W7s news,,,গুৱাহাটী, ১৬ আগষ্ট, ভাৰতৰ সৰ্ববৃহৎ মাল্টি ফেমিলি অফিচ আৰু প্ৰাইভেট ৱেলথ মেনেজমেণ্ট ফাৰ্ম ক্লায়েণ্ট এছ’চিয়েটছে (CA) অলপতে গুৱাহাটীত ইয়াৰ আঞ্চলিক কেন্দ্ৰ এটা উদ্বোধন কৰি উত্তৰ-পূব ভাৰতত ইয়াৰ সম্প্ৰসাৰণৰ কথা সগৌৰৱেৰে ঘোষণা কৰে। এই পদক্ষেপৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে ইয়াৰ ২২ বছৰীয়া যাত্ৰাৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কৰিলে, যিয়ে দেশৰ আগশাৰীৰ চহৰ সমূহক সামৰি দেশজুৰি নিজৰ উপস্থিতি সম্প্ৰসাৰণৰ বাবে প্ৰতিষ্ঠানটোৰ চলি থকা প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰিলে। শেহতীয়াকৈ পাটনা, কোচি, আহমেদাবাদত ইয়াৰ নতুন কেন্দ্ৰ স্থাপন হোৱাৰ পিছতে শেহতীয়াভাৱে গুৱাহাটী মহানগৰীত ইয়াৰ কেন্দ্ৰ সংযোজন হোৱাৰ লগে লগে ক্লায়েণ্ট এছ’চিয়েটছে এতিয়া সমগ্ৰ ভাৰতৰ গুৰগাঁও, মুম্বাই, বেংগালুৰু, হায়দৰাবাদ, চেন্নাই, কলকাতা আৰু গুৱাহাটীকে ধৰি দেশৰ ১০ খন প্ৰধান নগৰত নিজৰ স্থিতিক প্ৰতিপন্ন কৰিছে। গুৱাহাটীত এই কেন্দ্ৰ স্থাপন কৰি প্ৰতিষ্ঠানটোৱে উত্তৰ পূবৰ হাই-নেট-ৱৰ্থ ইণ্ডিভিজুৱেলছ (এইচএনআই) আৰু আল্ট্ৰা হাই নেট ৱৰ্থ ইণ্ডিভিজুৱেলছ (ইউএইচএনআই)ৰ দ্ৰুতগতিত বৃদ্ধি পোৱা বজাৰখনক সামৰি লোৱাৰ লক্ষ্য গ্ৰহণ কৰিছে। ক্লায়েন্ট এছ'চিয়েটছৰ উপাধ্যক্ষ জয়া ৰয়ে সম্পদ গুৱাহাটী মহানগৰৰ দলটোক নেতৃত্ব প্ৰদান কৰাৰ সমান্তৰালভাবে প্ৰতিষ্ঠানটোৰ সঞ্চালক, বিশাল বাজাজৰ সহযোগত জয়াই উত্তৰ-পূবত প্ৰতিষ্ঠানটোৰ উপস্থিতি আৰু প্ৰসাৰ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। এই সম্প্ৰসাৰণৰ অংশ হিচাপে প্ৰতিষ্ঠানটোয়ে অঞ্চলটোত যথেষ্ট পৰিমাণৰ মূলধন বিনিয়োগ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে গুৱাহাটী আৰু উত্তৰ পূবৰ বিশাল বজাৰখনৰ ক্লায়েণ্টসকলৰ প্ৰয়োজন অনুসৰি শক্তিশালী বিত্তীয় সমাধান প্ৰদান কৰি তেওঁলোকৰ সম্পদ বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰিব। সম্প্ৰসাৰণৰ সন্দৰ্ভত মন্তব্য প্ৰদান কৰি ক্লায়েণ্ট এছ’চিয়েটছৰ সহ-প্ৰতিষ্ঠাপক হিমাংশু কোহলীয়ে কয়,“গুৱাহাটীৰ গতিশীল বিত্তীয় বজাৰত আমাৰ সেৱা সম্প্ৰসাৰণ কৰি আমি উৎফুল্লিত হৈছো। অঞ্চলটোৰ দ্ৰুত অৰ্থনৈতিক বৃদ্ধি আৰু ক্ৰমবৰ্দ্ধিত এইচ এন আই আৰু ইউ এইচ এন আইয়ে আমাৰ প্ৰতিষ্ঠানটোক সম্পদ ব্যৱস্থাপনা সমাধান প্ৰদান কৰাৰ সুযোগ প্ৰদান কৰিছে। আমি নিশ্চিত যে বিশাল আৰু জয়াৰ নেতৃত্বত আমি গুৱাহাটীত এক শক্তিশালী কেন্দ্ৰ স্থাপন কৰি আমাৰ ক্লায়েণ্টসকলক ব্যতিক্ৰমী সেৱা প্ৰদান কৰিবলৈ সমৰ্থ হম।” অন্যহাতে ক্লায়েণ্ট এছ’চিয়েটছৰ সঞ্চালক, বিশাল বাজাজে কয় যে আমি আমাৰ ক্লায়েণ্টসকলক কেৱল সম্পদ সৃষ্টিৰ ক্ষেত্ৰতে নহয়, ইয়াৰ সম্প্ৰসাৰণ আৰু সংৰক্ষণৰ ক্ষেত্ৰতো সেৱা আগবঢ়োৱাৰ লক্ষ্য ৰাখিছো। ভবিষ্যত প্ৰজন্মৰ বাবে তেওঁলোকৰ বিত্তীয় পৰিকল্পনা আৰু সমাধান নিশ্চিত কৰাও আমাৰ আন এক প্ৰধান উদ্দেশ্য।” তেওঁ লগতে কয়। উল্লেখ্য যে ক্লায়েণ্ট এছ'চিয়েটছে বৰ্তমান প্ৰায় ৬.১ বিলিয়ন ডলাৰৰ (AUA) এ ইউ এ সম্পত্তি পৰিচালনা কৰাৰ লগতে এইচএনআই, ইউএইচএনআই আৰু বৃহৎ নিগম প্ৰতিষ্ঠানৰ কাৰ্যালয়কে ধৰি ১২০০ৰো অধিক ক্লায়েণ্টক সেৱা আগবঢ়ায়। ব্যক্তিগত সম্পদ ব্যৱস্থাপনা, এষ্টেট পৰিকল্পনা, ৰিয়েল এষ্টেট এডভাইজাৰী, বিনিয়োগ বেংকিং, লেণ্ডিং ছলিউচন, বীমা, আৰু ইমিগ্ৰেচন এডভাইজাৰীকে ধৰি এই প্ৰতিষ্ঠানটোৱে এক বিস্তৃত সেৱা আগবঢ়ায় আহিছে। প্ৰায় ২৫০ জন পেছাদাৰীৰে সংযুক্ত এক দক্ষ দলৰ সৈতে, ক্লায়েণ্ট এচচিয়েটছে বিশ্বাসযোগ্য, স্বচ্ছ আৰু উন্নত মানদণ্ডৰ সম্পদ ব্যৱস্থাপনা সেৱা প্ৰদানৰ ক্ষেত্ৰত উদ্যোগটোক আগুৱাই লৈ যোৱাত গুৰুত্ব পূৰ্ণ ভূমিকা পালন কৰি আহিছে ।
Post Top Ad
Responsive Ads Here
Saturday, 17 August 2024

ক্লায়েণ্ট এছ’চিয়েটছৰ গুৱাহাটীত আঞ্চলিক কেন্দ্ৰ মুকলি
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment