ভাৰতক হালধিৰ গ্ল’বেল হাব কৰি তোলাক লৈ আই চি আৰ আই ই আৰ, এমৱেৰ যৌথ প্ৰতিবেদন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 21 January 2025

ভাৰতক হালধিৰ গ্ল’বেল হাব কৰি তোলাক লৈ আই চি আৰ আই ই আৰ, এমৱেৰ যৌথ প্ৰতিবেদন


 

২০৩০ৰ ভিতৰত হালধিৰ ৰপ্তানি ১ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ লক্ষ্য ভাৰতৰ

W7s news,,নতুন দিল্লী, জানুৱাৰী, ২০২৫: ৰাষ্ট্ৰীয় হালধি ব’ৰ্ড গঠনৰ কথা ঘোষণা কৰাৰ এদিন পিচতে ইণ্ডিয়ান কাউন্সিল ফৰ ৰিছাৰ্চ অন ইন্টাৰনেচনেল ইকনমিক ৰিলেচনছ (আই চি আৰ আই ই আৰ) আৰু এমৱে ইণ্ডিয়া এণ্টাৰপ্ৰাইজ প্ৰাইভেট লিমিটেডে “ভাৰতক হালধিৰ গ্ল’বেল হাব কৰি তোলা” শীৰ্ষক এক বিস্তৃত যৌথ প্ৰতিবেদন প্ৰকাশ কৰে। ইয়াত হালধিৰ খেতিয়কসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাত কৰি বিশ্ব হালধি বজাৰত ভাৰতৰ স্থান উন্নত কৰিবলৈ এক কৌশলগত ৰোডমেপ আগবঢ়াইছে। মঙলবাৰে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে উত্তৰ তেলেংগানাৰ নিজামাবাদত উদ্বোধন কৰে ৰাষ্ট্ৰীয় হালধি ব’ৰ্ডৰ কাৰ্যালয়। নতুন ব’ৰ্ডৰ লক্ষ্য হৈছে ২০৩০ৰ ভিতৰত হালধিৰ ৰপ্তানি ১ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি কৰা।আই চি আৰ আই ই আৰ-এমৱে প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ২০২০ত বিশ্বৰ ৫৮.২ নিযুত মাৰ্কিন ডলাৰৰ হালধিৰ বজাৰখন ২০২৮ৰ ভিতৰত ১৬.১ শতাংশ চক্ৰবৃদ্ধি হাৰত বিকাশ লাভৰ আশা কৰা হৈছে। কিন্তু ভাৰতীয় হালধি কৃষকসকলে এইক্ষেত্ৰত মূল্যৰ হ্ৰাস-বৃদ্ধি, সীমিত বজাৰত প্ৰৱেশৰ সুবিধা, আৰু খেতি  চপোৱাৰ পিছৰ অপৰ্যাপ্ত আন্তঃগাঁথনিৰ দৰে সমস্যাৰ সন্মুখীন হৈ আহিছে। ভাৰতে ২০২৩-২৪ত ২৯৭,৪৬০ হেক্টৰ কৃষি ভূমিত ১,০৪১,৭৩০ মেট্ৰিক টন হালধি উৎপাদন কৰা হয় যদিও উৎপাদন সুস্থিৰ আৰু কৃষক সবলীকৰণৰ বাবে হস্তক্ষেপৰ অতি প্ৰয়োজন।


এই প্ৰতিবেদন অনুসৰি তৃতীয় পক্ষৰ স্বীকৃতিপ্ৰাপ্ত জৈৱিক খেতিয়ে কৃষকসকলক উন্নত মূল্য লাভ কৰাত সহায় কৰে, কিন্তু ই যথেষ্ট ব্যয়বহুল আৰু ইয়াত কোনো ৰাজসাহায্য নাই। সেয়েহে প্ৰতিবেদনে তৃতীয় পক্ষৰ জৈৱিক খেতিৰ বাবে ৰাজসাহায্যৰ পৰামৰ্শ আগবঢ়াইছে।প্ৰতিবেদনত এই কথাও আঙুলিয়াই দিয়া হৈছে যে ভাৰতে বিশ্বৰ চাহিদাৰ মাত্ৰ ১০ শতাংশহে এম আৰ এলযুক্ত উচ্চ কাৰ্কিউমিন (৫ শতাংশতকৈ অধিক) হালধি যোগান ধৰিবলৈ সক্ষম হৈছে। সেয়েহে বিকশিত কৰিবলৈ গৱেষণা আৰু বিকাশৰ প্ৰয়োজন। ভাৰতত ৩০ টাতকৈও অধিক জাতৰ হালধি আছে আৰু ইয়াত অধিক জি আই সামগ্ৰীৰ সম্ভাৱনা আছে। গতিকে ৫ শতাংশতকৈ অধিক কাৰ্কিউমিনযুক্ত সামগ্ৰীত জি আই সুৰক্ষিত কৰাত গুৰুত্ব দিব লাগে বুলিও প্ৰকাশ পাইছে এই প্ৰতিবেদনত।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here