এপেডাৰ ছিলংত ভাৰত কৃষি কনক্লেভ সহ আন্তঃৰাষ্ট্ৰীয় ক্ৰেতা বিক্ৰেতা সন্মিলনৰ আয়োজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 7 July 2024

এপেডাৰ ছিলংত ভাৰত কৃষি কনক্লেভ সহ আন্তঃৰাষ্ট্ৰীয় ক্ৰেতা বিক্ৰেতা সন্মিলনৰ আয়োজন


 



১২খন দেশ  যেনে উগাণ্ডা, ঘানা, ইণ্ডোনেছিয়া, গ্ৰীচ, কুৱেইট, ওমান, ভিয়েটনাম, নেপাল, বাংলাদেশ, ছিংগাপুৰ, কেনিয়া আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ পৰা ৭০ জনতকৈ অধিক ক্ৰেতাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।


এই অনুষ্ঠানত ১০৬ টা এফ পি অ’/এফ পি চি, সমবায় সমিতি আৰু উৎপাদক গোটেও অংশগ্ৰহণ কৰে।


W7s news,,শ্বিলং  ৭ জুলাইঃ কৃষি আৰু প্ৰক্ৰিয়াকৃত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন কৰ্তৃপক্ষই মেঘালয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ বিভাগৰ সৈতে  মেঘালয়ৰ ছিলংত এদিনীয়া ভাৰত কৃষি কনক্লেভ সহ আন্তঃৰাষ্ট্ৰীয় ক্ৰেতা-বিক্ৰেতা সন্মিলন আয়োজন কৰে। অনুষ্ঠানৰ প্ৰধান উদ্দেশ্য আছিল ভাৰতৰ উত্তৰ-পূব অঞ্চলত বিশেষকৈ মেঘালয়ৰ পৰা অহা কৃষি সামগ্ৰীৰ প্ৰচাৰ। মেঘালয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ বিভাগৰ মাননীয় মন্ত্ৰী ড০ মেজেল আম্পাৰিন লিংডোৰ লগতে চৰকাৰী কৃষি আৰু কৃষক কল্যাণ বিভাগৰ আয়ুক্ত সচিব ড০ বিজয় কুমাৰ ডি., এপেডাৰ  অধ্যক্ষ অভিষেক দেৱ, কেন্দ্ৰীয় লগতে ৰাজ্য চৰকাৰৰ কেইবাজনো জ্যেষ্ঠ বিষয়াই ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত বন্ধন গঢ়ি তোলাৰ ক্ষেত্ৰত ফলাফল লাভজনক হোৱাৰ আশা ব্যক্ত কৰে।


 অনুষ্ঠানটোত বিষয়াসকলৰ উপস্থিতিয়ে শোভা বৃদ্ধি কৰে।


ভাৰত কৃষি সন্মিলনত সন্মানীয় মন্ত্ৰী ড০ এম, আম্পাৰিন লিংডোয়ে ভাষণ দি মেঘালয়ৰ কৃষি প্ৰচাৰৰ ক্ষেত্ৰত এপেডাই লোৱা পদক্ষেপৰ বাবে প্ৰশংসা প্ৰকাশ কৰি উদ্ধৃতি দি কয়, “এই অনুষ্ঠানে আমাক এক বৃহৎ আশাৰ ভাব দিয়ে।” ঘৰুৱা আৰু বিশ্বব্যাপী বজাৰত কৃষি উৎপাদিত সামগ্ৰী আগবঢ়োৱা আৰু অৱদান আগবঢ়োৱাৰ ক্ষেত্ৰত ৰাজ্যখনৰ প্ৰচণ্ড সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।ড০ বিজয় কুমাৰ ডিয়ে ভাষণত কয় যে মেঘালয়ৰ খাচী মেণ্ডেৰিন (ভৌগোলিক স্বীকৃতি) আৰু আনাৰসৰ প্ৰথমবাৰৰ বাবে মধ্যপ্ৰাচ্যলৈ ৰপ্তানি কৰাৰ প্ৰাৰম্ভিক সফলতাৰ কাহিনী ব্যক্ত কৰে। তেওঁ কৃষকৰ আয় বৃদ্ধিৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ স্থানীয় সামগ্ৰী ৰপ্তানিৰ এনে পদক্ষেপ বৃদ্ধি কৰাৰ, ৰাজ্য চৰকাৰৰ দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰে।


