W7s news,,গুৱাহাটী, ৯ অক্টোবৰঃ শাৰদীয় দুর্গাপূজাক লৈ ৰাজ্যত বৈছে উছাহৰ ঢল। ৰাজধানী মহানগৰীতো কেইবা শতাধিক পূজা মণ্ডপত দুর্গোৎসৱৰ বিসাল আয়োজন কৰা হৈছে। আজি যষ্ঠিৰ দিনটোত প্ৰতিখন পূজা মণ্ডপতেই উখল- মাখল পৰিৱেশ বিৰাজ কৰি থকা পৰিলক্ষিত হৈছে। মহানগৰীত শ্রীশ্রী দক্ষিণেশ্বৰী কালীবাৰী দুর্গাপূজা আজি আনুষ্ঠানিকভাবে উদ্বোধন কৰে বিধায়ক সিদ্ধার্থ ভট্টাচার্যই। পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ৮০ তম্ কালীবাৰী দুর্গাপূজা আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰি বিধায়কগৰাকীয়ে কয় যে দুর্গোৎসৱ সমাজৰ এক ঐতিহ্য বহন কৰে। ধৰ্মীয় পৰম্পৰাৰ লগতে বিশ্বৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ বাৰ্তা বহন কৰি আহিছে এই দুর্গোৎসৱে। কালীবাৰী দুর্গোৎসৱ উদ্যাপন সমিতিয়ে এইবেলি পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা বিশাল দুর্গোৎসৱৰ এই পদক্ষেপক বিধায়কগৰাকীয়ে প্রশংসা কৰে। ইপিনে এই দুর্গোৎসৱৰ জড়িয়তে সকলো জাতি-জনগোষ্ঠীকে সমন্বয়ৰ আৰু ভাতৃত্ববোধৰ এনাজৰীডাল অধিক শক্তিশালী কৰিবলৈ বিধায়কগৰাকীয়ে আহ্বান জনায়। আজিৰ অনুষ্ঠানটোত কালীবাৰী দুর্গোৎসৱ উদ্যাপন সমিতিৰ সভাপতি পবিৰ দাস গুপ্তা, সম্পাদকদ্বয় বিনোদ সাহানী, বিশ্বজিৎ চান্দা, কৌসদয়াক্ষদ্বয় অৰুণ দাস, ৰানা চিল, চিফ পেট্ৰ'ন নাৰায়ণ আগৰৱালাকে আদি কৰি বহু
বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
No comments:
Post a Comment