W7s news,গুৱাহাটী,,
। গণেশ চতুৰ্থী উপলক্ষে মহানগৰীৰ বেলতলা চাৰ্ভেৰ অজন্তা পথত মানস জ্যোতি দাস সোনা বৃদ্ধাশ্ৰম উদ্বোধন কৰা হয়। এই উপলক্ষে মুখ্য অতিথি হিচাপে লায়ন্স ক্লাবৰ জিলা অদক্ষ সীমা গোয়নকা, বিশেষ অতিথি হিচাপে বিখ্যাত অসমীয়া অভিনেতা কোপিল বৰাকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। মানস জ্যোতি দাস সোনা বৃদ্ধাশ্ৰমৰ পৰিচালনাৰ বাবে গঠন কৰা হয় এটা কমিটী যত সভাপতি হিছাপে ৰঞ্জিতা মহেশ্বৰীক সভাপতি, সম্পাদক আশীষ জালান, কোষাধ্যক্ষ অভিষেক মোৰক দায়িত্ব দিয়া হয়।
পুত্ৰ মানস জ্যোতি দাসৰ স্মৃতিত সাবিত্ৰী দাসে বৃদ্ধাশ্ৰমৰ বাবে মাটিখিনি যোগান ধৰিছিল। তেওঁ কয় যে এটা পথ দুৰ্ঘটনাত মানস জ্যোতিৰ অকাল
মৃত্যু হৈছিল, তাৰ পিছত তেওঁৰ পিতৃ-মাতৃয়ে উক্ত মাটিখিনি এটা উচ্চ কামত ব্যৱহাৰৰ বাবে যোগান ধৰিছিল।
সম্পাদক আশীষ জালানই কয় যে বৰ্তমান এই বৃদ্ধাশ্ৰমত অসহায় মহিলাসকলক থকাৰ ব্যৱস্থা কৰা হৈছে। ভৱিষ্যতে অসহায় বৃদ্ধ পুৰুষৰ বাবেও থকাৰ ব্যৱস্থা কৰা হ’ব। এই বৃদ্ধাশ্ৰমখন ছয়গৰাকী বৃদ্ধা মাতৃৰ সৈতে আৰম্ভ কৰা হৈছিল, য’ত ২০ গৰাকী অসহায় মাতৃ জীৱন যাপনৰ ব্যৱস্থা আছে। এই বৃদ্ধাশ্ৰম সম্পূৰ্ণ নিৰামিষ। বৰ্তমান বৃদ্ধ মাতৃসকলৰ যত্ন ল’বলৈ দুজন কেয়াৰটেকাৰ আৰু এজন মেনেজাৰ নিযুক্তি দিয়া হৈছে।
No comments:
Post a Comment