৬ষ্ঠ মণিকাঞ্চন নৃত্য মহোৎসৱ - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Wednesday, 15 January 2025

demo-image

৬ষ্ঠ মণিকাঞ্চন নৃত্য মহোৎসৱ

Responsive Ads Here

IMG-20250114-WA0170

 

●দুটা দৰ্শনীৰে 'পুৰুষোত্তম ৰাম' মঞ্চস্থ 



W7s news,,ৰামায়ণৰ কাহিনীৰ ভিত্তিত সত্ৰীয়া নৃত্যশৈলীত, মহানগৰীত দুটা দৰ্শনীত প্ৰদৰ্শিত হয় 'পুৰুষোত্তম ৰাম' শীৰ্ষক এখন নৃত্য নাটিকা। সত্ৰীয়া নৃত্যৰ অন্যতম শিক্ষাকেন্দ্ৰ, বেলতলাস্থিত মণিকাঞ্চন কলা মঞ্জৰীৰ বাৰ্ষিক নৃত্য মহোৎসৱ 'মণিকাঞ্চন নৃত্য মহোৎসৱ'ৰ ষষ্ঠ সংস্কৰণৰ দ্বিতীয় দিনা নৃত্য নাটিকা খনি মঞ্চস্থ কৰা হয়। যোৱা ৬ আৰু ৭ জানুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত এই অনন্য শাস্ত্ৰীয় নৃত্য মহোৎসৱ অনুষ্ঠিত হৈ যায়। নৃত্য নাটিকা খনিৰ সামগ্ৰিক পৰিকল্পনা, পৰিচালনা আৰু নৃত্য সংৰচনা ওস্তাদ বিছমিল্লা খান যুৱ বঁটাপ্ৰাপক সত্ৰীয়া নৃত্য শিল্পীদ্বয় দীপজ্যোতি দাস আৰু দীপাংকৰ আৰান্ধৰাৰ। সংগীত ভাস্কৰজ্যোতি ওজাৰ। সংগীত ব্যৱস্থাপনা বিষ্ণু শৰ্মাৰ। পোহৰ ব্যৱস্থাপনা তপন বৰুৱা আৰু ডিম্পল দাসৰ। প্ৰায় ২৫ গৰাকী শিক্ষাৰ্থীয়ে নৃত্যনাটিকাখনত অংশগ্ৰহণ কৰে। মহোৎসৱৰ প্ৰথম দিনা সংগীত নাটক একাডেমি বঁটাৰে বিভূষিত মুম্বাইৰ প্ৰসিদ্ধ ভৰতনাট্যম শিল্পী দীপক মজুমদাৰে অনুষ্ঠান পৰিৱেশন কৰি আটাইকে আপ্লুত কৰে। অনুষ্ঠানত অলিগুঞ্জন কলিতা মুদিয়াৰ আৰু চন্দ্ৰানী কলিতা ওজাৰ কথক নৃত্যৰ অনুষ্ঠানৰ লগতে মণিকাঞ্চন কলা মঞ্জৰীৰ শিক্ষাৰ্থীসকলে কেইবাটাও সত্ৰীয়া নৃত্যৰ অনুষ্ঠান পৰিৱেশন কৰে। দীপজ্যোতি-দীপাংকৰৰ পৰিচালনাৰে 'নৰসিংহ' শীৰ্ষক এক নৃত্য সংৰচনাও উক্ত দিনাৰ অনুষ্ঠানত মঞ্চায়ন কৰা হয়। এই নৃত্য মহোৎসৱৰ লগত সংগতি ৰাখি মণিকাঞ্চন কলা মঞ্জৰীৰ তৰফৰ পৰা পদ্মশ্ৰী নৃত্যাচাৰ্য যতীন গোস্বামীক 'মণিকাঞ্চন জীৱনজোৰা সাধনা বঁটা'ৰে সন্মানিত কৰা হয়। বিশিষ্ট নাট্য শিল্পী দুলাল ৰয়, সত্ৰীয়া কেন্দ্ৰৰ সঞ্চালিকা প্ৰতিভা শৰ্মা, কথক নৃত্য গুৰু মৰমী মেধি, বিশিষ্ট ঝুমুৰ শিল্পী পদ্মশ্ৰী দুলাল মানকী, শিক্ষাবিদ ৰাজীৱ বৰুৱা, প্ৰশাসনিক বিষয়া মহানন্দ হাজৰিকা, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাস, স্বপ্ননীল বৰুৱা, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ, সংগীত নাটক একাডেমি বঁটাপ্ৰাপক শিল্পী হৰিচৰণ শইকীয়া আৰু ডেৰাডুনৰ বিশিষ্ট নৃত্য সমালোচক উষা ৰাধাকৃষ্ণণে সন্মানীয় অতিথি ৰূপে মহোৎসৱৰ দুয়োদিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। 

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *