W7s গুৱাহাটী,: অসম গোৰ্খা সন্মিলনৰ গুৱাহাটীৰ পল্টনবজাৰস্থিত কেন্দ্ৰীয় কাৰ্যালয় মণিকুমাৰ চুব্বা ভৱনত দেওবাৰে দিনযোৰা কাৰ্যসূচিৰে এখন পুৰোহিত সন্মিলন অনুষ্ঠিত হয়। অসম গোৰ্খা সন্মিলনৰ উপসমিতি 'স্বাভিমান জাগৰণ অভিযানৰ' সৌজন্যত আয়োজন কৰা এই সন্মিলনত অসমৰ প্ৰতিখন জিলাৰ পৰা উপস্থিত হোৱা পুৰোহিত সন্মিলনত গোৰ্খা সন্মিলনৰ সভাপতি কৃষ্ণ ভূজেল, মুখ্য সাধাৰণ সম্পাদক লক্ষ্মী ছেডাই প্ৰমুখ্যে জগদীশ সন্যাল। সভাত বিশেষকৈ অসমৰ গোৰ্খা সমাজৰ ঠাই বিশেষে চলি থকা অন্ধবিশ্বাস, ভেদাভেদ, অস্পৃশ্যতা, ধৰ্মান্তকৰণ,বাল্যবিবাহ আদি সামাজিক সমস্যাৰ বিষয়ে আলোকপাত কৰা হয়। লগতে এই সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত পুৰোহিত সমাজৰ পূৰ্ণ সহযোগিতা কামনা কৰা হয়। সভাত দেৱ নায়ক অধিকাৰী, তুলসী উপাধ্যায়ে বক্তব্য আগবঢ়ায়। সভাত দুই শতাধিক পুৰোহিত উপস্থিত থাকে।
No comments:
Post a Comment