W7s news গুৱাহাটী, ২১ প্ৰত্যক্ষ বিক্ৰীৰ ক্ষেত্ৰত এক অনন্য নজিৰ গঢ়ি প্ৰায় ১৬ শতাংশ বৃদ্ধি লাভ কৰিবলৈ সক্ষম হৈছে উত্তৰ-পূবে। উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যই ২০২২-২৩ বৰ্ষত পূৰ্বৰ বছৰৰ তুলনাত ২৫৫ কোটি টকাৰ বিক্ৰী বৃদ্ধিৰে মুঠ ১৮৫৪ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে। গুৱাহাটীত অনুষ্ঠিত হোৱা দ্বিতীয় উত্তৰ-পূব প্ৰত্যক্ষ বিক্ৰী সন্মিলন আৰু প্ৰদৰ্শনীত আজি এই তথ্য সদৰী কৰে ভাৰতীয় প্ৰত্যক্ষ বিক্ৰী সন্থাই।
উল্লেখ্য যে, প্ৰত্যক্ষ বিক্ৰী উদ্যোগৰ (ডিএছআই) মুঠ ২১,২৮২ কোটি টকাৰ ৰাষ্ট্ৰীয় ব্যৱসায়ৰ ৮.৭ শতাংশ অৰিহণা যোগাই আহিছে উত্তৰ-পূৰ্বাঞ্চলে। ইয়াৰ ফলত ৪.২ লাখৰো অধিক লোকৰ বাবে আত্মনিৰ্ভৰশীলতাৰ সুযোগ সৃষ্টি হৈছে বুলি আইডিএছএ-য়ে জনায়। ইয়াৰ উপৰিও অসমে ১০০৯ কোটি টকাৰ বিক্ৰী, বাৰ্ষিক ১৩ শতাংশ প্ৰবৃদ্ধি আৰু ৪.৭ শতাংশ ৰাষ্ট্ৰীয় বজাৰ অংশীদাৰিত্বৰে দেশৰ নৱম বৃহত্তম প্ৰত্যক্ষ বিক্ৰী বজাৰ হিচাপে শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিছে। এই সফলতাৰ ভেঁটি স্থাপন কৰিছে অসমৰ ২.৪ লাখৰো অধিক প্ৰত্যক্ষ বিক্ৰেতাই।
অন্যহাতে বাকী সাতখন ৰাজ্যৰ মুঠ অৱদান হৈছে ৮৪৫ কোটি টকা। ইয়াৰ ভিতৰত নাগালেণ্ডৰ ২২৭ কোটি টকা, মিজোৰামৰ ১৫৬ কোটি টকা, অৰুণাচল প্ৰদেশৰ ৭৮ কোটি টকা, ত্ৰিপুৰাৰ ৭২ কোটি টকা, মেঘালয়ৰ ১৯ কোটি টকা আৰু ছিকিমৰ ৫ কোটি টকাৰ অৰিহণা আছে। তদুপৰি মিজোৰাম (৩১%), ছিকিম (২৫%), নাগালেণ্ড (২২.৭%) আৰু মণিপুৰ (২০%)ত উল্লেখযোগ্য বৃদ্ধি দেখা গৈছে। আইডিএছএৰ তথ্য অনুসৰি এই উদ্যোগটোৱে প্ৰতি বছৰে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ৰাজকোষত ৩০০ কোটি টকাৰ বৰঙণি আগবঢ়ায়, যিয়ে অঞ্চলটোৰ উন্নয়নত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা প্ৰমাণ কৰে।
অসম চৰকাৰৰ গ্ৰাহক পৰিক্ৰমা বিভাগৰ সচিব অনুসূয়া দত্ত বৰুৱাই তেওঁৰ মূল ব্যক্তব্যত কয় যে ৰাজ্যখনে প্ৰত্যক্ষ বিক্ৰী উদ্যোগৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি কৰাৰ সমান্তৰালভাৱে গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আহিছে। তেওঁ গ্ৰাহকৰ বাবে সামগ্ৰীৰ মান নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিভাগৰ পৰা উদ্যোগটোক সকলো সম্ভাৱ্য সমৰ্থনৰ আশ্বাস দিয়ে। তেওঁ লগতে জনায় যে বিভাগে গ্ৰাহক সুৰক্ষা (প্ৰত্যক্ষ বিক্ৰী) নিয়ম ২০২১ৰ অধীনত গঠন কৰা নিৰীক্ষণ ব্যৱস্থাত আইডিএছএক বিষয় বিশেষজ্ঞ হিচাপে অন্তৰ্ভুক্ত কৰিছে।
