উত্তৰ-পূব ভাৰতত তাজ চিমেণ্টৰ দ্বাৰা ব্যাপক পথ সুৰক্ষা অভিযান আৰম্ভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 18 January 2025

উত্তৰ-পূব ভাৰতত তাজ চিমেণ্টৰ দ্বাৰা ব্যাপক পথ সুৰক্ষা অভিযান আৰম্ভ


 


W7s news,,,গুৱাহাটী, ১৭ জানুৱাৰী, ২০২৫: উত্তৰ-পূব ভাৰতৰ বিভিন্ন প্ৰান্তত পথ সুৰক্ষা সজাগতাৰ এক ব্যাপক অভিযান আৰম্ভ কৰিছে জনপ্ৰিয় চিমেণ্ট ব্ৰেণ্ড তাজ চিমেণ্টে।

গুৱাহাটী, শ্বিলং আৰু গোলাঘাটৰ বিভিন্ন স্থানত পথ সুৰক্ষা সজাগতা অভিযানৰ আয়োজন কৰাৰ লগতে আকৰ্ষণীয় ছ’চিয়েল মিডিয়া অভিযানৰ জৰিয়তে নেটিজেনসকলৰ কাষ চাপিছে তাজ চিমেন্ট। উল্লেখ্য যে, অঞ্চলটোত ক্ৰমবৰ্ধ্বমান পথ দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত এই অভিযানৰ মূল লক্ষ্য হৈছে জনসাধাৰণক হেলমেট ব্যৱহাৰৰ প্ৰয়োজনীয়তা, ছিটবেল্ট পৰিধান, মদ্যপান কৰি গাড়ী চলোৱা আৰু অত্যধিক বেগত গাড়ী চলোৱাৰ বিপদৰ বিষয়ে সজাগ কৰা।

মন কৰিবলগীয়া যে, উত্তৰ-পূব ভাৰতত বৃদ্ধি পোৱা পথ দুৰ্ঘটনা আৰু মৃত্যুৰ হাৰ ৰোধৰ বাবে সামাজিক দায়বদ্ধতাৰ অংশ হিচাপে এই পথ সুৰক্ষা অভিযান আৰম্ভ কৰিছে তাজ চিমেণ্টে। 


এই পদক্ষেপ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তাজ চিমেণ্টৰ গ্ৰুপ চিএফঅ’ সঞ্জীৱ সুৰেখাই কয়, “উত্তৰ-পূব ভাৰতৰ সৈতে আমাৰ এক গভীৰ সম্পৰ্ক আছে, আৰু ইয়াৰ জনসাধাৰণৰ কল্যাণৰ বাবে অৰিহণা যোগোৱাটো আমাৰ দায়িত্ব। এই অভিযানৰ জৰিয়তে আমি দায়িত্বশীল পথ ব্যৱহাৰক উৎসাহিত কৰিব বিচাৰো আৰু সকলোকে গতিতকৈ সুৰক্ষাক অগ্ৰাধিকাৰ দিবলৈ অনুপ্ৰাণিত কৰিব বিচাৰিছোঁ।”এই অভিযানৰ অংশ হিচাপে তাজ চিমেণ্টৰ দলটোৱে ৰাজপথলৈ ওলাই আহি চালক আৰু যাত্ৰীসকলক যান-বাহনৰ নিয়ম মানি চলিবলৈ আহ্বান জনাইছে। তদুপৰি, তেওঁলোকে দায়িত্বশীল পথ ব্যৱহাৰৰ গুৰুত্ব সম্পৰ্কেও সজাগতা সৃষ্টি কৰি আছে।উল্লেখ্য যে, স্বচ্ছ ব্যৱসায়িক পদ্ধতি আৰু বহনক্ষম উন্নয়নৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰি শেহতীয়াকৈ তাজ চিমেণ্টে ঘোষণা কৰিছে তেওঁলোকৰ সততাপূৰ্ণ চিমেণ্ট অভিযানৰ। এই অভিযানৰ জৰিয়তে কোম্পানীটোৱে কেৱল আন্তঃগাঁথনি নিৰ্মাণৰ প্ৰতিয়েই নহয়, অধিক সুৰক্ষিত আৰু অধিক দায়িত্বশীল সমাজ গঢ়ি তোলাৰ প্ৰতিও নিজৰ দায়বদ্ধতা প্ৰকাশ কৰিবলৈ সক্ষম হৈছে।


এই পথ সুৰক্ষা অভিযানত পথচাৰীৰ সৈতে প্ৰত্যক্ষ যোগাযোগ, কিয়স্ক স্থাপন, আৰু যুৱক-যুৱতীসকলক আকৰ্ষণ কৰিবলৈ ছ’চিয়েল মিডিয়া অভিযান আদিৰ ব্যৱস্থা কৰা হ’ব। এই পদক্ষেপৰ জৰিয়তে অঞ্চলটোৰ পথ সুৰক্ষাৰ সঠিক অভ্যাস গঢ়ি তুলি সমাজত এক ইতিবাচক পৰিৱৰ্তন আনিবলৈ সক্ষম হ’ব বুলি আশা কৰিছে তাজ চিমেণ্টে।


ইপিনে, কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয় (এমঅ’আৰটিএইচ)-এ সকলোৰে বাবে সুৰক্ষিত পথ বাৰ্তাৰে ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ পালন কৰি আছে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ। এই পদক্ষেপৰ জৰিয়তে মন্ত্ৰালয়ে বিভিন্ন অনুষ্ঠান আৰু কাৰ্যসূচীৰ জৰিয়তে সকলো অংশীদাৰ, নাগৰিক আৰু যুৱ সমাজক একত্ৰিত কৰিবলৈ চেষ্টা কৰিছে। এই মাহজোৰা অভিযানৰ লক্ষ্য হৈছে যুৱক-যুৱতীসকলৰ মাজত সজাগতা বৃদ্ধি কৰা, পৰিৱৰ্তন আনিবলৈ অনুপ্ৰাণিত কৰা, আৰু দেশজুৰি পথ দুৰ্ঘটনাৰ ফলত হোৱা মৃত্যু আৰু আঘাত হ্ৰাস কৰাত তেওঁলোকৰ ভূমিকা বৃদ্ধি কৰা। লক্ষ্যণীয় যে, পথ সুৰক্ষা হৈছে এক সামূহিক দায়িত্ব, আৰু সেয়েহে এখন সুৰক্ষিত সমাজ গঢ়ি তুলিবলৈ তথা পথ সুৰক্ষাৰ গুৰুত্ব বুজি আনকো পদক্ষেপ লোৱাৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰিবলৈ যুৱক-যুৱতীসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈ আহিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here