W7s news গুৱাহাটী : ভাৰতৰ আগশাৰীৰ অটোমোটিভ নিৰ্মাতা কোম্পানী টাটা মটৰ্ছে এই উৎসৱৰ বতৰৰ বাবে আচৰিত ধৰণৰ অফাৰেৰে মুকলি কৰিছে এতিয়ালৈকে সৰ্ববৃহৎ ‘ফেষ্টিভেল অফ কাৰ্ছ’। ইয়াৰ ভিতৰত কেইবাখনো জনপ্ৰিয় বাহন আৰু এছ ইউ ভিৰ বাবে আগতে কেতিয়াও নোপোৱা মূল্যৰ সৈতে গ্ৰাহকে ২.০৫ লাখ পৰ্যন্ত সঞ্চিত সুবিধা উপভোগ কৰিব পাৰে। যাৰ ফলত ই গ্ৰাহকৰ বাবে তেওঁলোকৰ সপোনৰ বাহনখন ক্ৰয় কৰাৰ সুযোগ সৃষ্টি কৰিছে। পেট্ৰ’ল, ডিজেল আৰু চিএনজি চালিত সকলো গাড়ী আৰু এছ ইউভিতে ২০২৪ চনৰ ৩১ অক্টোবৰলৈকে সীমিত সময়ৰ বাবে এই বিশেষ উৎসৱৰ অফাৰ উপলব্ধ হ'ব।
কেইবাটাও জনপ্ৰিয় মডেলৰ বাবে অবিশ্বাস্য নতুন প্ৰাৰম্ভিক মূল্য হৈছে-
টিয়াগো ৪.৯৯ লাখ
অলট্ৰোজ ৬.৪৯ লাখ
নেক্সন ৭.৯৯ লাখ
হেৰিয়াৰ ১৪.৯৯ লাখ
চাফাৰী ১৫.৪৯ লাখ
ইয়াৰোপৰি ভাৰতৰ বৈদ্যুতিক বাহনৰ সকলোতকৈ জনপ্ৰিয় টাটা.ইভে ইয়াৰ বেষ্টচেলাৰ মডেল টিয়াগো.ইভ, পাঞ্চ.ইভ আৰু নেক্সন.ইভৰ ‘ফেষ্টিভেল অৱ কাৰ্ছ’ উদযাপনৰ অংশ হিচাপে পূৰ্বতে কেতিয়াও নোপোৱা মূল্য ঘোষণা কৰিছে। যত গ্ৰাহকসকলে নেক্সন.ইভিৰ বাবে মূল্য ৩ লাখ লৈকে আৰু পাঞ্চ.ইভিৰ বাবে ১.২০ লাখ লৈকে হ্ৰাস মূল্যত লাভ কৰিব। উল্লেখ্য যে প্ৰাৰম্ভিক মূল্যত টিয়াগো.ইভ ৭.৯৯ লাখ, পাঞ্চ.ইভে ৯.৯৯ লাখ আৰু নেক্সন.ইভে ১২.৪৯ লাখৰ পৰা এই বিশেষ উৎসৱৰ অফাৰ উপলব্ধ হ'ব।
আজিৰ এই অনুষ্ঠানত বিমল কাৰ্ছৰ চিএমডি ৰতন লাল সৰৱগী, এম ডি বিমল সৰৱগী, চিইঅ' অৰিহন্ত সৰৱগী, চিইঅ' অনুৰাগ সৰৱগী আৰু জি এম দিপাংকৰ দাস উপস্থিত থাকে।
No comments:
Post a Comment