প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ অধ্যক্ষা আৰু পৰিচালন সঞ্চালিকা শ্ৰীমতী ৰিণিকি ভূঞা শৰ্মাই সমাজ আৰু ৰাষ্ট্ৰীয় উন্নয়নলৈ মহিলাসকলে আগবঢ়োৱা অৱদানৰ শলাগ লয়। লগতে, পূৰ্বৰ পৰম্পৰাগত সংকীৰ্ণ বিচাৰধাৰাৰ সীমা অতিক্ৰম কৰি মহিলাসকলে আজি বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে বুলিও তেওঁ উল্লেখ কৰে। প্ৰত্যক্ষ বিক্ৰী খণ্ডত মহিলাসকলৰ উদ্যোগী মনোভাৱৰ ওপৰত আলোকপাত কৰি তেওঁ তেওঁলোকৰ সাফল্যৰ জৰিয়তে অনুপ্ৰেৰণাদায়ক উদাহৰণ স্থাপন কৰাৰ সামৰ্থ্যৰ ভূয়সী প্ৰশংসা কৰে। শ্ৰীমতী শৰ্মাই অনুষ্ঠানটোত সন্মানিত মহিলাসকলক অভিনন্দন জনায় আৰু এনে ধৰণৰ পদক্ষেপ আয়োজন কৰাৰ বাবে আইডিএছএক প্ৰশংসা কৰে, যিয়ে এক বৃহৎ পৰিসৰৰ জনতাক এই পৰিৱৰ্তনশীল যাত্ৰাত যোগদান কৰিবলৈ অনুপ্ৰাণিত কৰিবলৈ সক্ষম হ’ব।
আইডিএছএৰ অধ্যক্ষ বিবেক কাটোচে কয়, “উত্তৰ-পূব ভাৰত ডিএছআইৰ বাবে এক গুৰুত্বপূৰ্ণ আৰু প্ৰাথমিক বজাৰ হিচাপে চিহ্নিত হৈ আহিছে। এই বৃদ্ধিৰ পৰিসংখ্যাই স্পষ্টভাৱে প্ৰতিফলিত কৰে যে ই এই অঞ্চলত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হৈছে, যি হৈছে প্ৰত্যক্ষ বিক্ৰেতাসকলৰ অক্লান্ত পৰিশ্ৰমৰ ফল। এই উদ্যোগটোৱে ১২%তকৈ অধিক বৃদ্ধি লাভ কৰিছে আৰু প্ৰায় ৮৬ লাখ ভাৰতীয়ক স্থায়ী আত্মনিৰ্ভৰশীলতা প্ৰদান কৰিছে, যিটো সামঞ্জস্যপূৰ্ণ আৰু গতিশীল বৃদ্ধিৰ প্ৰমাণ। আইডিএছএৰ সদস্য কোম্পানীসমূহে নিশ্চিতভাৱে দাবী কৰিব পাৰে যে তেওঁলোকে গ্ৰাহক আৰু অঞ্চলটোৰ ৪.২ লাখ প্ৰত্যক্ষ বিক্ৰেতাৰ স্বাৰ্থ সম্পূৰ্ণৰূপে সুৰক্ষিত কৰিছে। তেওঁ লগতে কয়, অসমৰ লগতে আন ৯খন ৰাজ্যই বৰ্তমানলৈকে গ্ৰাহক সুৰক্ষা (প্ৰত্যক্ষ বিক্ৰী) নিয়ম, ২০২১ৰ অধীনত নিৰীক্ষণ সমিতি গঠন কৰিছে। অন্য ৰাজ্যসমূহেও এই প্ৰক্ৰিয়া অনুসৰণ কৰিব।”
দিনজোৰা এই অনুষ্ঠানত উদ্যোগৰ নেতৃবন্দ, বিশেষজ্ঞ আৰু নীতি নিৰ্ধাৰকসকলে উদ্যোগৰ বিকাশ, নিয়ন্ত্ৰণ কাঠামো, গ্ৰাহক সজাগতা, সংস্কাৰ, নীতি সমৰ্থন, আৰু প্ৰত্যক্ষ বিক্ৰীৰ সুযোগৰ জৰিয়তে মহিলা আৰু যুৱক-যুৱতীসকলক সবলীকৰণৰ দৰে মূল বিষয়সমূহৰ ওপৰত আলোচনা কৰে। এই অনুষ্ঠানতে অঞ্চলটোৰ ৪৫ গৰাকী মহিলা উদ্যোগীক প্ৰত্যক্ষ বিক্ৰীৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে সম্বৰ্ধনা জনোৱা হয়। তদুপৰি অনুষ্ঠানৰ সময়ত পৰম্পৰাগত উত্তৰ-পূবৰ সাজ-পোছাকত সামগ্ৰীৰ ৰেম্প ৱাকৰ লগতে প্ৰত্যক্ষ বিক্ৰী উদ্যোগৰ বৈচিত্ৰ্য আৰু উদ্ভাৱন প্ৰদৰ্শন কৰা এক বৃহৎ প্ৰদৰ্শনীও অনুষ্ঠিত কৰা হয়।
এই অনুষ্ঠানত আইডিএছএৰ সচিব ৰজত বেনাৰ্জী, ফিটনেছ আৰু পুষ্টি প্ৰশিক্ষক ৰুচি ভৰদ্বাজ বৰুৱাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিসহ বহুসংখ্যক প্ৰত্যক্ষ বিক্ৰেতা উপস্থিত থাকে।
No comments:
Post a Comment