অধ্যক্ষ অভিষেক দেৱে নিজৰ ভাষণত মেঘালয়ৰ পৰা কৃষিজাত সামগ্ৰীৰ ৰপ্তানিৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ ৰাজ্যৰ পৰা জৈৱিক ৰপ্তানি বৃদ্ধিৰ বাবে বিভিন্ন পদক্ষেপৰ লগতে জৈৱিক প্ৰমাণীকৰণ প্ৰক্ৰিয়াটো সহজ কৰি তোলাৰ ক্ষেত্ৰতো পদক্ষেপৰ ৰূপৰেখা দাঙি ধৰে আৰু লগতে কয় যে স্থানীয় জৈৱিক কৃষকৰ স্বাৰ্থত এপেডাই বিশেষকৈ উত্তৰ-পূবৰ পৰা অধিক প্ৰমাণীকৰণ সংস্থাৰ স্বীকৃতি ক্ষিপ্ৰতাৰে আগবঢ়াইছে।



মেঘালয়ত অনুষ্ঠিত হোৱা এদিনিয়া ক্ৰেতা বিক্ৰেতা সন্মিলনে মেঘালয়ৰ উৎপাদক আৰু প্ৰচেছৰসকলক বিশ্বব্যাপী আৰু ঘৰুৱা ক্ৰেতাৰ আগত নিজৰ সামগ্ৰী প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰিলে। ১২খন দেশৰ ক্ৰেতা যেনে, উগাণ্ডা, ঘানা, ইণ্ডোনেছিয়া, গ্ৰীচ, কুৱেইট, ওমান, ভিয়েটনাম, নেপাল, বাংলাদেশ, ছিংগাপুৰ, কেনিয়া, আৰু সংযুক্ত আৰব আমিৰশ্বাহীসকলে ভাৰত কৃষি সন্মিলনত ৰপ্তানিকাৰকসকলৰ সৈতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।সমগ্ৰ দেশৰ ৪১টাতকৈও অধিক ৰপ্তানিকাৰক আৰু ৰাজ্যখনৰ ১০৬টা এফপিঅ’/এফপিচি, কৰ্পৰেটিভ ছ’চাইটি আৰু অন্যান্য উৎপাদক গোটে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত জৈৱিক সতেজ ফল-মূল, প্ৰচেছড খাদ্য সামগ্ৰী, লাকাডং হালধি, প্ৰাকৃতিক মৌ, সুগন্ধি চাউল, দাইল আদি বিভিন্ন ধৰণৰ কৃষিজাত সামগ্ৰী প্ৰদৰ্শন কৰা হয়। এই অনুষ্ঠানৰ লক্ষ্য হৈছে মেঘালয়ৰ উৎপাদক আৰু প্ৰচেছৰসকলক ভাৰত আৰু বিদেশৰ ক্ৰেতাৰ সৈতে সংযোগ কৰা। এই পদক্ষেপে ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ ৰপ্তানিৰ ভিত্তি বহল কৰিব, যাৰ ফলত কৃষকৰ আয় বৃদ্ধি আৰু অঞ্চলটোৰ সামগ্ৰিক বৃদ্ধি ত্বৰান্বিত হ’ব।উত্তৰ-পূব ভাৰতৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ এই বিত্তীয় বৰ্ষত এপেডাই অৰুণাচল প্ৰদেশ, ছিকিম, অসম আৰু বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি)ত আৰু অধিক এনে অনুষ্ঠানৰ আয়োজন কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here