পিআইবি অসমৰ চেন্নাইত মিডিয়া ভ্ৰমণৰ প্ৰথম দিন আই এন এছ বিত্ৰাৰ অভিজ্ঞতা ললে অসমৰ সাংবাদিকৰ দলে - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Monday, 9 September 2024

demo-image

পিআইবি অসমৰ চেন্নাইত মিডিয়া ভ্ৰমণৰ প্ৰথম দিন আই এন এছ বিত্ৰাৰ অভিজ্ঞতা ললে অসমৰ সাংবাদিকৰ দলে

Responsive Ads Here

 

IMG-20240909-WA0012


W7s news চেন্নাই, : পি আই বি অসমৰ দ্বাৰা চেন্নাই ভ্ৰমণৰত অসমৰ ১২ গৰাকী সাংবাদিকৰ দলটোক আজি চেন্নাই বন্দৰস্থিত ভাৰতীয় নৌসেনাৰ আই এন এছ বিত্ৰা নৌ জাহাজলৈ লৈ যায়৷ তাত অসমৰ সাংবাদিক দলটোৱে আই এন এছ বিত্ৰাত উঠাৰ এক অপূৰ্ব অভিজ্ঞতা লাভ কৰে৷এইখিনিতে উল্লেখ কৰিব পাৰি যে আই এন এছ বিত্ৰা(টি৬৬) হৈছে ভাৰতীয় নৌসেনাৰ বংগাৰাম শ্ৰেণীৰ টহলদাৰী নৌযানৰ দ্বিতীয় জাহাজ৷ এই জাহাজখনক দ্ৰুত গতিত চলা জাহাজক অৱৰোধ কৰা, উপকূলীয় আৰু বিশেষ অৰ্থনৈতিক ক্ষেত্ৰত অনুসন্ধান আৰু উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰিবলৈ ডিজাইন কৰা হৈছে৷আই এনএছ বিত্ৰাৰ ডিজাইন আৰু নিৰ্মাণ কৰিছে গাৰ্ডেন শ্বিপবিল্ডাৰ্ছ এণ্ড ইঞ্জিনীয়াৰ্ছে৷জাহাজত প্ৰয়োজন হোৱা ডিজেল জেনেৰেটৰসমূহ কিউমিন্স ইণ্ডিয়াই যোগান ধৰে। উপগ্ৰহীয় যোগাযোগ আৰু গ্ল’বেল পজিচনিং চিষ্টেমকে ধৰি জাহাজত থকা ইলেক্ট্ৰনিক সঁজুলিসমূহ ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড, ইচিআইএল আৰু হিন্দুস্তান এৰ’নটিক্স লিমিটেডৰ। ২০০৬ চনৰ ২৮ মাৰ্চত গোৱাৰ ভাস্কো দা গামাত ৰিয়াৰ এডমিৰেল সঞ্জয় ভাডগাওকাৰে এই দ্ৰুত আক্ৰমণৰ জাহাজখন মোতায়েন কৰে।জাহাজখনৰ ডিচপ্লেচমেণ্ট ৩২০ টন, দৈৰ্ঘ্য ৪৬ মিটাৰ, বিম ৭.৪৬ মিটাৰ আৰু গতিবেগ ৩০ নটতকৈও অধিক। ইয়াত চাৰিজন বিষয়া আৰু ৪০ জন নাৱিকৰ দল আছে আৰু ইয়াত মধ্যম ৰেঞ্জ আৰু লঘু মেচিনগান লগোৱা হৈছে। ইয়াৰ ফলত জাহাজখনে উপকূলীয় টহল, অনুসন্ধান আৰু উদ্ধাৰ, উপকূলীয় নিৰাপত্তা আৰু সাগৰপৃষ্ঠৰ যুদ্ধকে ধৰি বিভিন্ন ভূমিকা পালন কৰিবলৈ সক্ষম হয়। জাহাজখনৰ শিখৰত নীলা আৰু ক’লা ৰঙৰ ‘ছী হৰ্ছ’ৰ চিত্ৰ অংকন কৰা আছে৷ ভাৰতীয় পৌৰাণিক কাহিনীৰ লগত ইয়াৰ সম্বন্ধ আছে, য’ত ইয়াক ভগৱান বৰুণৰ ‘বাহন’ হিচাপে জনা যায়৷ জাহাজখনৰ মূলমন্ত্ৰ ‘কাৰেজ এণ্ড বিয়ণ্ড’-এ ইয়াৰ চালক দলৰ অদম্য সংকল্প আৰু যুঁজাৰু মনোভাৱক স্পষ্টভাৱে সংজ্ঞায়িত কৰিছে৷ লেফটেনেণ্ট (আইএন) হাৰ্দিক শ্ৰীমালিয়ে অসমৰ পৰা যোৱা দলটোক আদৰণি জনোৱাৰ লগতে নৌসেনাৰ জাহাজখনৰ বিভিন্ন সবিশেষ বিশদভাৱে দাঙি ধৰে।সাংবাদিকৰ দলটোক নেতৃত্ব দিয়া পিআইবি অসমৰ কমিউনিকেচন্স বিষয়া স্মিতা শইকীয়াই লেফটেনেণ্ট শ্ৰীমালিক গামোছাৰে সম্বৰ্ধনা জনায় আৰু যুদ্ধজাহাজখনৰ এক্সপ’জাৰ ট্যুৰৰ বাবে ভাৰতীয় নৌসেনাক ধন্যবাদ জনায়।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *