W7s news,,গুৱাহাটী, ১৬ জানুৱাৰী, ২০২৫: অহা ২১ জানুৱাৰীত প্ৰত্যক্ষ বিক্ৰী উদ্যোগৰ আলোচনাৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হ’ব গুৱাহাটী। ২১ জানুৱাৰী, ২০২৫ৰ পৰা গুৱাহাটীত আৰম্ভ হ’ব আই ডি এছ এ নৰ্থ ইষ্ট ডাইৰেক্ট চেলিং কনফাৰেন্স এণ্ড এক্সপ’ৰ দ্বিতীয় সংস্কৰণ। উল্লেখ্য যে, এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত চহৰখনৰ বিশিষ্ট চৰকাৰী ব্যক্তি, উদ্যোগৰ শীৰ্ষ নেতা, নীতি নিৰ্ধাৰক, শিক্ষাবিদ আৰু সমাজকৰ্মীসকল একত্ৰিত হ’ব।
ভাৰতীয় প্ৰত্যক্ষ বিক্ৰী সংস্থা (আইডিএছএ)ৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত উদ্যোগৰ বিকাশ, নিয়ন্ত্ৰণ কাঠামো, গ্ৰাহক সজাগতা, নীতিগত পৰামৰ্শ, আৰু প্ৰত্যক্ষ বিক্ৰীৰ জৰিয়তে মহিলা আৰু যুৱক-যুৱতীসকলৰ সবলীকৰণ আদি গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।শুকুৰবাৰে আইডিএছএয়ে প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, এই অনুষ্ঠানত অনুষ্ঠিত হ’বলগীয়া বৃহৎ প্ৰদৰ্শনীত অংশগ্ৰহণকাৰী কোম্পানীসমূহে নিজৰ সামগ্ৰী, সেৱা আৰু অন্যান্য উদ্ভাৱনসমূহ প্ৰদৰ্শন কৰিব। ইয়াৰ উপৰিও উত্তৰ-পূব অঞ্চলৰ সফল মহিলা উদ্যোগীসকলক স্বীকৃতি প্ৰদান, কলেজ আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰত্যক্ষ বিক্ৰী উদ্যোগীসকলৰ ভাৱ-বিনিময় তথা এক অনন্য সাংস্কৃতিক প্ৰদৰ্শনী অনুষ্ঠিত হ’ব। লগতে, এই প্ৰদৰ্শনীত উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰা মডেলসকলৰ দ্বাৰা প্ৰডাক্ট ৰেম্প ৱাকৰ জৰিয়তে উত্তৰ-পূবৰ সংস্কৃতি আৰু উদ্ভাৱনৰ অনন্য মাধুৰ্য্যক তুলি ধৰি প্ৰত্যক্ষ বিক্ৰী উদ্যোগক উৰ্ধ্বগামী গতি প্ৰদানৰো প্ৰয়াস কৰা হ’ব।
প্ৰেছ বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে যে ভাৰতৰ প্ৰত্যক্ষ বিক্ৰী উদ্যোগে ইতিমধ্যে ২১,২৮২ কোটি টকাৰ বজাৰ সৃষ্টি কৰি বিশ্বৰ ভিতৰতে ১১ সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছে। ২০২২-২৩ চনত এই উদ্যোগটোৰ বৃদ্ধি আছিল ১২%, আৰু ইয়াৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ (চিএজিআৰ) হৈছে ৮%তকৈ অধিক। এই উদ্যোগটোৱে ৩২ লাখ মহিলাকে ধৰি ৮৬ লাখতকৈ অধিক লোকক আত্মনিয়োগৰ সুযোগ প্ৰদান কৰিছে। ইয়াৰ দ্বাৰা দেশৰ আৰ্থ-সামাজিক পৰিৱৰ্তনত উদ্যোগৰ গুৰুত্বপূৰ্ণ ভূমিকা প্ৰমাণিত হৈছে।
বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি, উত্তৰ-পূব ভাৰতত ৮.৭% বজাৰ অংশীদাৰিত্বৰে ই ৰাষ্ট্ৰীয় আয়ত ১৮০০ কোটি টকাৰো অধিক বৰঙণি আগবঢ়াইছে আৰু অঞ্চলটোৰ ৪.২ লাখৰো অধিক প্ৰত্যক্ষ বিক্ৰী কৰ্মীক স্বাৱলম্বী আয়ৰ সুযোগ প্ৰদান কৰিছে। দেশৰ ভিতৰতে নৱম বৃহত্তম প্ৰত্যক্ষ বিক্ৰীৰ বজাৰ হিচাপে পৰিগণিত হোৱা অসমে ২.৪ লাখৰো অধিক প্ৰত্যক্ষ বিক্ৰেতাৰ সহযোগত ১০০৯ কোটি টকাৰ বিক্ৰী আৰু ৪.৭% বজাৰ অংশীদাৰিত্বৰে নিজৰ স্থিতি সবল কৰিবলৈ সক্ষম হৈছে। উত্তৰ-পূবৰ আন সাতখন ৰাজ্যৰ অৱদান হৈছে- মণিপুৰ (২৮৮ কোটি টকা), নাগালেণ্ড (২২৭ কোটি টকা), মিজোৰাম (১৫৬ কোটি টকা), অৰুণাচল প্ৰদেশ (৭৮ কোটি টকা), ত্ৰিপুৰা (৭২ কোটি টকা), মেঘালয় (১৯ কোটি টকা), আৰু ছিকিম (৫ কোটি টকা)। এই উদ্যোগটোৱে প্ৰতি বছৰে অঞ্চলটোৰ ৰাজকোষত ২৭০ কোটি টকাৰো অধিক বৰঙণি আগবঢ়াই আহিছে, যাৰ ফলত উত্তৰ-পূব ভাৰতৰ উন্নয়নত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আৰু অধিক শক্তিশালী প্ৰমাণিত হৈছে।
আইডিএছএৰ মতে, ২০২৫ চনৰ নৰ্থ ইষ্ট ডাইৰেক্ট চেলিং এক্সপ’ই উদ্যোগ বিকাশ, উদ্ভাৱন আৰু সহযোগিতাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰিব, আৰু ভাৰতৰ প্ৰত্যক্ষ বিক্ৰী খণ্ডত উত্তৰ-পূবৰ গুৰুত্বপূৰ্ণ ভূমিকাক আৰু অধিক সুদৃঢ় কৰি তুলিব।
No comments:
Post a Comment