গুৱাহাটীত মুকলি হ’ল ৰয়েল এনফিল্ড স্ক্ৰাম ৪৪০ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 23 January 2025

গুৱাহাটীত মুকলি হ’ল ৰয়েল এনফিল্ড স্ক্ৰাম ৪৪০


 

W7s news,,গুৱাহাটী, ২৩ জানুৱাৰীঃ ৰয়েল এনফিল্ডে গুৱাহাটীত মালিগাঁৱৰ চিৰাগ এনফিল্ডত মুকলি কৰিছে স্ক্ৰাম ৪৪০, জাৰ মূল্য ২.০৮ লাখ টকাৰ পৰা (এক্স শ্ব’ৰুম) আৰম্ভনী। উন্মোচনী অনুষ্ঠানত চিৰাগ এনফিল্ডত অত্যধিক ভিৰ দেখা যায়, নতুন মটৰ চাইকেলখনৰ প্ৰতি থকা উৎসাহ প্ৰদৰ্শন কৰে।

উদ্বোধনী অনুস্থানত ডিলাৰ পাৰ্টনাৰ সঞ্জয় গুপ্তা, আদিত্য আৰ্য্য আৰু কোম্পানী এ এছ এম ৰাজেশ সিংহই স্ক্ৰাম ৪৪০ উন্মোচন কৰে। এই উপলক্ষে ভাষণ দি আদিত্য আৰ্য  কয়, "আমি গুৱাহাটী আৰু ইয়াৰ আশে-পাশে থকা ৰয়েল এনফিল্ডৰ সৰ্ববৃহৎ ডিলাৰ নেটৱৰ্ক, মুঠ তিনিটা ৰয়েল এনফিল্ড শ্ব'ৰুম আছে। আমাৰ মালিগাঁও শ্ব'ৰুমৰ উপৰিও স্ক্ৰাম ৪৪০ আমাৰ আমিনগাঁৱ আৰু আজাৰা শ্ব'ৰুমত উপলব্ধ আছে।"

তেওঁ আৰু জোৰ দি কয়, "আমাৰ ইউ এছ পিয়ে জালুকবাৰীত অৱস্থিত আমাৰ ৰয়েল এনফিল্ড চাৰ্ভিচ চেণ্টাৰ হৈছে আমাৰ সন্মানীয় গ্ৰাহকসকলক বিক্ৰীৰ পিছত উত্তম সেৱা আগবঢ়াইছে, আমাৰ বিশেষজ্ঞৰ দলৰ সৈতে।"

ৰয়েল এনফিল্ড স্ক্ৰাম ৪৪০ ৪৪৩চিচি একক চিলিণ্ডাৰ ইঞ্জিনেৰে চালিত, যিয়ে ৬,২৫০ আৰপিএমত সৰ্বোচ্চ শক্তি ২৫.৪এচপি আৰু ৪,০০০ আৰপিএমত ৩৪এনএম শীৰ্ষ টৰ্ক উৎপন্ন কৰে। ইঞ্জিনটোত ৬ স্পীড গিয়াৰবক্স যোৰ কৰা হৈছে। মটৰ চাইকেলখনত আছে এটা পৰিশোধিত SOHC ভালভ ট্ৰেইন ব্যৱস্থা, চুইচেবল এবিএছ, আৰু এটা ডিজিটেল-এনালগ ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ।


স্ক্ৰাম ৪৪০ৰ গ্ৰাউণ্ড ক্লিয়াৰেন্স ২০০মিমি, ছাচপেনচন ট্ৰেভেল ১৯০মিমি (আগফালে) আৰু ১৮০মিমি (পিছফালে), আৰু আসনৰ উচ্চতা ৭৯৫মিমি। ইন্ধনৰ টেংকৰ ক্ষমতা ১৫ লিটাৰ। মটৰ চাইকেলখন দুটা ভেৰিয়েণ্টত উপলব্ধ - ট্ৰেইল আৰু ফৰ্চ - দুয়োটা ভেৰিয়েণ্টতে পাঁচটা ৰঙৰ বিকল্পৰ সৈতে।


ট্ৰেইল ভেৰিয়েন্টৰ মূল্য ২.০৮ লাখ টকা, আনহাতে এলয় হুইল আৰু টিউবলেছ টায়াৰৰ সৈতে টপ অৱ দ্য লাইন ফৰ্চ ভেৰিয়েণ্টৰ মূল্য ২.১৫ লাখ টকা। অতি আকৰ্ষণীয় মূল্যত মুকলি কৰা হৈছে স্ক্ৰাম ৪৪০, যাৰ ফলত ই অনুৰাগীসকলৰ বাবে এক ৰোমাঞ্চকৰ বিকল্প।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here