নতুনকৈ মুকলি কৰা বিপনীত খোজ দিয়ক আৰু আপোনাৰ বিশেষ ষ্টাইল আৱিষ্কাৰ কৰক
W7s news গুৱাহাটী: ভাৰতৰ আগশাৰীৰ ফেশ্বন আৰু ৰূপ জুৱেলাৰী ব্ৰেণ্ড কুশল’ছে অসমৰ গুৱাহাটীত ইয়াৰ প্ৰথম খন বিশাল বিপনীৰ কথা ঘোষণা কৰে । অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ উপস্থিতিত, আকৰ্ষণীয় এই অনন্য অনুষ্ঠানটোৱে ব্ৰেণ্ডটোৰ যাত্ৰাৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হ’ব। চলচ্চিত্ৰ আৰু টিভি অনুষ্ঠানত তেওঁৰ প্ৰশংসনীয় প্ৰদৰ্শনৰ সৈতে আকৰ্ষণীয় তাৰকা হিচাপে তেখেতে অনুষ্ঠানটোত গ্লেমাৰৰ এক স্পৰ্শ দিয়ে যিয়ে অনুষ্ঠান টোক স্মৰণীয় কৰি তুলিছিল।
গুৱাহাটী মহানগৰীৰ অন্যতম প্ৰাণৱন্ত ঠাই জিএছ ৰোডত ১৩০০ বৰ্গফুটৰ জুৰি অৱস্থিত শেহতীয়া বিপনীখন ফেশ্বন উৎসাহী সকলৰ বাবে এক বিশেষ আকৰ্ষণ ৰ কেন্দ্ৰ বিন্দু। এক অনন্য বিপনন অভিজ্ঞতা প্ৰদান কৰি, ইয়াত সকলো অনুষ্ঠানৰ বাবে উপযুক্ত পৃথক গহনা ডিজাইন আছে— সেয়া বিয়াৰ গহনাই হওঁক, দৈনিক কৰ্মস্থানৰ বাবে হওঁক, ফুৰিবলৈ যাবলৈ বা, বিশেষ অনুষ্ঠান, বা পাৰ্টিৰ পোছাকে হওঁক। বিপনী খনত প্ৰাচীন, কুন্দন, জিৰকন, আৰু ষ্টাৰ্লিং ৰূপৰ গহনাকে ধৰি বিভিন্ন ধৰণৰ ডিজাইন প্ৰায় ৫০০০ তকৈও অধিক ডিজাইন উপলব্ধ।
ইয়াৰ বিস্তৃত সংগ্ৰহ, আৰু নিখুঁতভাৱে তৈয়াৰ কৰা গহনা শৈলীৰ সৈতে কুশল ফেশ্বন জুৱেলাৰীৰ দ্বাৰা যিকোনো অনুষ্ঠানৰ বাবে বিভিন্ন ধৰণৰ পছন্দ ৰ গহনাৰ ব্যৱস্থা কৰা হৈছে অৰ্থাৎ সকলোৰে বাবে কিবা এটা আছে। ব্ৰেণ্ডটোৱে নেকলেচ, চকাৰ, কাণফুলি, আঙুলিৰ আঙঠি, পেণ্ডেণ্ট ছেট, ব্ৰেচলেট, কাডা, কপালী, আৰু ব্ৰুচ আদিৰ দৰে বিভিন্ন প্ৰকাৰৰ গহনা আগবঢ়াইছে।
উদ্বোধনী অনুষ্ঠানত আনন্দ প্ৰকাশ কৰি বৰষাই কয়, " কুশল ৰ আকৰ্ষণীয় আৰু ষ্টাইলিছ ডিজাইন আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিৰ প্ৰতি গুৱাহাটীৰ ফেশ্বনিষ্টসকলে সৈতে গভীৰভাৱে আকৰ্ষিত হ’ব। বিশেষকৈ ভাৰতীয় নান্দনিকতাক সমসাময়িক ৰূপৰ সৈতে মিহলি কৰা বিভিন্ন ডিজাইনৰ প্ৰতি তেওঁলোকৰ মনোযোগ আৰু বিভিন্ন ধৰণৰ ডিজাইনৰ দ্বাৰা মই আপ্লুত হৈছো। মই তেওঁলোকক শুভকামনা জনাইছো আৰু সকলোকে আহি তেওঁলোকৰ সংগ্ৰহ বোৰ চাবলৈ অনুৰোধ জনাইছো।"
উদ্বোধনী অনুষ্ঠানত ভাষণ দি কুশল ৰ বিপণন সঞ্চালক অংকিত গুলেচাই কয় যে, “কুশল আমাৰ গ্ৰাহকৰ অনন্য শৈলীক প্ৰতিফলিত কৰা ফেশ্বনেবল গহনা প্ৰদানৰ বাবে উৎসৰ্গিত। আমি আমাৰ ব্ৰেণ্ডক নিজৰ স্পন্দনশীল জীৱনশৈলীৰ বাবে পৰিচিত চহৰ গুৱাহাটীলৈ আনিবলৈ পাই ৰোমাঞ্চিত হৈছো। চহৰখনৰ স্বভাৱ আৰু সুন্দৰতাৰ প্ৰতি গভীৰ প্ৰশংসাই আমাক আমাৰ অনন্য ফেশ্বন গহনা সংগ্ৰহবোৰ উপযুক্ত গ্ৰাহকৰ ওচৰত উন্মোচন কৰিবলৈ উৎসাহিত কৰিব।
গুৱাহাটী বিপনী খোলাটোৱে কুশল ৰ চলিত বিকাশক সূচাইছে। দেশৰ ২৫খন চহৰত ৮৫খনতকৈও অধিক বিপনীৰ উপস্থিতিৰ সৈতে, ব্ৰেণ্ডটোৱে অহা তিনি বছৰৰ ভিতৰত ভাৰতত ৩০০তকৈও অধিক নতুন বিপনী প্ৰৱৰ্তন কৰাৰ লক্ষ্য ৰাখিছে।
ইয়াৰ অফলাইন উপস্থিতিৰ উপৰিও, কুশল’ছে ইয়াৰ ৱেবছাইটৰ জৰিয়তে এক নিৰৱচ্ছিন্ন অনলাইন বজাৰৰ অভিজ্ঞতা সুনিশ্চিত কৰে, www.kushals.com গ্ৰাহকে শেহতীয়া সংগ্ৰহসমূহ চাব পাৰে আৰু তেওঁলোকৰ ঘৰৰ পৰাই তেওঁলোকৰ প্ৰিয় গহনা সমূহৰ বাবে বজাৰ কৰিব পাৰে বা দেশজুৰি থকা যিকোনো এখন বিপনীলৈ যাব পাৰে।
No comments:
Post a Comment