গুৱাহাটীত উত্তৰ-পূব বহনক্ষম ব্যৱসায়-উদ্যোগীকৰণৰ সন্মিলন সম্পন্ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 3 June 2024

গুৱাহাটীত উত্তৰ-পূব বহনক্ষম ব্যৱসায়-উদ্যোগীকৰণৰ সন্মিলন সম্পন্ন




W7s news,,গুৱাহাটী, ৩ জুন, ২০২৪: উত্তৰ-পূৰ্বাঞ্চলৰ ব্যৱসায়িক আৰু ঔদ্যোগিক খণ্ডটোৰ বহনক্ষম বিকাশ সাধনৰ লক্ষ্যৰে যোৱা ২ জুনত গুৱাহাটীত অনুষ্ঠিত হয় ‘উত্তৰ-পূব বহনক্ষম ব্যৱসায় আৰু উদ্যোগীকৰণ সন্মিলন’ শীৰ্ষক এখন সন্মিলন৷ অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ উদ্যোগত অনুষ্ঠিত এই সন্মিলনত সহযোগিতা আগবঢ়ায় স্কুল অব্‌ লাইভ্‌লীহুড এণ্ড ৰুৰেল ডেভেলপমেণ্ট - য়েছআৰ্থ নামৰ সংস্থাটোৱে৷ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সোণালী জয়ন্তী উপলক্ষে এই আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয়৷ গুৱাহাটীৰ ভিভাণ্টা হোটেলত অনুষ্ঠিত এই সন্মিলনত ৩০০তকৈ অধিক ব্যৱসায়িক ক্ষেত্ৰখনৰ সৈতে জড়িত উদ্যোগী, নীতি নিৰ্ধাৰক আৰু অন্যান্য লোকসকলে অংশগ্ৰহণ কৰে৷ এদিনীয়াকৈ অনুষ্ঠিত এই সন্মিলনত বহনক্ষম ব্যৱসায়িক পদ্ধতি, জলবায়ু পৰিবৰ্তন, পৰিবেশ পৰিচালনা আদি বিভিন্ন বিষয়ত আলোচনা কৰা হয়৷ সন্মিলনখনত অংশগ্ৰহণ কৰে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ অৰূপ কুমাৰ মিশ্ৰ, য়েছআৰ্থৰ মিছন সঞ্চালক অভিজিৎ শৰ্মা, গুৱাহাটী বিমান বন্দৰৰ মুখ্য প্ৰশাসনিক বিষয়া উৎপল বৰুৱা, আছাম এয়াৰ প্ৰডাক্টছৰ পৰিচালন সঞ্চালক অভিজিৎ বৰুৱা, কে ডি আইৰন এণ্ড ষ্টীলৰ পৰিচালন সঞ্চালক দিলীপ গোৱেংকা আৰু আই চি এ আৰ আটাৰিৰ সঞ্চালক ড॰এ কে মহান্তিয়ে৷ 

সন্মিলনখনত অনুষ্ঠিত আলোচনাচক্ৰৰ আঁত ধৰে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সদস্যসচিব ড॰ শান্তনু দত্ত আৰু পৰিচালনা কৰে য়েছআৰ্থৰ মিছন সঞ্চালক অভিজিৎ শৰ্মাই৷ আলোচনাচক্ৰত অংশগ্ৰহণ কৰা পেনেলিষ্টসকল হৈছে জলবায়ু পৰিবৰ্তন ছ’চাইটিৰ ড॰ৰিজৱান উল জামান, কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ড॰ৰাহুল মহন্ত, ছিডবিৰ চি জি এম প্ৰদীপ কুমাৰ নাথ, এৰিডাৰ সভাপতি প্ৰণৱ কুমাৰ শৰ্মা, প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অতিৰিক্ত মুখ্য অভিযন্তা গকুল ভূঞা আৰু প্ৰেক্টিচৰ অধ্যাপক ড॰নীল কোঁৱৰ৷ 

আলোচনাচক্ৰত আলোচকসকলে উত্তৰ-পূৰ্বাঞ্চলৰ বহনক্ষম ব্যৱসায়িক বিকাশৰ বাবে বিভিন্ন বিষয়ত আলোকপাত কৰে৷ তেওঁলোকে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দিষ্ট কৰ্তৃপক্ষক ভৱিষ্যতৰ নীতিসমূহ ফলপ্ৰসূভাৱে প্ৰসাৰিত কৰাৰ আহ্বান জনায়৷ সন্মিলনত অংশগ্ৰহণ কৰা ৩০০তকৈ অধিক ব্যৱসায়ী তথা উদ্যোগী আৰু অংশীদাৰসকলে উত্তৰ-পূবৰ ব্যৱসায়িক বহন ক্ষমতাক আগুৱাই নিয়াৰ বাবে মৌলিক দিশসমূহৰ বিষয়ে আলোচনা কৰে৷ তেওঁলোকে বহনক্ষম ব্যৱসায়িক পদ্ধতিক আগুৱাই নিয়াৰ বাবে নীতিসমূহ ৰূপায়ণৰ পোষকতা কৰে৷ দুপৰি ব্যৱসায়ীসকলক দৈনন্দিন কাৰ্যকলাপত বহন ক্ষমতাক সন্নিৱিষ্ট কৰিবলৈ উৎসাহিত কৰে আলোচকসকলে৷ উত্তৰ-পূব ভাৰতৰ আঞ্চলিক জলবায়ু কাৰ্য পৰিকল্পনা প্ৰস্তুত আৰু কাৰ্যকৰী কৰাৰ বাবে গৱেষণা আৰু উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হৈছে৷ 

উদ্যোগী তথা নীতি নিৰ্ধাৰকসকলৰ সামৰ্থ্য বৃদ্ধি কৰিবলৈ শৈক্ষিক আৰু প্ৰশিক্ষণ কাৰ্যসূচীত বিনিয়োগ কৰাৰ বাবে তেওঁলোকে আহ্বান জনায়৷ এটা উদ্যোগৰ আৱৰ্জনাসমূহৰ সবিশেষ তথ্য প্ৰদান কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণত গুৰুত্ব প্ৰদানেৰে আলোচকসকলে প্ৰকল্পসমূহক আগুৱাই নিবলৈ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ মাজত সহযোগিতা স্থাপনৰ পোষকতা কৰে৷ পুনৰ ব্যৱহাৰ আৰু বৃত্তাকাৰ অৰ্থনীতিৰ আৰ্হিকে ধৰি আৱৰ্জনা ব্যৱস্থা পদ্ধতিক প্ৰসাৰিত কৰাৰ বাবে ব্যৱসায়িক কাৰ্যকলাপত নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ বৃদ্ধিত গুৰুত্ব আৰোপ কৰিছে তেওঁলোকে৷ ষ্টাৰ্টআপসমূহৰ বাবে নৱীকৰণযোগ্য শক্তিৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক ৰাজসাহায্য আগবঢ়োৱাৰ আহ্বান জনাইছে তেওঁলোকে৷ কিয়নো নৱীকৰণযোগ্য শক্তি ব্যৱহাৰ কৰি ষ্টাৰ্টআপসমূহে ব্যৱসায়িক ক্ষেত্ৰখনক আগুৱাই নিয়াত সহায়ক হ’ব৷ 

অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম প্ৰদূষণ পৰিষদৰ অধ্যক্ষ অৰূপ কুমাৰ মিশ্ৰই কয় যে অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে নিৰীক্ষণ আৰু বলৱৎকাৰী সংস্থাৰ পৰা বহনক্ষম ব্যৱসায়িক পদ্ধতিৰ সুবিধা প্ৰদানকাৰী সংস্থা হিচাপে কাম কৰি আহিছে৷ সংস্থাটোৰ সোণালী জয়ন্তী উদ্‌যাপনৰ অংশ হিচাপে এই সন্মিলন অনুষ্ঠিত কৰি সাম্প্ৰতিক সময়ত সন্মুখীন হোৱা পৰিবেশগত প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ দিশত পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here