মমিতা শৰ্মাই ডিজাইন কৰা অসমীয়া মেখেলা চাদৰ পিন্ধি কাঁনৰ ৰেড কাৰ্পেটত খোজ আইমী বৰুৱাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 19 May 2024

মমিতা শৰ্মাই ডিজাইন কৰা অসমীয়া মেখেলা চাদৰ পিন্ধি কাঁনৰ ৰেড কাৰ্পেটত খোজ আইমী বৰুৱাৰ


 


W7s news,,,গুৱাহাটী: মমিতা শৰ্মাই প্ৰস্তুত কৰি উলিওৱা গোজ বটা আৰু গাম খাৰুৰ দৰে প্ৰাচীন অসমীয়া ডিজাইনেৰে সু-সজ্জিত মুগা ৰেচম মেখেলা ছাদৰ পিন্ধি কাঁন চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটৰ ওপৰত খোজ দিয়ে অসমৰ প্ৰখ্যাত অভিনেত্ৰী আইমী বৰুৱাই। মুগা ৰেচমক এক বিলাসীতা হিচাপে গণ্য কৰা আহোম ৰাজবংশৰ সময়ৰ পৰাই সু-পৰিচিত অসমৰ এক প্ৰাচীন শৈলী, গোজ বটা ডিজাইন হৈছে মূলতঃ বৈশিষ্ট্যপূৰ্ণ ফুল আৰু জ্যামিতিক আকৃতিৰ জটিল সংমিশ্ৰণ । যুগমীয়া এই সৃষ্টিশীলতাৰ প্ৰতি মানুহৰ আকৰ্ষণ আজিও কমা নাই। এই ডিজাইন অসমৰ চহকী সাংস্কৃতিক আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰ প্ৰতীক। আনহাতে, গাম খাৰু হৈছে জীপাল অসমীয়া সংস্কৃতিৰ বুকুত গভীৰভাৱে শিপাই থকা সমৃদ্ধি আৰু সুৰক্ষাৰ পৰম্পৰাগত প্ৰতীক।  

আমাৰ ডিজাইনাৰে পাঁচবিধ ভিন্ন সূতা আৰু ৰং ব্যৱহাৰৰ জৰিয়তে এড়ী, কপাহ আৰু গুণা সূতাৰ মিশ্ৰণেৰে জটিল আৰ্হি তৈয়াৰ কৰি মুগা ৰেচমী মেখেলা চাদৰত ঐতিহ্যপূৰ্ণ গোজ বটা ডিজাইন আৰু গাম খাৰু শিল্পক নিপুণভাৱে সংযুক্ত কৰিছে। এই সৃজনশীলতাই অসমৰ হস্ততাঁত উদ্যোগৰ শিল্পকলা আৰু কাৰুকাৰ্য্যক উজ্বলাই তুলিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here