W7s news,,,গুৱাহাটী- উদ্ভাৱনীমূলক খাদ্য অভিজ্ঞতাৰ বাবে পৰিচিত ৱাও ম’ম’ৱে যোৱা ২৭ জুলাই, ২০২৪ তাৰিখে গুৱাহাটীত প্ৰথমখন ৱাও! ইটছ বিপণী মুকলিৰ কথা গৌৰৱেৰে ঘোষণা কৰে। ঐতিহাসিক উজান বজাৰত অৱস্থিত এই ফ্লেগশ্বিপ বিপণীখন জনসাধাৰণৰ বাবে মুকলি কৰা হৈছে। ৭৫০ বৰ্গফুটৰ এলেকাত বিস্তৃত এই বিপণীখনত চাৰিটা জনপ্ৰিয় ব্ৰেণ্ড ৱাও! ম’ম’, ৱাও চাইনা, ৱাও চিকেন, আৰু ৱাও কুলফি এখন চালিৰ তলত পোৱা যাব।
অতিথিসকলে ৱাও ম’ম’ত হিমালয়ৰ আধুনিক ৰান্ধনীশালৰ সোৱাদেৰে ক্লাছিক ভাপত দিয়া ম’ম’ আৰু সুস্বাদু মবাৰ্গছৰ জুতি ল’ব পাৰিব। দেশী-চাইনীজৰ সোৱাদৰ মাজেৰে যাত্ৰা কৰি ৱাও! চাইনাত শ্বেজৱান নুডলছ আৰু জনপ্ৰিয় কুং পাও চিকেনৰ সোৱাদ ল’ব পাৰিব। গ্ৰাহকসকলে ৱাও! চিকেনত নিখুঁতভাৱে ভজা চিকেন, ৰসাল পেৰি-পেৰি গ্ৰীলড বাৰ্গাৰ, আৰু চিকেন উইংছৰ সোৱাদ পাব। শেষত মিঠাৰ সোৱাদ ল’বলৈ ৱাও কুলফিৰ যোগেদি ক্লাছিক মালাইৰ পৰা আৰম্ভ কৰি পান আৰু চকলেটৰ দৰে উদ্ভাৱনীমূলক সোৱাদলৈকে বিভিন্ন ধৰণৰ পৰম্পৰাগত আৰু ফিউজন কুলফিৰ সোৱাদ ল’ব পাৰিব।
অসমৰ চহকী সংস্কৃতিক প্ৰতিফলিত কৰা মনোমোহা কাৰ্যসূচীৰে আয়োজন কৰা এই মুকলি অনুষ্ঠানটো আছিল এক উৎসৱমুখৰ অনুষ্ঠান। অতিথিসকলক স্মৰণীয় অভিজ্ঞতা প্ৰদানৰ বাবে পৰম্পৰাগত বিহু নৃত্য প্ৰদৰ্শন আৰু মনোৰঞ্জনমূলক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই উপলক্ষে, ৱাও! ইটছে এক ব্লগাৰ টেবুল অনুষ্ঠানো আয়োজন কৰে, য’ত অঞ্চলটোৰ শীৰ্ষ খাদ্য ব্লগাৰসকলে চাৰিওটা ব্ৰেণ্ডৰ বিভিন্ন খাদ্যৰ সোৱাদ আৰু অভিজ্ঞতা ভাগ-বতৰা কৰিবলৈ একত্ৰিত হয়। গুৱাহাটী চিটি চেণ্টাৰ ডব্লিউ এম, চেণ্ট্ৰেল মল জি এছ ৰোড, বেলতলা ডব্লিউ এম, আৰু উজানবজাৰ ডব্লিউ এমতো এই বিপণী মুকলি কৰা হয়।
গুৱাহাটীৰ উজান বজাৰত ৱাও! ইটছ মুকলিৰ দিনটো আছিল আনন্দ, খাদ্য আৰু উদযাপনেৰে ভৰি থকা দিন। দৰ্শকে ৱাও! ম’ম’ৰ যাদু, ৱাও! চাইনাৰ সোৱাদ, ৱাও! চিকেনৰ ক্ৰান্স, আৰু ৱাও কুলফিৰ মিঠা—সকলো একে ঠাইতে লাভ কৰে।
No comments:
Post a Comment