বিশ্ব বাইচাইকেল দিৱস উপলক্ষ্যে ৰেডিচন ব্লু গুৱাহাটীৰ চাইকেল ৰেলীৰ আয়োজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 2 June 2024

বিশ্ব বাইচাইকেল দিৱস উপলক্ষ্যে ৰেডিচন ব্লু গুৱাহাটীৰ চাইকেল ৰেলীৰ আয়োজন

 



W7s news,,গুৱাহাটী, ২ জুন, ২০২৪: ৩ জুনত  বিশ্বজুৰি পালন কৰা বিশ্ব বাইচাইকেল দিৱসৰ সৈতে সংগতি ৰাখি ৰেডিচন ব্লু গুৱাহাটীয়ে ২ জুন, ২০২৪ , দেওবাৰে এক সফল চাইকেল ৰেলীৰ আয়োজন কৰে। এই অনুষ্ঠানৰ উদ্দেশ্য আছিল এক স্বাস্থ্যকৰ জীৱনশৈলীৰ প্ৰচাৰৰ সমান্তৰালকৈ পৰিবহণৰ এক বহনক্ষম আৰু পৰিৱেশ-অনুকূল পদ্ধতি হিচাপেও চাইকেল চলোৱাৰ লাভালাভৰ ওপৰত গুৰুত্ব আৰোপ কৰা। অসমৰ মুখ্য সচিব ড০ ৰবি কোটাই চাইকেল ৰেলীৰ শুভাৰম্ভ কৰে।অনুষ্ঠানটোত চাইকেল অনুৰাগী আৰু পেছাদাৰী চাইকেল চালকসকলৰ উৎসাহজনক অংশগ্ৰহণ দেখা যায়। প্ৰায় ২০ কিলোমিটাৰজোৰা মনোৰম পথ সামৰি পৰিকল্পনা কৰা এই ৰেলী হোটেলৰ পৰা পুৱা ৫ বজাত আৰম্ভ হৈ পুনৰ হোটেলখনলৈ উভতি আহে। অসমৰ ডিজিপি  জি পি সিঙেও চাইকেল ৰেলীত অংশগ্ৰহণকাৰী হিচাপে যোগদান কৰে।ৰেডিচন ব্লু গুৱাহাটীৰ জেনেৰেল মেনেজাৰ অংকুৰ মেহৰোত্ৰাই এই উপলক্ষে মন্তব্য কৰি কয়, “বিশ্ব বাইচাইকেল দিৱসৰ সন্মানাৰ্থে এই চাইকেল ৰেলী আয়োজন কৰি আমি আনন্দিত হৈছো। চাইকেল চলোৱাটো হৈছে স্বাস্থ্যৰক্ষা আৰু কল্যাণকামী চিন্তা-চৰ্চা প্ৰচাৰৰ এক চমৎকাৰ উপায়; লগতে ই বহনক্ষম জীৱন যাপনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পৰিৱেশ পৰিচালনা আৰু সামূহিক ব্যস্ততাৰ প্ৰতি থকা আমাৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি এনে এক মহান পদক্ষেপক সমৰ্থন কৰিবলৈ পাই আমি গৌৰৱবোধ কৰিছোঁ।”৩ জুনত পালন কৰা বিশ্ব বাইচাইকেল দিৱস হৈছে এক সৰল, সুলভ, নিৰ্ভৰযোগ্য আৰু পৰিৱেশ অনুকূল পৰিবহনৰ মাধ্যম হিচাপে চাইকেলখনৰ বহুমুখী তাৎপৰ্য আৰু লাভালাভবোৰ সকলোৰে আগত তুলি ধৰা এক আধাৰ। বহনক্ষম নগৰ উন্নয়নৰ বাবে এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে যথেষ্ট সম্ভাৱনা থকা চাইকেলৰ অধিক ব্যৱহাৰৰ ফলত জনস্বাস্থ্য উন্নত হ'ব পাৰে, যান-জঁট হ্ৰাস হ'ব পাৰে আৰু কাৰ্বন নিৰ্গমন যথেষ্ট হ্ৰাস হ'ব পাৰে, যিয়ে আমাক এক সুস্থ-সুন্দৰ জীৱনশৈলীৰ দিশে আগবঢ়াই লৈ যায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here