'
W7s news,,গুৱাহাটী, ২৭ অক্টোবৰ: বেলতলাৰ নাম্যা মেনৰত কালি নিশা অনুষ্ঠিত হৈ যায় 'উঘা চেৰেকী ২.০' শীৰ্ষক এক অনন্য ফেশ্বন শ্ব'। ডিজাইনাৰ কবিতা বৰুৱা মেধিৰ মিলিজ কিউৰেচন ফাউণ্ডেচনে উত্তৰ পূৱ পৰিষদ, অতুল্য ভাৰত আৰু ভাৰতীয় সংস্কৃতিক সম্পৰ্ক পৰিষদ (আই চি চি আৰ)ৰ সহযোগত শ্ব'টো অনুষ্ঠিত কৰে। ডিজাইনাৰ কবিতা বৰুৱা মেধিৰ তত্ত্বাৱধানত সোণাপুৰ, বকো আৰু গোৱালপাৰাৰ ৩৮ গৰাকী থলুৱা শিপিনীয়ে বয় উলিওৱা পৰম্পৰাগত সাজ পাৰ শ্ব'টোত প্ৰদৰ্শন কৰা হয়। চাৰিটা ছিকুৱেন্সৰ শ্ব'টোত অসমৰ থলুৱা পাট, মুগা, এৰী, টছ আৰু কপাহী বিভিন্ন মেখেলা চাদৰ আৰু ইণ্ডো-ফিউজন পোছাক প্ৰদৰ্শন কৰা হয়। নিশিতা গোস্বামী, মেঘৰঞ্জনী মেধি আৰু প্ৰীতি কংকনাই শ্ব'ষ্টপাৰ হিচাপে ৰেম্পত খোজ দিয়ে। ৰাজ্যৰ ২৪ গৰাকী খ্যাতিসম্পন্ন মডেলে শ্ব'টোত অংশগ্ৰহণ কৰাৰ উপৰিও বিগত সময়ৰ ছুপাৰ মডেল সুকল্পা দাস, মীনু পাল, মধুস্মিতা শৰ্মা, অঞ্জু দহল আৰু চিত্ৰালী ফুকনেও এটা বিশেষ ছিকুৱেন্সসত ৰেম্পত খোজ দিয়ে। আই চি চি আৰৰ শিল্পীসকলে অনুষ্ঠানত মেঘালয়ৰ লোকসংগীত তথা বাগুৰুম্বা নৃত্য পৰিৱেশন কৰে। মীনু পালৰ কৰিঅ’গ্ৰাফীৰে সজোৱা শ্ব'টোৰ ষ্টাইলিষ্ট আছিল অজান আকাশ বৰুৱা। পৰম্পৰাগত অসমীয়া হস্ততাঁত শিপিনীসকলৰ চহকী সাংস্কৃতিক ঐতিহ্যক প্ৰচাৰ আৰু উদযাপন কৰাৰ লগতে বিভিন্ন শিক্ষণ মঞ্চত হস্ততাঁত শিক্ষাক সন্নিৱিষ্ট কৰাৰ উদ্দেশ্যে শ্ব'টোৰ আয়োজন কৰা হৈছিল।
No comments:
Post a Comment