W7s news,,,গুৱাহাটী, ২৫ ছেপ্টেম্বৰ, ২০২৪ : ভাৰতৰ আগশাৰীৰ আৱৰ্জনা ব্যৱস্থাপনা প্ৰতিষ্ঠান হুল্লাডেক ৰিচাইক্লিং প্ৰাইভেট লিমিটেডে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড, অসম(পিচিবিএ)ৰ সহযোগত ই- আৱৰ্জনা ব্যৱস্থাপনা শীৰ্ষ সন্মিলন ২০২৪, অসম সংস্কৰণ সফলতাৰে আয়োজন কৰে। গুৱাহাটীত অনুষ্ঠিত এই সন্মিলনত মূল অংশীদাৰসকলক একত্ৰিত কৰি উত্তৰ-পূৰ্বাঞ্চলৰ ই-আৱৰ্জনা ব্যৱস্থাপনা আৰু পুনঃব্যৱহাৰৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয় আৰু বিভিন্ন ৰণকৌশলসমূহৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয়।
এই সন্মিলনত প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড, অসমৰ অধ্যক্ষ অৰূপ কুমাৰ মিশ্ৰ; প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড, অসমৰ সদস্য সচিব শান্তনু কুমাৰ দত্ত, হুল্লাডেক ৰিচাইক্লিঙৰ প্ৰতিষ্ঠাপক আৰু পৰিচালন সঞ্চালক নন্দন মল আৰু ট্ৰাষ্টমেট মেটেৰিয়েল এলএলপিৰ অংশীদাৰ সৌৰভ আগৰৱালাই উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। এইসকল বিশিষ্ট ব্যক্তিৰ উপস্থিতি আৰু মূল্যৱান ইনপুটসমূহে ই-আৱৰ্জনা প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাত সহযোগিতামূলক প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে।
"অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে বহনক্ষম আৱৰ্জনা ব্যৱস্থাপনা পদ্ধতিৰ প্ৰচাৰ কৰা পদক্ষেপসমূহক সদায়ে সমৰ্থন কৰি আহিছে। এই সন্মিলনে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত কাৰ্যকৰী ই-আৱৰ্জনা ব্যৱস্থাপনা লাভ কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে"-প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড, অসমৰ অধ্যক্ষ অৰূপ কুমাৰ মিশ্ৰই এইদৰে কয়।
হুল্লাডেক ৰিচাইক্লিং প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক নন্দন মলে নিজৰ অভিমত ব্যক্ত কৰি কয় যে, "আমাৰ লক্ষ্য হৈছে ই-আৱৰ্জনাক পৰিৱেশ বহনক্ষম সুদৃঢ় ব্যৱস্থাপনা নিশ্চিত কৰা আৰু অন্যান্য আৱৰ্জনা শ্ৰেণীলৈ আমাৰ সম্প্ৰসাৰণে ব্যাপক আৱৰ্জনা ব্যৱস্থাপনা সমাধানৰ প্ৰতি আমাৰ সমৰ্পণ প্ৰতিফলিত কৰিছে। ট্ৰাষ্টমেট মেটেৰিয়েল এলএলপিৰ সৈতে আমাৰ সহযোগিতাই হুল্লাডেকৰ সামৰ্থ্য শক্তিশালী কৰাৰ লগতে প্ৰসাৰ বৃদ্ধি পাব।"এই সন্মিলনত কেইবাটাও গুৰুত্বপূৰ্ণ এজেণ্ডাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়:উত্তৰ-পূৰ্বাঞ্চলত ই-আৱৰ্জনা ব্যৱস্থাপনা আৰু পুনঃব্যৱহাৰৰ বৰ্তমানৰ পৰিস্থিতি: বিশেষজ্ঞ আৰু উদ্যোগৰ নেতাসকলে ই-আৱৰ্জনা ব্যৱস্থাপনাৰ বৰ্তমানৰ অৱস্থাৰ বিষয়ে অন্তৰ্দৃষ্টি ভাগ-বতৰা কৰাৰ লগতে অঞ্চলটোৰ বাবে অনন্য প্ৰত্যাহ্বান আৰু সুযোগ দুয়োটাকে উজ্জ্বল কৰি তুলিলে।
উত্তৰ-পূব ভাৰতত হুল্লাডেকে সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু গ্ৰহণ কৰা পদক্ষেপ: উত্তৰ-পূৰ্বাঞ্চলত সন্মুখীন হোৱা নিৰ্দিষ্ট প্ৰত্যাহ্বানসমূহ আৰু সেইসমূহ দূৰ কৰিবলৈ লোৱা পদক্ষেপসমূহৰ ৰূপৰেখা দাঙি ধৰি হুল্লাডেক ৰিচাইক্লিঙে নিজৰ অভিজ্ঞতাসমূহ ভাগ-বতৰা কৰে।
হুল্লাডেকৰ আৱৰ্জনা ব্যৱস্থাপনা সমাধানৰ সম্প্ৰসাৰণ: অটোমোটিভ কেটালাইটিক কনভাৰ্টাৰ, লিথিয়াম-আয়ন বেটাৰী আৰু লিড-এচিড বেটাৰীকে ধৰি অন্যান্য আৱৰ্জনা শ্ৰেণীলৈ হুল্লাডেকৰ সম্প্ৰসাৰণৰ বিষয়েও সদৰি কৰা হৈছিল।
উদ্যোগৰ নেতৃত্বৰ সৈতে সহযোগিতা: হাল্লাডেকে গুৱাহাটীত ইলেক্ট্ৰনিক আৰু বৈদ্যুতিক আৱৰ্জনা সংসাধনৰ বাবে পুনঃব্যৱহাৰ কাৰখানা স্থাপনৰ বাবে ট্ৰাষ্টমেট মেটেৰিয়েল এলএলপিৰ সৈতে সহযোগিতা কৰাৰ কথা সগৌৰৱে ঘোষণা কৰিছে। এই উদ্যোগটোৱে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অসম, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন আৱৰ্জনা সংগ্ৰহ কেন্দ্ৰৰ হাব হিচাপে কাম কৰিব।এই সন্মিলনে চৰকাৰী বিষয়া, কৰ্প’ৰেট লীডাৰ, শিক্ষানুষ্ঠান, স্বাস্থ্যসেৱা খণ্ড, বেংকিং প্ৰতিষ্ঠান আৰু পৰিৱেশ কৰ্মীসকলক এক বহনক্ষম ভৱিষ্যতৰ দিশত সহযোগিতামূলক পথ গঢ়ি তুলিবলৈ একত্ৰিত কৰে। ই জ্ঞান-তথ্যৰ ভাগ-বতৰা কৰা, সৰ্বশ্ৰেষ্ঠ পদ্ধতিৰ বিষয়ে আলোচনা কৰা আৰু কাৰ্যকৰী ই-আৱৰ্জনা ব্যৱস্থাপনাৰ বাবে সমাধান উদ্ভাৱন কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ প্লেটফৰ্ম হিচাপে কাম কৰিছিল।
No comments:
Post a Comment