W7s news,,,গুৱাহাটী ২১ জুনঃ উত্তৰ পূৰ্বৰ অন্যতম অগ্ৰণী আৰু প্ৰতিষ্ঠাত প্লাষ্টিক উদ্যোগ গুৱাহাটীৰ সাৰথি প্ৰ' পেকক শেহতীয়াকৈ মুম্বাইৰ তাজ হোটেলত অনুষ্ঠিত মডাৰ্ণ প্লাষ্টিক ইণ্ডিয়া এৱাৰ্ডছ শ্ব'ত "শ্ৰেষ্ঠ ঘৰুৱা সামগ্ৰী নিৰ্মাতা নৰ্থ ইষ্ট বঁটা"ৰে সন্মানিত কৰা হৈছে। কোম্পানীটোৰ চিইঅ’ সত্যম খাণ্ডেলৱালে এই বঁটা গ্ৰহন কৰে। মুখ্য অতিথি আৰ এ মাশ্বেলকাৰ (পদ্মশ্ৰী, পদ্ম ভূষণ, পদ্ম বিভূষণ)ৰ উপস্থিতিত মুম্বাইস্থিত জৰ্জিয়াৰ মহামহিম কনছুলেট সতীন্দৰ্পাল আহুজাই এই বঁটা প্ৰদান কৰে। মডাৰ্ণ প্লাষ্টিকছ ইণ্ডিয়া এৱাৰ্ডছ কেৱল মডাৰ্ণ প্লাষ্টিকছ গ্ল’বেল নেটৱৰ্কে আয়োজন কৰা ভাৰতীয় প্লাষ্টিক উদ্যোগত প্ৰদান কৰা বঁটা, ই আছিল প্লাষ্টিক খণ্ডৰ শীৰ্ষ উজ্জ্বল উদ্যোগী, উদ্ভাৱক, আৰু গেম-চেঞ্জাৰসকলৰ হিচাপে চিনিত হৈছে।
প্ৰখ্যাত উদ্যোগপতি তথা খাণ্ডেলৱাল গ্ৰুপ অৱ কোম্পানীৰ অধ্যক্ষ অ’ পি খাণ্ডেলৱালে কয় যে আমাৰ কোম্পানী সাৰথি প্ৰ’ পেকেহ প্লাষ্টিকৰ সামগ্ৰী প্ৰস্তুত কৰে। যাৰ ভিতৰতে কণ্টেইনাৰ, বাল্টি, মগ, ট্ৰে, জগ, ডাষ্টবিন, ফ্লাৱাৰ পট আদি বহুতো সামগ্ৰী আছে l আমাৰ যাতে ইমামি, মেৰিকো, ডাবুৰ আদিৰ কোম্পানী বিভিন্ন সামগ্ৰীৰ বাবে প্লাষ্টিকৰ সামগ্ৰীও প্ৰস্তুত কৰা হয়। আমাৰ মেনুফেকচাৰিং ইউনিট ব্ৰহ্মপুত্ৰ ঔদ্যোগিক উদ্যানত আৰু আমাৰ কৰ্পৰেট কাৰ্যালয় শ্ৰীজি টাৱাৰ, ৩য় মহলা, জি এছ ৰড,
খ্ৰীষ্টিয়ান বস্তি, গুৱাহাটী অৱস্থিত আছে।
No comments:
Post a Comment