* এই সমাৱেশৰ উদ্দেশ্য আছিল আৱৰ্জনা ব্যৱস্থাপনা সংগ্ৰাহক তথা এই উদ্যোগৰ সৈতে জড়িতসকলক স্বীকৃতি প্ৰদান আৰু অনুপ্ৰাণিত কৰা।
* স্বচ্ছ ভাৰত অভিযানৰ দৰে চৰকাৰী নীতি প্ৰচাৰৰ বাবে যোগানকাৰী সমাৱেশৰ আয়োজন।
W7s news,,,গুৱাহাটী, ২৬ ছেপ্টেম্বৰ, ২০২৪: সমাজখন পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা জাৱৰ বোটলা লোক আৰু কাবাড়ীৱালাৰ দৰে আৱৰ্জনা সংগ্ৰহকাৰীসকলৰ অমূল্য অৱদানক সন্মান জনাই পূৰ্ব টেকন’প্লাষ্টে প্ৰথমবাৰৰ বাবে উত্তৰ-পূব ভাৰতত আয়োজন কৰে এক বিশেষ অনুষ্ঠানৰ।
উল্লেখ্য যে, পূৰ্ব গ্ৰুপৰ সহযোগী প্ৰতিষ্ঠান পূৰ্ব টেকন’প্লাষ্টে অসমৰ নলবাৰী জিলাত প্লাষ্টিক বটলৰ পুনঃব্যৱহাৰ উদ্যোগ পৰিচালনা কৰি আহিছে। লক্ষণীয় যে, উত্তৰ-পূব ভাৰতৰ এইটোৱেই হৈছে প্লাষ্টিক পুনঃব্যৱহাৰৰ প্ৰথম প্ৰকল্প। প্লাষ্টিক পুনঃব্যৱহাৰৰ উপৰিও উদ্যোগটোত এনে এটা ব্যৱস্থাও আছে, যিয়ে তেওঁলোকক নিজৰ ব্যৱহৃত পানী বিশুদ্ধ আৰু পুনৰ ব্যৱহাৰ কৰাত সহায় কৰে। ইয়াৰ ফলত সতেজ পানীৰ দৰে মূল্যবান সম্পদৰ ব্যৱহাৰ হ্ৰাস পোৱাৰ লগতে আৱৰ্জনাও সঠিকভাৱে পৰিচালনা কৰিব পৰা যায়।
অন্যহাতে, স্বচ্ছ ভাৰত অভিযানৰ দৰে চৰকাৰী নীতিৰ প্ৰতি মানুহক আকৰ্ষণ কৰাৰ লগতে ঘূৰণীয়া অৰ্থনীতিৰ গুৰুত্ব প্ৰচাৰৰ বাবে যোগানকাৰী সমাৱেশৰ আয়োজন কৰা হয়।
এই অনুষ্ঠানত গুৱাহাটী, ডিব্ৰুগড়, ত্ৰিপুৰাকে ধৰি অসমৰ বিভিন্ন ঠাইৰ সংগ্ৰাহকসকলে অংশগ্ৰহণ কৰে। সমাৱেশত পূৰ্ব টেকন’প্লাষ্টৰ অকাৰ্যবাহী সঞ্চালক বংশয় গোৱেংকাই উপস্থিত সকলক পলিমাৰ পৃথকীকৰণ, জি এছ টি নীতিৰ গুৰুত্ব, নবীকৰণযোগ্য শক্তি, চি বি জি আৰু পুনঃব্যৱহাৰৰ ভৱিষ্যতৰ বিষয়ে শিক্ষা প্ৰদান কৰে।
পূৰ্ব টেকন’প্লাষ্টৰ অনা-কাৰ্যবাহী সঞ্চালক বংশয় গোৱেংকাই কয়, “আমি প্ৰায়ে আমাৰ আশে পাশে সমাজৰ সেই নায়কসকলক দেখা পাওঁ, যিসকলে হাতত আৱৰ্জনা সংগ্ৰহ কৰা এখন বেগ লৈ ঘূৰি ফুৰে। অৱশ্যে এয়া দুৰ্ভাগ্যজনক যে তেওঁলোকৰ এই প্ৰচেষ্টাক প্ৰায়ে আওকান কৰা হয়। কিন্তু এতিয়া তেওঁলোকৰ কঠোৰ পৰিশ্ৰমক স্বীকৃতি দিয়াৰ লগতে তেওঁলোকৰ প্ৰাপ্য সন্মান প্ৰদান কৰাৰ সময় আহি পৰিছে।’’
ইফালে, আৱৰ্জনা সংগ্ৰহ আৰু পৃথকীকৰণ উন্নত কৰাত সহায় কৰিব পৰাকৈ কোম্পানীটোৱে তেওঁলোকৰ সকলো বিক্ৰেতাৰ বাবে বিভিন্ন সমৰ্থন নীতিও ঘোষণা কৰে। লক্ষণীয় যে, এনে সমৰ্থন নীতিৰ জৰিয়তে পুনঃব্যৱহাৰ প্ৰক্ৰিয়াটো সহজ হৈ পৰিব আৰু উত্তৰ-পূব ভাৰতত প্লাষ্টিকৰ আৱৰ্জনা হ্ৰাস কৰাতো ই যথেষ্ট সহায় কৰিব।
উল্লেখ্য যে, এই অনুষ্ঠানতে শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী সংগ্ৰাহকসকলক তেওঁলোকৰ প্ৰচেষ্টাক স্বীকৃতি দি আৰু অধিক কঠোৰ পৰিশ্ৰম কৰিবলৈ অনুপ্ৰাণিত কৰি কোম্পানীটোৰ পৰিচালন সঞ্চালক শ্ৰী ৰাজীৱ গোৱেংকাই বঁটা প্ৰদান কৰে। অধিক উৎসাহ আৰু প্ৰেৰণা যোগাবলৈ গ্ৰুপটোৱে দুৰ্গাপুৰৰ পূৰ্ব ইণ্টাৰনেশ্যনেলত চি বি এছ ই অনুমোদিত আৱাসিক বিদ্যালয়ত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা সংগ্ৰাহকৰ সন্তানৰ বাবে বিনামূলীয়াকৈ নামভৰ্তি আৰু এবছৰীয়া বৃত্তিৰ ব্যৱস্থাও কৰে। ইয়াৰোপৰি অসমত বিদ্যালয়খনৰ আন এটা শাখা খোলাৰ সম্ভাৱনীয়তাৰ বিষয়েও এই সমাৱেশতে আলোচনা কৰা হয়।
No comments:
Post a Comment