আঠগাঁৱ গৌশালাত নৰ্থ ইষ্ট টেক্সটাইল এক্সপ' উদ্বোধন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 18 May 2024

আঠগাঁৱ গৌশালাত নৰ্থ ইষ্ট টেক্সটাইল এক্সপ' উদ্বোধন


 


ইণ্টাৰনেশ্যনেল ট্রেড কৰ্পোৰেশ্যন প্ৰদৰ্শনীত উপস্থিত হয় পানিপথৰ নিৰ্মাতা


W7s news,,গুৱাহাটী, ১৮ মে'। আঠগাঁৱত অৱস্থিত শ্ৰী গৌহাটী গৌশালাৰ বৃন্দাবন গাৰ্ডেন চোতালত ইণ্টাৰনেশ্যনেল ট্রেড কৰ্পোৰেশ্যন চমুকৈ আই টি চিয়ে প্ৰথম বাৰৰ বাবে নৰ্থ ইষ্ট টেক্সটাইল এক্সপ’ ২০২৪ আয়োজন কৰা হয়। এই এক্সপ’ অসম টেক্সটাইল মাৰ্চেন্ট এচ্ছছিযেছানৰ (আত্মা) সভাপতি শুভকৰণ মালু উদ্বোধন কৰে। এই উপলক্ষে আত্মা সম্পাদক নাৰেশ কাসলিৱল, উপ-সভাপতি প্ৰকাশ জৈন লগতে উদ্যুগৱাক্ত আই টি চি মৃণাল গিনেৰিৱাল, বিক্ৰম মোডীকে, নিমেশ গিনেৰিৱাল ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

এই সন্দৰ্ভত আয়োজক মৃণাল গাণেৰিৱালে কয় যে উত্তৰ-পূবৰ ইতিহাসত প্ৰথমবাৰৰ বাবে পানীপথৰ বহু নিৰ্মাতাই এই নৰ্থ-ইষ্ট টেক্সটাইল এক্স'পত অংশগ্ৰহণ কৰি আছে। 


এই এক্স'পত বিশেষকৈ কম্বল, বেডশ্বীট, কুইল্ট, বেড কভাৰ, হস্ততাঁতসামগ্ৰী, গৃহ সজ্জা আদিকে ধৰি বহু সামগ্ৰী এখন চালৰ তলত উপলব্ধ।  অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বহু ক্ষুদ্ৰ আৰু ডাঙৰ ব্যৱসায়ীয়ে তেওঁলোকৰ ব্যৱসায়ক অধিক গতিশীল কৰিবলৈ অংশগ্ৰহণ কৰি আছে। তিনিদিনীয়াকৈ আয়োজন কৰা এই এক্স'পত বি-২বি বৈঠকৰো আয়োজন কৰা হৈছে, যাৰ জৰিয়তে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ আৰু ডাঙৰ ব্যৱসায়ীসকলে পানীপথৰ নিৰ্মাতাসকলৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপ আৰু ব্যৱসায় কৰাৰ এক সোণালী সুযোগ লাভ কৰিব। এই এক্সপোৰ জৰিয়তে ব্যৱসায়ীসকলে কেৱল তেওঁলোকৰ ব্যৱসায় সম্প্ৰসাৰিত কৰাৰ সুযোগ লাভ কৰাই নহয় তেওঁলোকে বহুতো নেদেখা সামগ্ৰী চাবলৈও সুযোগ পাব।  মোদীয়ে কয় যে পানীপথৰ ত্ৰিশৰো অধিক ডাঙৰ নিৰ্মান প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰি আছে। তেওঁ আশা ব্যক্ত কৰে যে এই নৰ্থ-ইষ্ট টেক্সটাইল এক্স'পয়ে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ক্ষুদ্ৰ আৰু ডাঙৰ ব্যৱসায়ীক লাভান্বিত কৰিব।  গাণেৰিৱালে কয় যে উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে আয়োজিত এই এক্স'প প্ৰথম দিনই ব্যৱসায়ীসকলৰ মাজত যথেষ্ট উৎসাহ দেখা গৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here