W7s news,,উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰখ্যাত চকু চিকিৎসা প্ৰতিষ্ঠান দ্য ৰেটিনা চেণ্টাৰে যুগান্তকাৰী কম্প্ৰিহেন্সিভ আই কেয়াৰ পেকেজ(বিস্তৃত আৰু সামগ্ৰিক চকুৰ যতন) মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই অগ্ৰণী পদক্ষেপৰ উদ্দেশ্য হৈছে চকুৰ যত্নৰ ক্ষেত্ৰত এক সামগ্ৰিক আৰু অন্তৰ্ভুক্ত পদ্ধতিসমূহ প্ৰদান কৰা, য’ত আগতীয়াকৈ ৰোগ ধৰা পেলোৱা, নিৰ্দিষ্ট চিকিৎসা পৰিকল্পনা, বিশেষ সেৱা-যতন, বিশেষজ্ঞ চিকিৎসকৰ সৈতে নিয়মীয়া ছেচন আৰু প্ৰতিযোগিতামূলক মূল্যত সেৱা ইত্যাদি অন্তৰ্ভুক্ত কৰা হৈছে।ৰেটিনা চেণ্টাৰে আগবঢ়োৱা সামগ্ৰিক চকুৰ যতন পেকেজ(কম্প্ৰিহেন্সিভ আই কেয়াৰ পেকেজ)ত নিৰ্ধাৰিত চকু পৰীক্ষা, ব্যক্তিগতকৃত চিকিৎসা পৰিকল্পনা আৰু কৰ্ণিয়াৰ ডিছৰডাৰ কাৰেকচন(বিকাৰগ্ৰস্ততা নিৰাময়), ৰেটিনাৰ বিভিন্ন ৰোগৰ চিকিৎসা আৰু চকুৰঅস্ত্ৰোপচাৰৰ দৰে বিশেষ সেৱাৰ সুবিধাসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। দ্য ৰেটিনা চেণ্টাৰৰ প্ৰতিষ্ঠাপক ডাঃ এছ.ইউ. আহমেদে প্ৰএক্টিভ(সক্ৰিয়) চকুৰ স্বাস্থ্য ব্যৱস্থাপনাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, “আমি চকুৰ যত্নৰ সামগ্ৰিক আৰু বিস্তৃত পেকেজ আগবঢ়াবলৈ পাই যথেষ্ট আনন্দিত হৈছোঁ, যিয়ে সুলভতা উন্নত কৰাৰ লগতে মানুহক চকুৰ স্বাস্থ্যৰ যতন ল’বলৈ উৎসাহিত কৰিব।”সামৰ্থ্য আৰু মানদণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰি জনসাধাৰণৰ চকুৰ স্বাস্থ্য বা অৱস্থাক অগ্ৰাধিকাৰ দিয়া আৰু অনুকূল দৃষ্টি শক্তি বজাই ৰখাৰ দিশত সক্ৰিয় পদক্ষেপ লোৱাই হৈছে এই পদক্ষেপৰ আচল উদ্দেশ্য। ডাঃ আহমেদে চকুকেইটা ভালে ৰখাৰ ক্ষেত্ৰত আগতীয়াকৈ চিনাক্তকৰণ আৰু চিকিৎসাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আশা ব্যক্ত কৰে যে কম্প্ৰিহেন্সিভ আই কেয়াৰ পেকেজে(চকুৰ যত্নৰ বিস্তৃত পেকেজ) বহুতৰ জীৱনৰ মানদণ্ড উন্নত কৰিব।
Post Top Ad
Responsive Ads Here
Friday, 31 May 2024

Home
-অসম
-গুৱাহাটী
দূৰদৰ্শী চিন্তাৰে দ্য ৰেটিনা চেণ্টাৰে আগবঢ়াইছে চকুৰ সুস্বাস্থ্যৰ যুগান্তকাৰী পদক্ষেপ; চকুৰ যত্নৰ সামগ্ৰিক পেকেজ মুকলি
দূৰদৰ্শী চিন্তাৰে দ্য ৰেটিনা চেণ্টাৰে আগবঢ়াইছে চকুৰ সুস্বাস্থ্যৰ যুগান্তকাৰী পদক্ষেপ; চকুৰ যত্নৰ সামগ্ৰিক পেকেজ মুকলি
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment