ৰোমাঞ্চকৰ গ্ৰেণ্ড ফিনালেৰ অন্তত ৰেডিঅ' গপচপে বিজয়ৰ মুকুট পিন্ধালে লোকেল ৰকষ্টাৰ চাৰ্লিন মহলিয়াক - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Saturday, 14 September 2024

demo-image

ৰোমাঞ্চকৰ গ্ৰেণ্ড ফিনালেৰ অন্তত ৰেডিঅ' গপচপে বিজয়ৰ মুকুট পিন্ধালে লোকেল ৰকষ্টাৰ চাৰ্লিন মহলিয়াক

Responsive Ads Here

 



W7s news,,

IMG_20240914_144456

গুৱাহাটী, ১৩ ছেপ্টেম্বৰ, অসম – সফলতাৰে সামৰণি পৰিল ৰাজ্যৰ মহাবিদ্যালয়সমূহত প্ৰতিভাৰ সন্ধানৰ উদ্দেশ্যে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাধিক জনপ্ৰিয় ৰেডিঅ' ষ্টেচন ৰেডিঅ' গপচপে অনুষ্ঠিত কৰা "লোকেল ৰকষ্টাৰ"ৰ। ১২ ছেপ্টেম্বৰত এই প্ৰতিভা সন্ধানী প্ৰতিযোগিতাখনৰ গ্ৰেণ্ড ফিনালে অনুষ্ঠিত হয় অসম ডাউন টাউন ইউনিভাৰ্ছিটিৰ প্ৰাংগনত। 


উল্লেখ্য যে, এই প্ৰতিযোগিতাৰ সময়ত গুৱাহাটীৰ ১১খন শীৰ্ষ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ৫০তকৈ অধিক প্ৰতিযোগীয়ে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে। প্ৰতিযোগিতাখনিৰ উদ্দেশ্য আছিল উদীয়মান যুৱক-যুৱতীসকলক তেওঁলোকৰ প্ৰতিভা আৰু সৃষ্টিশীলতা প্ৰদৰ্শনৰ বাবে এক শক্তিশালী মঞ্চ প্ৰদান কৰা।


ইফালে গ্ৰেণ্ড ফিনালেৰ চূড়ান্ত ৰাউণ্ডত শ্ৰেষ্ঠ প্ৰতিযোগীসকলৰ মাজত হোৱা কঠিন যুঁজৰ অন্তত বিজয়ৰ মুকুট পৰিধান কৰি লোকেল ৰকষ্টাৰৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয় গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ চাৰ্লিন মহলিয়াই। অন্যহাতে প্ৰতিযোগিতাত গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ কৃতুৰাজ দাসে প্ৰথম ৰানাৰ্ছ আপ আৰু নেৰিমৰ স্বন্দ্বীপন শইকীয়াই দ্বিতীয় ৰানাৰ্ছ আপৰ খিতাপ লাভ কৰে।


গ্ৰেণ্ড ফিনালে অনুষ্ঠানত বিশিষ্ট বিচাৰক হিচাপে উপস্থিত থাকি শোভাবৰ্ধন কৰে জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ কাশ্যপে।  তেওঁৰ সৈতে ৰেডিঅ’ গপচপৰ ছিনিয়ৰ চাউণ্ড ইঞ্জিনিয়াৰ শ্বাহৰুখ আৰু জুনিয়ৰ চাউণ্ড ইঞ্জিনিয়াৰ ভাৰ্গৱ ভাগৱতী অনুষ্ঠানত বিচাৰক হিচাপে উপস্থিত থাকে।  ইফালে, এই গ্ৰেণ্ড ফিনালে অনুষ্ঠানত ৰেডিঅ' গপচপৰ মনোৰঞ্জনৰ অংশীদাৰ হিচাপে নতুন অসমীয়া বোলছবি লোকেল কুংফু ৩ৰ কলা-কুশলীসকল উপস্থিত থাকি অনুষ্ঠানটোক অধিক আকৰ্ষণীয় কৰি তোলে। প্ৰণিধানযোগ্য যে, এই সমগ্ৰ অনুষ্ঠানটোত জনসংযোগ অংশীদাৰ হিচাপে সহযোগ আগবঢ়ায় গুৱাহাটীৰ আগশাৰীৰ জনসংযোগ সংস্থা ছেভেন চেন্স কমিউনিকেশ্যনে।

 

অনুষ্ঠানটো সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰি ৰেডিঅ’ গপচপৰ আৰ জে তথা ক্লাষ্টাৰ প্ৰগ্ৰেমিং হেড আৰ জে মেণ্ডীয়ে কয়, “যুৱ প্ৰজন্মৰ মাজত আমাৰ প্ৰতিভা সন্ধানৰ প্ৰচেষ্টা "লোকেল ৰকষ্টাৰ" সফলতাৰে সম্পন্ন কৰি আমি নথৈ আনন্দিত হৈছো। এই প্ৰতিযোগিতাখনিয়ে যুৱক-যুৱতীসকলক তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে এখন মঞ্চ প্ৰদান কৰি আহিছে। গ্ৰেণ্ড ফিনালেত লোকেল ৰকষ্টাৰৰ খিতাপ লাভ কৰা চাৰ্লিন মহলিয়াক আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁৰ উজ্বল ভৱিষ্যতৰ কামনা কৰিছোঁ।"

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *