W7s news,,অভিনয়া-জংকী বৰঠাকুৰ পৰিৱেশ্য কলা কেন্দ্ৰ'ই এইবেলি ভৰি দিলে দ্বাদশ বৰ্ষত। প্ৰতি বছৰৰ দৰে এইবাৰো শিশু -চেমনীয়া সকলৰ বাবে 'অভিনয়'ই আয়োজন কৰিছিল গ্ৰীষ্মকালীন কৰ্মশালাৰ। শিশু সকলৰ সৃজনীশীল চিন্তা, চেতনা আৰু মনন শক্তিৰ বিকাশৰ উদ্দেশ্যে আয়োজিত এই ২৫ দিনীয়া কৰ্মশালাৰ সামৰণিত মঞ্চস্থ কৰে দুখন শিশু নাট। সঞ্জীৱ বুঢ়াগোহাঁইৰ পৰিচালনাত যোৱা ৩১ জুলাইত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত নাট দুখন মঞ্চস্থ কৰা হয়। প্ৰত্যুষ ডেকাই লিখা 'লীজেণ্ডছ্ অৱ কৰ্ণাসুৰ' আৰু ৰাহুল গৌতম শৰ্মাই লিখা 'খুদকোঁৱৰ' নাট দুখনত কৰ্মশালাত যোগদান কৰা ৪১ টি শিশুৱে অভিনয় কৰে। নাট দুখনৰ মুখ্য সহকাৰী পৰিচালক আছিল ৰোহন গৌতম শৰ্মা আৰু থুৰীয়া শইকীয়া। এলিনা বড়ো আৰু লয়ন ৰঞ্জন শইকীয়া সহকাৰী পৰিচালক। দুয়োখন নাটকৰ পোহৰ ব্যৱস্থাপনা কৰে মাণিক ৰয়ে। নাটকত সন্নিৱিষ্ট নৃত্যাংশৰ নৃত্য নিৰ্দেশনা থুৰীয়া শইকীয়াৰ। মঞ্চসজ্জা বিনয় দাসৰ। সাজ সজ্জাৰ দায়িত্বত আছিল বি পাল্কী। ৰাহুল গৌতম শৰ্মাই 'খুদকোঁৱৰ'ৰ 'থীম ছং'টো ৰচনা -সুৰ কৰাৰ লগতে গীতটোত কণ্ঠদানো কৰিছে। দুয়োখন নাটকত সংগীত কৰিছে অয়নাংক পৰাশৰ, ৰোহন গৌতম শৰ্মা আৰু জ্ঞানদীপ ডেকাই। ৰূপ সজ্জা ভাস্কৰ দত্ত, তীব্ৰজ্যোতি বৈৰাগী আৰু নিতুল ঠেঙালৰ। অনুষ্ঠানত কৰ্মশালাৰ শিক্ষাৰ্থী সকলে দীপ ৰাহাং আৰু ইমৰাণ আলীৰ পৰিচালনাত দুটা নৃত্যানুষ্ঠানো পৰিৱেশন কৰে। নাট্য সন্ধিয়াটোৰ আঁত ধৰে নৱকমল হাজৰিকাই। সাহিত্যিক মণিকুন্তলা ভট্টাচাৰ্য, নাট্যকাৰ - পৰিচালক নৰেন পাটগিৰি আৰু অভিনেত্ৰী চেতনা দাসে বিশিষ্ট অতিথি হিচাপে অনুষ্ঠানত উপস্থিত থাকে। নাট দুখনত অভিনয় কৰা অভিনেতা - অভিনেত্ৰী সকল হ'ল - স্নেহাংশ প্ৰতীম বৰুৱা, স্নেহা বৰ্মন, প্ৰজন্ম ৰক্তাভ বৰা, আকৃতি বুঢ়াগোহাঁই, সুব্ৰত বড়ো, নমস্যা কাশ্যপ, ধানীস গগৈ, আইচেং বৰুৱা, ৰিদ্ধি বাজাজ, চিত্ৰাক্ষী বৰুৱা, পীয়ুষা কৌশিক, শ্ৰেয়ভী বৰ্মন, প্ৰতিতী প্ৰিয়ম কাশ্যপ, কৃষ্ণাভ দাস, নিয়ৰ শুভ্ৰ দাস, দিব্যাংশ দৰ্শিল বৰদলৈ, চানভি শৰ্মা, নিবৃত্তি বৰ্মন, চাও লাইচুম বৰুৱা, জীয়ন ৰঞ্জন শইকীয়া, শ্ৰেয়াশ্ৰী চৌধুৰী, প্ৰিয়াংশী গোঁহাই, অৰ্চিতা বৰুৱা, জয় কিশোৰ চৌধুৰী, হৰ্ষিত চৌধুৰী, মৃগাংক বৰা, সৃষ্টি বৰ্মন, আৰ্চিয়া শিৱম, সুস্মিতা শইকীয়া, প্ৰত্যুষা হাজৰিকা, জিয়া ডেকা, অনুশ্ৰী দাস, কাকলি বেজবৰুৱা, পাপৰি বৰা আৰু দীক্ষিতা তালুকদাৰ।
No comments:
Post a Comment