W7s news গুৱাহাটী : মহানগৰবাসীক খাদ্যৰ জুতি দিবিলৈ মাখন ভোগে গুৱাহাটীৰ মাচখোৱাত চতুৰ্থ আউটলেট আজি মুকলি কৰিছে। আজি মাছখোৱা চাৰিআলিৰ ৰাজা মেনচনত মাখন ভোগৰ চতুৰ্থ আউটলেটটো আনুষ্ঠানিকভাবে মুকলি কৰে প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ তথা সমাজকৰ্মী শ্ৰীমতী পায়াল ছাধাই। উদ্ভোডনি অনুস্থানত উপস্থিত থাকে মাখন ভোগৰ পৰিচালক সংগীতা আৰ্য আৰু সঞ্জয় আৰ্যৰ।
মাখন ভোগৰ চতুৰ্থ আউটলেটটো মহানগৰবাসীৰ পৰা বিশেষ সঁহাৰি লাভ কৰিব বুলি পায়াল ছাধাই আশা প্রকাশ কৰে। উল্লেখ্য যে মাখন ভোগে ২০০৫ চনত ব্যৱসায় আৰম্ভ কৰিছিল। অতি কম সময়ৰ ভিতৰত মাখন ভোগে ব্যবসায় সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হৈছে। প্রথম পর্যায়ত মাখন ভোগে বিশুদ্ধ নিৰামিখ খাদ্য সম্ভাৰ মহানগৰবাসীক যোগান ধৰিছিল। পিছলৈ উক্ত ষ্ট'ৰ সংযোজন ঘটাই ছুইটছ, ভূজীয়া, নমকিন, বেকাৰী প্ৰডাক্ট, মাখন আদি কৰি বিভিন্ন ধৰণৰ খাদ্যসম্ভাৰ। প্ৰথমখন মাখন ভোগৰ আউটলেটটো মুকলি কৰা হৈছিল বৰা ছাৰ্ভিছত। দ্বিতীয়খন আউটলেটটো ফেন্সী বজাৰত, তৃতীয়খন ষ্ট'ৰ; গণেশগুৰি চাৰিআলিত আৰু আজি চতুৰ্থ আউটলেটটো আনুষ্ঠানিকভাবে মুকলি কৰে
হয়।
মুকলি কৰি যুৱ মহিলা ব্যৱসায়ী তথা মাখন ভোগ হোটেল প্রাইভেট লিমিটেডৰ প্রিয়া আর্যই কয় যে মাখন ভোগে মহানগৰবাসীক স্বাস্থ্যসম্মত খাদ্য যোগান ধৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্রত মহানগৰবাসীৰ পৰা বিশেষ সঁহাৰি দেখিবলৈ পোৱা গৈছে। এই সন্দৰ্ভত ধ্ৰুৱ আৰ্যই কয় যে মহানগৰবাসীক স্বাস্থ্যসম্মত আৰু বিশুদ্ধ খাদ্য যোগান ধৰিবলৈ মাখন ভোগ সদায় দায়বদ্ধ। মাখন ভোগে বিশ্বাস কৰে বিশ্বাসৰ প্রতীক মাখন ভোগ।
No comments:
Post a Comment