দেওধনী নৃত্যৰ কৰ্মশালা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 8 July 2024

দেওধনী নৃত্যৰ কৰ্মশালা

 




গুৱাহাটী ৰ গণেশগুৰি ত স্থিত *গন্ধৰ্ব কলা কেন্দ্ৰই* সফলতাৰে *দুটা দশক* (২০ বছৰ)পাৰ কৰিলে। সেই উপলক্ষে জুলাই *১ ৰ পৰা ৭* তাৰিখ লৈকে *দেওধনী নৃত্যৰ কৰ্মশালাখনি* আয়োজন কৰা হয় অনুষ্ঠানটিৰ সভাপতি *উপেন চন্দ্ৰ গগৈ* আৰু *নিত্ৰাঙ্গনা ড্ৰিমলী  গগৈ* ৰ নেতৃত্বত।                              তাত্ত্বিক আৰু ব্যবহাৰিক দিশত জ্ঞান দিবৰ বাবে নিমন্ত্ৰণ জনোৱা হয় - *সংগীত নাটক বঁটা প্ৰাপক* *গুৰু গুনাকৰ দেৱ গোস্বামী দেৱক*।         এই শাক্ত ধৰ্মী নৃত্য বিধক ন ন শিকাৰো ২৬ গৰাকীয়ে অতি ভক্তি ভাবেৰে শিকি  *৭ জুলাই ত লক্ষ্মীৰাম বৰুৱা সদনত পৰিৱেশন কৰি সফল সমাপ্তি ঘটাই*।                           এই অনুষ্ঠানটিত গণ্য মান্য ব্যক্তিৰ উপস্থিতিৰ লগতে বিশেষ ভাবে উপস্থিত থাকে *পদ্মশ্ৰী নৃত্যচাৰ্য্য যতীন গোস্বামীদেৱ* , অসম গৌৰৱ ৰঞ্জিত গগৈদেৱ, গুৰু বিপুল দাস, সংগীত নাটক অকাডেমী সন্মান প্ৰাপক অনিতা শৰ্মা, গুৰু ৰুমি তালুকদাৰ, গুৰু হেমন্ত কুমাৰ কলিতা, গুৰু সীতাৰানী হাজৰিকা,গুৰু তাতিনি দাস আদি উপস্থিত থাকে। এই কৰ্মশালা খনত অংশ গ্ৰহনকাৰি সকলক একো খন কৈ মান পত্ৰৰে সন্মান জনোৱা হৈ। এই ক্ষেত্ৰত গুৱাহাটীৰ মাজ মজিয়াত থকা গন্ধৰ্ব কলা কেন্দ্ৰৰ সমূহ কাৰ্যকৰী সমিতিয়ে এই লোকসংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অপ্ৰাণ চেষ্টা কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here