বুধবাৰে গুৱাহাটীত অন্তিম মেচ খেলিব নৰ্থ ইষ্ট ইউনাইটেডে, সন্মুখত হায়দৰাবাদ এফ চি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 28 January 2025

বুধবাৰে গুৱাহাটীত অন্তিম মেচ খেলিব নৰ্থ ইষ্ট ইউনাইটেডে, সন্মুখত হায়দৰাবাদ এফ চি

 




গুৱাহাটী, ২৮ জানুৱাৰী ঃ নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগ [আই এছ এল] ত বুধবাৰে গুৱাহাটীত অন্তিম মেচখন খেলিব৷ দলে গৃহভূমিত ছিজনৰ আৰু তিনিখন মেচ খেলিবলৈ বাকী থাকিব যদিও সেই তিনিওখন খেল ছিলঙত অনুষ্ঠিত হ’ব৷ সেয়েহে কাইলৈ হায়দৰাবাদ এফ চিৰ বিৰুদ্ধে খেলিব লগা মেচখনে সৰুসজাই ষ্টেডিয়ামত ছিজনৰ অন্তিম খেল হ’ব৷


ক্ৰমাগত ছখন মেচত অপৰাজেয় হৈ থকা নৰ্থ ইষ্ট ইউনাইটেডে ইয়াৰপূৰ্বে হায়দৰাবাদক ঘৰতে ৫-২ গ’লত পৰাস্ত কৰিছিল৷ দলীয় শক্তিৰ তুলনামুলক দৃষ্টিৰে নৰ্থ ইষ্ট ইউনাইটেডে কাইলৈৰ মেচত জয়ৰ ট্ৰেকলৈ প্ৰত্যাৱৰ্তনৰ সুযোগ পাইছে৷ উল্লেখ্য যে দলে ক্ৰমাগত চাৰিখন মেচ ড্ৰ কৰিছে৷ ইয়াৰে তিনিখন মেচ গুৱাহাটীত খেলা৷ আনহাতে, অন্তিম মেচত কেৰালাৰ বিৰুদ্ধে কোচিত এক পইণ্ট সংগ্ৰহ কৰিছিল গুৱাহাটীৰ দলটোৱে৷


বৰ্তমান নৰ্থ ইষ্ট ইউনাইটেডে ১৭ খন খেলত ২৫ পইণ্ট লাভ কৰি তালিকাৰ ষষ্ঠ স্থানত আছে৷ দলে ছখনত জয় তথা সাতখন ড্ৰ কৰিছে৷ আনহাতে হায়দৰাবাদে ১৭খন মেচত ১৩ পইণ্ট লাভ কৰি ১২ নম্বৰ স্থানত আছে৷ দলৰ জয়ৰ সংখ্যা তিনি, বিপৰীতে ১০ খনত পৰাজয় হৈছে৷ নৰ্থ ইষ্ট ইউনাইটেডে হায়দৰাবাদৰ বিৰুদ্ধে প্ৰথমটো লীগ ডাবল কৰাৰ সুযোগ পাইছে যদিও গুৱাহাটীৰ অন্তিম চাৰিখন মেচত দলে জয়ৰ মুখ দেখা নাই৷


শেষবাৰৰ বাবে এটা ছিজনত ঘৰুৱা মেচত জয়হীন ধাৰাবাহিকতা ২০২২ চনত হৈছিল যেতিয়া নৰ্থ ইষ্ট ইউনাইটেডে ক্ৰমাগত পাঁচ মেচত পৰাজয়ৰ সন্মুখীন হৈছিল৷ এইবাৰ গুৱাহাটীত খেলা আঠখন মেচৰ মাত্ৰ দুখনতহে জয়লাভ কৰিছে নৰ্থ ইষ্ট ইউনাইটেডে৷ সেয়ে কাইলৈৰ মেচতো অনুৰাগীৰ সন্মুখত চাপত থাকিব ঘৰুৱা দল৷ ইফালে, জামছেদপুৰক পৰাস্ত কৰি গুৱাহাটীলৈ অহা হায়দৰাবাদ দলে যোৱা তিনিখন খেলত অপৰাজেয় হৈ আছে৷


নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক জুৱান পেড্ৰ’ বেনালিয়ে দলৰ বাবে কাইলৈৰ মেচখনৰ পৰিসৰৰ কথা দৃঢ়তাৰে কয়৷ ‘আমাৰ বাবে এয়া ফাইনেল আৰু আমি কঠোৰ পৰিশ্ৰম কৰি পইণ্ট লাভ কৰিব লাগিব৷ তেওঁলোকৰ বাবেও কাইলৈৰ খেলখন ফাইনেল৷ কাৰণ হায়দৰাবাদ এটা ভাল দল আৰু তেওঁলোকে লীগৰ পৰা অৱনমন নিবিচাৰে৷’ বেনালিয়ে কয়৷


ইফালে, হায়দৰাবাদৰ অন্তৱৰ্তীকালীন মুখ্য প্ৰশিক্ষক শ্বমীল চেম্বাকাথে যোৱা মেচখনত দলৰ জয়ৰ সফলতাই খেলুৱৈসকলক যথেষ্ট আত্মবিশ্বাসী কৰিছে বুলি কয়৷ ‘ঘৰুৱা মেচত জয়লাভ কৰাটো আমাৰ বাবে ইতিবাচক ঘটনা আছিল৷ এই সাফল্যই কাইলৈৰ মেচৰ বাবে আমাৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে সেয়া আৰু অধিক গুৰুত্বপূৰ্ণ৷’ চেম্বাকাথে কয়৷


আই এছ এলত দুয়োটা দল এতিয়ালৈকে এঘাৰবাৰ মুখামুখি হৈছে৷ পূৰ্ব চেম্পিয়ন হায়দৰাবাদে ছখন খেলত জয়লাভ কৰাৰ বিপৰীতে নৰ্থ ইষ্ট ইউনাইটেডে দুবাৰ তিনি পইণ্টকৈ অৰ্জন কৰিছে৷ আনহাতে, তিনিখন মেচ ড্ৰ’ৰ হৈছে৷ ইতিমধ্যে লীগত ১৭ খন মেচ খেলা গুৱাহাটীৰ দলটোৱে চলিত ছিজনত যি ছয় খন মেচত জয়ৰ সফলতা অৰ্জন কৰিছে তাৰ চাৰিখনেই বাহিৰত খেলা৷ সেয়ে গুৱাহাটীৰ অন্তিম মেচত নৰ্থ ইষ্ট ইউনাইটেডৰ প্ৰদৰ্শন ৰূপকথাৰ দৰে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here