মদ, জোৱাৰ আদ্দাত পৰিণত পল্টনবজাৰস্থিত দেৱদামোদৰ সাংস্কৃতিক গৱেষণা কেন্দ্ৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 6 August 2024

মদ, জোৱাৰ আদ্দাত পৰিণত পল্টনবজাৰস্থিত দেৱদামোদৰ সাংস্কৃতিক গৱেষণা কেন্দ্ৰ

   

জীৱন, প্ৰতিষ্ঠাপক পৰিয়ালৰ সদস্যক এলাগী কৰাৰ অভিযোগ


বহু বৰ্ষ ধৰি অনুষ্ঠিত কৰা নাই সাধাৰণ সভা



W7s গুৱাহাটী:  সত্ৰ সংস্কৃতিৰ প্ৰতিষ্ঠাপক, মহাপুৰুষ শ্ৰীশ্ৰীদেৱদামোদৰ দেৱৰ সংস্কৃতি, ধৰ্মমত গৱেষণা আৰু প্ৰচাৰৰ বাবে স্থাপন হোৱা দেৱদামোদৰ সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰ পল্টনবজাৰৰ চলাবিলপাৰস্থিত গৃহ আৰু ভূমিত মদ, জুৱাৰ আদ্দাৰ লগতে অসমাজিক কাৰ্যকলাপৰ কেন্দ্ৰলৈ পৰ্যবেক্ষতি হোৱাৰ অভিযোগ উত্থাপিত হৈছে। ১৯৯৮-৯৯ বৰ্ষতে চৰকাৰী পঞ্জীয়ন লাভ কৰা আৰু স্বাধীনতা সংগ্ৰামী, অধিবক্তা নৰনাৰায়ন গোস্বামী, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ভগৱান গোস্বামী, আদি সত্ৰ পাটবাউসীৰ সত্ৰাধিকাৰ গুৰুকৃষ্ণ গোস্বামী আদিৰ দৰে স্বনামধন্য প্ৰয়াত ব্যক্তিসকলে স্থাপন কৰা কেন্দ্ৰটোৰ ২০১৩ বৰ্ষৰ পৰা কোনো ধৰণৰ সাধাৰণ সভা আহ্বান কৰা হোৱা নাই বুলি অভিযোগ কৰিছে কেন্দ্ৰৰ একাংশ আজীৱন সদস্যই। কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত একাংশ আজীৱন সদস্যই অভিযোগ কৰা মতে কেন্দ্ৰৰ সভাপতি শিৱ প্ৰসাদ শৰ্মা আৰু সাধাৰণ সম্পাদক সুৰেন্দ্ৰ কুমাৰ মেধিয়ে মইমতালিৰে কেন্দ্ৰটোৰ কাম-কাজ পৰিচালনা কৰাৰ লগতে জৈনেক ধনেশ্বৰ বাৰ্মা নামৰ এগৰাকী ৰখিয়াক কেন্দ্ৰৰ ভূমিত থকা এটি গৃহত বাসকৰিবলৈ দি উঠি ৰজা বহি ৰজা হোৱাৰ সুবিধা প্ৰদান কৰিছে। পূৰ্বে বহুবাৰ এই সম্পৰ্কে অভিযোগ আৰু সাধাৰণ সভা আহ্বানৰ লিখিত আবেদন দিয়াৰ পিছতো কেন্দ্ৰৰ সভাপতি- সম্পাদকে কোনো কান-সাৰ নিদিয়াত পুণৰ যোৱা ৪ আগষ্টত একাংশ প্ৰতিষ্ঠাপক পৰিয়ালৰ সদস্য, আজীৱন আৰু সক্ৰিয় সদস্যই কেন্দ্ৰৰ সম্পাদকৰ হাতত এখন অভিযোগ পত্ৰ দাখিল কৰিছে। সদস্যসকলে অভিযোগ কৰা মৰ্মে জৈনেক ধনেশ্বৰ বাৰ্মা নামৰ ব্যক্তিগৰাকী কেন্দ্ৰৰ ভূমিত থকা নামঘৰৰ মণিকূট আবুৰ কৰি এখন দোকান নিৰ্মান কৰিছে য'ত গুটসা, চিগাৰেট আদি জাতীয় সামগ্ৰী মুকলিকৈ বিক্ৰী কৰি আহি আছে ,যিটো আইন বিৰুদ্ধ। ইয়াৰ উপৰিও ব্যক্তিগৰাকীয়ে নামঘৰৰ ভিতৰত পত্নীসহ নিশা যাপন কৰাৰ লগতে নামঘৰ সংলগ্ন ভৰালঁ ঘৰত নিজৰ, সন্তানৰ লগতে পত্নীৰ  বস্ত্ৰ ৰখা আৰু বস্ত্ৰ পৰিবৰ্তন কৰাৰ নামত  ব্যৱহাৰৰ অভিযোগ আছে। ধনৰ বিনিময়ত নিশা বাৰ্মাই বিভিন্ন সন্ধেহজনক ব্যক্তিক কেন্দ্ৰটোত মদ-জুৱাৰ আদ্দা কৰাৰ অসামজিক সুবিধা প্ৰদানৰো অভিযোগ অঞ্চলটোৰ মানুহৰ মুখে মুখে শুনা যায়। এনেবোৰ কাৰ্য মৌখিক আৰু লিখিত অভিযোগ পোৱাৰ পিছতো চকু মুদা কুলিৰ ভাওঁত নিৰৱ হৈ আছে কেন্দ্ৰটোৰ সভাপতি আৰু সম্পাদক। কেন্দ্ৰৰ প্ৰকৃত সদস্যসকলক সভাপতি আৰু সম্পাদকে এলাগী কৰি বৰ্তমান একাংশ নতুন ব্যক্তিৰ সহায়ত কেন্দ্ৰৰ সম্পদ আৰু ভূমি হস্তগত কৰাৰ ষড়যন্ত্ৰতহে লিপ্ত থকাৰ অভিযোগ কৰিছে কেন্দ্ৰটোৰ ভালে সংখ্যক সদস্য-সদস্যাই। উল্লেখযোগ্য যে চৰকাৰী সাহাৰ্যৰে গৱেষণা গৃহ নিৰ্মান হোৱা কেন্দ্ৰটোৰ নামত ভুৱা ৰচিদ-পত্ৰ ছপা কৰি অবৈধভাৱে ধন সংগ্ৰহ কৰা কাৰ্যটো জড়িত হৈ আছে ৰখিয়া ধনেশ্বৰ বাৰ্মা। কেন্দ্ৰ সভাপতি তথা হাজোৰ ঐতিহাসিক হয়গ্ৰীৱ মাধৱ মন্দিৰৰ দলৈ শিৱ প্ৰসাদ শৰ্মাৰ প্ৰত্যক্ষ সমৰ্থনতে জৈনেক বাৰ্মা নামৰ ব্যক্তিগৰাকী বিভিন্নধৰণৰ অবৈধ কাম-কাজত জড়িত হৈ থকাৰ অভিযোগ উঠিছে। মহাপুৰুষ দেৱদামোদৰ দেৱৰ নামত স্থাপিত কেন্দ্ৰটো যাতে অসামাজিক কাৰ্যৰ ঘাটিলৈ ৰূপান্তৰ নহয় আৰু কেন্দ্ৰৰ ভূমি যেন কোনো স্বাৰ্থজনীত ব্যক্তিয়ে হস্তাগত কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহন কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী আৰু জিলা প্ৰশাসনক আহ্বান জনাইছে কেন্দ্ৰৰ আজীৱন আৰু সক্ৰিয় সদস্যসকলে।



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here