অষ্টম নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছ ২১ ৰ পৰা ২৩ ফেব্ৰুৱাৰীলৈ ইউএছটিএমত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 23 January 2025

অষ্টম নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছ ২১ ৰ পৰা ২৩ ফেব্ৰুৱাৰীলৈ ইউএছটিএমত

 






Was news গুৱাহাটী :: : ইউনিভাৰ্ছিতি অৱ চায়েন্স এণ্ড টেকনলজী মেঘালয় (ইউ এছ টি এম) ৰ ফ্লেগচিপ অনুস্থান উত্তৰ-পূব স্নাতক কংগ্ৰেছ (এন ই জি চি) আয়োজন কৰা হৈছে  ২১ ৰ পৰা ২৩ ফেব্ৰুৱাৰীলৈ। বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ইউনিভাৰ্ছিতি অৱ চায়েন্স এণ্ড টেকনলজী মেঘালয় (ইউ এছ টি এম) ৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে ইউএছটিএমৰ প্ৰ' উপাচাৰ্য ডo বলেন্দ্ৰ কুমাৰ দাসে। তেওঁ লগতে কয়-

অষ্টম বাৰৰ বাবে অনুষ্ঠিত হোৱা এই মেগা যুৱ মহোৎসৱত অংশ গ্ৰহন কৰিব উত্তৰ-পূবৰ প্ৰায় ৩০০খন মহাবিদ্যালয়ৰ পৰা ১০ হেজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে। এই বৃহৎ যুৱ অনুষ্ঠানৰ প্ৰতিযোগিতাসমূহ ২১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু পুৰস্কাৰ বিতৰণৰ সৈতে ২৩ ফেব্ৰুৱাৰীত সামৰণি পৰিব। সামৰণিৰ পূৰ্বে অৰ্থাৎ ২২ ফেব্ৰুৱাৰীত ইউএছটিএমত "ৱান ডে জাষ্ট ফৰ ইউ" শীৰ্ষক এক অনুষ্ঠানত বহুকেইজন আঞ্চলিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংস্কৃতিক শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব।

এন ই জি চিৰ মুখ্য উদ্দেশ্য হৈছে অঞ্চলটোৰ যুৱক-যুৱতীসকলক তেওঁলোকৰ জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰাত সহায় কৰা, প্ৰতিযোগিতামূলক ভাৱধাৰা গঢ়ি তোলা, যুৱক-যুৱতীসকলৰ মাজত সামাজিক সম্প্ৰীতি আৰু ভাতৃত্ববোধ গঢ়ি তোলা। ইয়াত  বুদ্ধিজীৱী, সাংস্কৃতিক আৰু ক্ৰীড়া আইকন, মোটিভেচনেল স্পীকাৰকে ধৰি  বহুতো  বিশিষ্ট ব্যক্তিসকলৰ সমাগম হব। এই অনুষ্ঠানত আয়োজিত বিভিন্ন প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীসকলক মুঠ ৫০ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ'ব।এন ই জি চিৰ এই অষ্টম সংস্কৰণত বিভিন্ন প্ৰতিযোগিতা সমূহৰ ভিতৰত আছে সাংস্কৃতিক, কুইজ, বিতৰ্ক, ক্ৰীড়া, সূক্ষ্ম কলা আৰু উদ্ভাৱন আৰু ব্যৱসায়িক আইডিয়াথন। সাংস্কৃতিক প্ৰতিযোগিতাত বিভিন্ন মহাবিদ্যালয়ৰ দ্বাৰা সাংস্কৃতিক প্ৰদৰ্শন, দলীয় নৃত্য, দলীয় গীত ইত্যাদিৰ লগতে অন স্পট পেইন্টিং, আকস্মিক বক্তৃতা, ফটোগ্ৰাফী আৰু ৰিল মেকিং আদি প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব। ক্ৰীড়া প্ৰতিযোগিতাসমূহৰ ভিতৰত আছে: পাৱাৰ লিফটিং, আৰ্ম ৰেছলিং, দবা, ঘোঁৰা চলোৱা, ভলীবল, বাস্কেটবল, কাবাডী আৰু বেডমিণ্টন। বিতৰ্ক প্ৰতিযোগিতাখনৰ বিষয়বস্তু হৈছে “এন ই পি ইজ এ গেম চেঞ্জাৰ”। এই অনুষ্ঠানৰ বিশেষ আকৰ্ষণ হৈছে চাকৰি মেলা।

তদুপৰি বিশেষ অধিৱেশন অনুষ্ঠিত হ'ব যেনে, “যুৱক-যুৱতীৰ ভূমিকা: ভাৰত ২০৪৭” শীৰ্ষক আলোচনা, “যুৱ আৰু উদ্যোগীকৰণ”, “ব্যক্তিত্ব বিকাশ আৰু দক্ষতা”, প্ৰতিযোগিতামূলক পৰীক্ষা আদি, য'ত সংশ্লিষ্ট ক্ষেত্ৰৰ বিশেষজ্ঞসকলে যুৱক-যুৱতীসকলক সম্বোধন কৰিব।উত্তৰ- পূৰ্বাঞ্চলৰ সকলো শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ স্নাতক পৰ্যায়ত অধ্যয়ন কৰি থকা সকলো শিক্ষাৰ্থীয়ে প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিবলৈ যোগ্য। বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলক দুচকীয়া বাহন, লেপটপ, টেবলেট, মোবাইল ফোন আৰু নগদ পুৰস্কাৰকে ধৰি আকৰ্ষণীয় বঁটা প্ৰদান কৰা হ'ব। বঁটা শ্ৰেণীৰ বিশেষ আকৰ্ষণ হৈছে: ‘শ্ৰেষ্ঠ স্নাতক’, ‘শ্ৰেষ্ঠ প্ৰদৰ্শন মহাবিদ্যালয়’, ‘শ্ৰেষ্ঠ আলোচনী বঁটা’ আৰু ‘শ্ৰেষ্ঠ অনুশাসিত মহাবিদ্যালয়’। সকলো অংশগ্ৰহনকাৰীক প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব।কংগ্ৰেছত অংশগ্ৰহণ কৰা সকলো অংশগ্ৰহণকাৰীয়ে পঞ্জীয়ন প্ৰ-পত্ৰ পূৰণ কৰি আয়োজক সম্পাদক এন ই জি চিৰ ওচৰত জমা দিব লাগিব। সবিশেষ জানিবলৈ আগ্ৰহী অংশগ্ৰহণকাৰীসকলে ৭০০২২-৩৮৮৩৫ / ৮৪৭২৮-২৯০৭৮/ ৯৮৬৪৭-৭৭৭৯৯ / ৮৬৩৮৬-৮৬৩৭৩ / ৯৪৩৫২-৮৪০৩৯ / ৮১৩৪৮-৮৪৪৩৯ নম্বৰত যোগাযোগ কৰিব পাৰে বা www.ustm.ac.in ত লগ অন কৰিব পাৰে। অনলাইন পঞ্জীয়ন ১২ ফেব্ৰুৱাৰীৰ ভিতৰত কৰিব লাগিব আৰু এন ই জি চি-২০২৫ৰ বাবে পঞ্জীয়ন প্ৰ-পত্ৰ ইউ এছ টি এম ৱেবছাইটত উপলব্ধ হৈছে।' সংবাদ মেলত   বিশ্ববিদ্যালয়খনৰ ছাত্ৰ কল্যাণৰ  সহকাৰী সঞ্চালক ঋষিপৰ্ণা চৌধুৰী, জুলি বেজবৰুৱা উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here