W7s news,,,গুৱাহাটী, : চেন্নাইৰ মাদ্ৰাজ আন্তঃৰাষ্ট্ৰীয় চাৰ্কিট (এম আই চি)ত ২৩ আগষ্টৰ পৰা ২৫ আগষ্টলৈ অনুষ্ঠিত হোৱা ইণ্ডিয়ান ৰেচিং ফেষ্টিভেলৰ (আই আৰ এফ) তৃতীয় ছিজনত চেম্পিয়ন হিচাপে আত্মপ্ৰকাশ কৰে নৰ্থ-ইষ্টৰ জেডেন ৰহমান পাৰিয়াটে। ফৰ্মুলা ৪ ইণ্ডিয়ান চেম্পিয়নশ্বিপ শাখাত জেডেনে শীৰ্ষ স্থান দখল কৰে।ভাৰতীয়
আৰু আন্তঃৰাষ্ট্ৰীয় চালককে ধৰি অবিশ্বাস্য লাইন আপৰ গৌৰৱ কৰা আই আৰ এফে দুয়োখন প্ৰতিযোগিতা, ফৰ্মুলা ৪ ইণ্ডিয়ান চেম্পিয়নশ্বিপ (এফ ৪ আই চি) আৰু ইণ্ডিয়ান ৰেচিং লীগ (আই আৰ এল)ত ৰেচিং কৰিছিল।
এফ ৪ আই চিৰ উদ্বোধনী ৰাউণ্ডৰ প্ৰথমখন দৌৰ থ্ৰিলাৰতকৈ কম নাছিল, কিয়নো অন্তিম লেপত হিউ বাৰ্টাৰে অৱসৰ লোৱাৰ পিছত বেংগালুৰু স্পীডষ্টাৰছৰ সোতৰ বছৰীয়া জেডেন পাৰিয়াটে শীৰ্ষ প’ডিয়ামৰ স্থান দখল কৰিছিল।
চতুৰ্থ স্থানৰ পৰা আৰম্ভণি কৰাৰ পিছত জেডেনে আৰম্ভণিৰ পৰ্যায়ত ৰুহান আলভাক অতিক্ৰম কৰি এক সুন্দৰ আৰম্ভণি কৰিছিল, দুয়োজনে পৰৱৰ্তী কেইটামান লেপৰ বাবে যুঁজিছিল। জেডেনে গাড়ীৰ পিছফালৰ অংশ হেৰুৱাৰ ফলত আলভাই নিজৰ স্থান পুনৰ লাভ কৰাৰ সুযোগ পাইছিল যদিও পিছত জেডেনে নিজৰ স্থান অক্ষুন্ম ৰাখিবলৈ সক্ষম হয়।
মাত্ৰ যোৱা সপ্তাহত জেডেনে ভাৰতীয় ৰাষ্ট্ৰীয় গাড়ী ৰেচিং চেম্পিয়নশ্বিপৰ অন্তিম ৰাউণ্ডত একক আসনৰ শাখাত এম আৰ এফ ফৰ্মুলা ২০০০ চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰিছিল। পূব ভাৰতৰ পৰা তেওঁ এই কৃতিত্ব অৰ্জন কৰা প্ৰথমজন।
No comments:
Post a Comment