সৰুসজাইত এফ চি গোৱাৰ বিৰুদ্ধে ঘৰুৱা চাপ নৰ্থ ইষ্ট ইউনাইটেডৰ - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Monday, 13 January 2025

demo-image

সৰুসজাইত এফ চি গোৱাৰ বিৰুদ্ধে ঘৰুৱা চাপ নৰ্থ ইষ্ট ইউনাইটেডৰ

Responsive Ads Here

 

NEUFC's%20Parthib%20Gogoi%20celebrating%20after%20scoring

FCG's%20Brison%20Fernandes%20celebrating%20with%20team%20mates%20Udanta%20Singh,%20Sahil%20Tavora%20and%20Boris%20Singh%20Thangjam%20after%20scoring

গুৱাহাটী, ১৩ জানুৱাৰী ঃ নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগ [আই এছ এল] ত গুৱাহাটীত খেলা সাতখন মেচৰ মাত্ৰ দুখনতহে জয়লাভ কৰিছে৷ ইতিমধ্যে লীগত ১৫ খন মেচ খেলা গুৱাহাটীৰ দলটোৱে যি ছয় খন মেচত জয় অৰ্জন কৰিছে তাৰ চাৰিখনে বাহিৰত খেলা৷


মঙলবাৰে সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত হ’বলগা মেচত নৰ্থ ইষ্ট ইউনাইটেড মুখামুখি হ’ব এফ চি গোৱাৰ৷ উল্লেখ্য যে চলিত লীগৰ উভয় দলে গোৱাত খেলা মেচখন ৩-৩ ত ড্ৰ হৈছিল৷ নখন মেচত অপৰাজেয় থাকি গুৱাহাটীলৈ আহিছে এফ চি গোৱা৷


চলিত ছিজনত গোৱাই ১৪ খন মেচৰ দুখনতহে পৰাজয়ৰ সন্মুখীন হৈছে৷ জামছেদপুৰৰ বিৰুদ্ধে পৰাজয়ৰে ছিজনৰ আৰম্ভনি কৰা গোৱা দলে যোৱা অক্টোবৰত মুম্বাই চিটীৰ বিৰুদ্ধে অন্তিমবাৰলৈ পইণ্ট এৰি দিছিল৷ কিন্তু তাৰপাছতে ক্ৰমাগত নখন মেচৰ ছয়খনত জয় তথা তিনিখন ড্ৰ খেলিছে৷


ইফালে, নৰ্থ ইষ্ট ইউনাইটেড যোৱা চাৰিখন মেচত অপৰাজেয় হৈ আছে৷ কিন্তু গুৱাহাটীত খেলা যোৱা দুখন মেচত দলে ড্ৰ খেলি পইণ্ট ভগাই লৈছে৷ গৃহভূমিত গুৱাহাটীৰ দলটোৱে তিনিখন ড্ৰ তথা দুখনত পৰাস্ত হৈছে৷ সৰুসজাইত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম জয় আছিল যোৱা নৱেম্বৰত ওড়িছা এফ চিৰ বিৰুদ্ধে৷


১৫ খন খেলৰ চাৰিখনত পৰাস্ত তথা পাঁচখন ড্ৰ খেলি ২৩ পইণ্ট অৰ্জনৰে তালিকাৰ পঞ্চম স্থানত থকা নৰ্থ ইষ্ট ইউনাইটেড কাইলৈৰ মেচতো স্বাভাৱিকতে ঘৰত খেলাৰ চাপৰ সন্মুখীন হ’ব৷ ইফালে, ১৪ খন খেলৰ সাতখনত জয়, দুখনত পৰাস্ত তথা পাঁচখন ড্ৰ খেলি চ্ছ পইণ্ট অৰ্জনৰে তালিকাৰ চতুৰ্থ স্থানত থকা গোৱাই কাইলৈ তিনি পইণ্টৰ লক্ষ্যৰে খেলি দ্বিতীয় স্থানলৈ উত্তৰণ কৰাৰ চেষ্টা কৰিব৷


উল্লেখ্য যে বৰ্তমান পইণ্ট তালিকাৰ দ্বিতীয় আৰু তৃতীয় স্থানত থকা বাংগালুৰু এফ চি আৰু জামছেদপুৰ এফ চিয়ে ২৭ পইণ্টকৈ লাভ কৰিছে৷ স্বাভাৱিকতে গোৱাৰ বাবে এয়া সুযোগ৷ বিপৰীতে নৰ্থ ইষ্ট ইউনাইটেডে চাপ নিয়ন্ত্ৰন কৰি তিনি পইণ্ট লাভ কৰাৰ আশা সফল হ’লে তালিকাত স্থিতি দৃঢ় কৰি ৰাখিব পাৰিব৷


‘কাইলৈৰ খেল অতি কঠিন হোৱাৰ লগতে কৌশলগত মেচ হ’ব৷ এফ চি গোৱা এটা খুবেই ভাল দল৷ আমি বহুত ধৈয্য ধৰিব লাগিব৷’ সংবাদমেত এই কথা ব্যক্ত কৰা নৰ্থ ইষ্ট ইউনাইটেডৰ সহকাৰী প্ৰশিক্ষক নৌছাদ মুছাই খেলুৱৈসকলক কাইলৈৰ মেচত সংযম ৰাখি খেলিবলৈ কয়৷


ইফালে,  এফ চি গোৱাৰ মুখ্য প্ৰশিক্ষক মানোলো মাৰ্কেজে যোৱা কেইখনমান মেচত ইতিবাচক ফলাফল পোৱাৰ বাবে তেওঁৰ দলটোৰ শলাগ লয়৷ ‘আমাৰ স্থিতিত আমি সন্তুষ্ট হ’ব নোৱাৰো৷ বিৰতিৰ পিছত দলসমূহে পইণ্ট লাভ কৰাটো কঠিন হৈ পৰিছে৷ কিন্তু আমি এই সময়তে অধিক পইণ্ট লাভ কৰিছো৷’ মাৰ্কেজে কয়৷

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *