গুৱাহাটীৰ শিলপুখুৰীত 'তানিষ্ক' ৰ নৱতম ষ্ট’ৰ মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 17 August 2024

গুৱাহাটীৰ শিলপুখুৰীত 'তানিষ্ক' ৰ নৱতম ষ্ট’ৰ মুকলি

 



W7s news গুৱাহাটী, : টাটা গ্ৰুপৰ তৰফৰ পৰা ভাৰতৰ সৰ্ববৃহৎ গহনা খুচুৰা ব্ৰেণ্ড তানিষ্কে অসমৰ চিলপুখুৰীত এখন গ্ৰেণ্ড নতুন ষ্ট’ৰ মুকলি কৰে। তানিষ্কৰ পূব ভাৰতৰ আঞ্চলিক ব্যৱসায়িক পৰিচালক শ্ৰী আলোক ৰঞ্জনে এই নতুন ষ্ট’ৰ উদ্বোধন কৰে। গ্ৰেণ্ড উদ্বোধনী অনুষ্ঠানৰ অংশ হিচাপে ব্ৰেণ্ডটোৱে এক অপ্ৰতিৰোধ্য অফাৰ আগবঢ়াইছে য’ত গ্ৰাহকে প্ৰতিটো ক্ৰয়তে বিনামূলীয়াকৈ এটা সোণৰ মুদ্ৰা লাভ কৰিব পাৰিব। এই অফাৰটো ১৬ আগষ্টৰ পৰা ১৮ আগষ্ট ২০২৪লৈকে বৈধ। ষ্টোৰটো ত্ৰৈয়নী কমপ্লেক্স, ২১৫, জিএনবি ৰোড, চিলপুখুৰী, গুৱাহাটী, অসম (পিন কোড)-৭৮১০০৩ত অৱস্থিত।


২৯০০ বৰ্গফুটত বিস্তৃত এই ষ্ট'ৰটোৱে আপোনাৰ চকু কপালত তুলিব পৰাকৈ সোণ, হীৰা, ৰঙীন ৰত্ন, দক্ষিণ ভাৰতীয় কাঁচৰ কুণ্ডন আৰু পলকিৰ মাজেৰে তানিষ্কৰ আইকনিক ডিজাইন সমূহৰ এক বিস্তৃত নিৰ্বাচন উপস্থাপন কৰে। বিগত যুগৰ উত্তৰাধিকাৰী শিল্পকৰ্মৰ পৰা প্ৰেৰণা লাভ কৰি ষ্ট’ৰখনে গৌৰৱেৰে উপস্থাপন কৰে তনিষ্কৰ উৎসৱমুখৰ সংগ্ৰহ যেনে ‘ধাৰোহৰ’। ষ্ট’ৰখনত আধুনিক, সমসাময়িক আৰু লঘু গহনা সংকলন ‘ষ্ট্ৰিং ইট’ও আছে। ষ্ট'ৰটোত দ্য স্পটলাইট এডিট সংগ্ৰহ আছে, য'ত ৩৩টা ডিজাইনৰ প্ৰাকৃতিক হীৰা নেকেলেচৰ লগতে খাৰুৰ এক সুন্দৰ সংগ্ৰহ 'কালাই' উপলব্ধ, যিটো ১৮ কেৰেট আৰু ২২ কেৰেট সোণত নিৰ্মিত বিস্তৃত ডিজাইন আৰু কাৰুকাৰ্য্যৰে গঠিত। ইয়াৰ উপৰিও ষ্ট’ৰখনত তানিষ্কৰ নিবেদিত বিবাহৰ গহনাৰ উপ-ব্ৰেণ্ড ‘ৰিভাহ’ৰ গহনাও উপলব্ধ। ভাৰতৰ বিভিন্ন অঞ্চলৰ মহিলাসকলৰ ফেশ্বন পছন্দৰ সৈতে মিলাই ৰিভাহক নিখুঁতভাৱে নিৰ্মাণ কৰা হৈছে আৰু বিয়াৰ বজাৰ কৰাৰ বাবে এক ষ্টপ গন্তব্যস্থান হিচাপে বিকশিত হৈছে।


উদ্বোধনী অনুষ্ঠানত ভাষণ দি তানিষ্কৰ পূব ভাৰতৰ আঞ্চলিক ব্যৱসায়িক পৰিচালক শ্ৰী আলোক ৰঞ্জনে কয়, "অসমৰ ষষ্ঠ খন ষ্ট'ৰ হিছাপে এই নতুন ষ্ট'ৰ ছিলপুখুৰীত গ্ৰেণ্ড মুকলিৰ কথা ঘোষণা কৰি আমি খুবেই আনন্দিত হৈছো। দেশৰ আগশাৰীৰ গহনাৰ ব্ৰেণ্ড Tanishqৰ যোগেদি আমাৰ সন্মানীয় গ্ৰাহকসকলক এক ব্যতিক্ৰমী বজাৰৰ অভিজ্ঞতা প্ৰদান কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ। লগতে আমি ছিলপুখুৰীবাসীক আমাৰ নতুন ষ্ট’ৰত নিজৰ জীৱনৰ প্ৰতিটো অনুষ্ঠানৰ বাবে নিখুঁত গহনা আৱিষ্কাৰ কৰিবলৈ আমন্ত্ৰণ জনাইছো।"

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here