ পৰামৰ্শও প্ৰদান কৰিব।


উল্লেখ্য যে, এমএমএনইৰ তিনিওগৰাকী বিজয়ীক সমপৰ্য্যায়ৰ খিতাপ পিন্ধোৱা হ’ব, আৰু তেওঁলোকৰ সমান বিশেষাধিকাৰ তথা দায়িত্ব থাকিব। এই প্ৰতিযোগিতাত বিজয়ীসকলৰ বাবে আকৰ্ষণীয় পুৰস্কাৰ পেকেজ আগবঢ়োৱা হ’ব, যাৰ মূল্য হ’ব ৫০ হাজাৰ টকাৰো অধিক। আনহাতে, ইয়াৰে এগৰাকী বিজয়ীয়ে ভাৰতক প্ৰতিনিধিত্ব কৰি মিষ্টাৰ ইণ্টাৰনেশ্যনেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। বিজয়ীসকলে লাভ কৰিবলগীয়া আন আন সুবিধাসমূহৰ ভিতৰত আছে ভ্ৰমণৰ সুযোগ, মেগা এণ্টাৰটেইনমেণ্টৰ পৰা পেছাদাৰী প্ৰতিনিধিত্ব, ব্ৰেণ্ড এংগেজমেণ্ট, শ্বুটিং, যুৱ আৰু ফেশ্বন ইভেণ্টত উপস্থিতি আদি।


উত্তৰ-পূবৰ আঠখন ৰাজ্যক সামৰি লোৱা অডিচন ট্যুৰটোৱে অঞ্চলটোৰ প্ৰতিযোগীসকলৰ অপৰিসীম প্ৰতিভা আৰু উৎসাহক প্ৰতিফলিত কৰি যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। চূড়ান্ত প্ৰতিযোগীসকলে গুৱাহাটীত এসপ্তাহজোৰা পেছাদাৰী গ্ৰুমিং আৰু প্ৰশিক্ষণ গ্ৰহণ কৰিব। ইয়াৰ পিছতে তেওঁলোকে পৰৱৰ্তী চেট ৱেট মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ খিতাপৰ বাবে গ্ৰেণ্ড ফিনালেত ভাগ ল’ব।







 

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *