'
W7s news,,,গুৱাহাটী, ২৬ অক্টোবৰ : বেলতলাৰ নাম্যা মেন’ৰত আজি “পৰম্পৰাগত বয়ন আৰু শিপিনীৰ বাবে আৰ্থিক অন্তৰ্ভুক্তি পুনৰুজ্জীৱিত কৰণ” শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়৷ গুৱাহাটী ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজি, জে ডি ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজিৰ প্ৰায় ২০ গৰাকী শিপিনী আৰু ছাত্ৰ-ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰে ৷ অসম দক্ষতা বিকাশ অভিযানৰ ৰাজ্যিক সহকাৰী প্ৰকল্প প্ৰৱন্ধক পিংকু চৌধুৰী, কামৰূপ মেট্ৰ’ৰ ডি আই চি চিৰ ফাংচনেল মেনেজাৰ মিষ্টাৰ পল্লৱজ্যোতি কোঁৱৰ, লিভ্লিহুড এণ্ড এণ্টাৰপ্ৰেনিউৰশ্বিপৰ উপদেষ্টা ড০ শ্ৰীপৰ্ণা বি বৰুৱা আৰু উদ্যোগী কিৰণ বড়োৱে আলোচনাচক্ৰত ভাগ লয় ৷ কবিতা বৰুৱা মেধিৰ উদ্যোগত মিলিজ কিউৰেচন ফাউণ্ডেচনে আয়োজন কৰা 'ডিজাইনাৰ কাম ৱিভাৰ শ্ব' 'উঘা চেৰেকি ২.০'ৰ অংশ হিচাপে এই আলোচনা চক্ৰৰ আয়োজন কৰা হয় ৷
এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে পৰম্পৰাগত অসমীয়া হস্ততাঁত শিপিনীসকলৰ চহকী সাংস্কৃতিক ঐতিহ্যক প্ৰচাৰ আৰু উদযাপন কৰাৰ লগতে বিভিন্ন শিক্ষণ মঞ্চত হস্ততাঁত শিক্ষাক সন্নিৱিষ্ট কৰা ৷
No comments:
Post a Comment