কাইজেন এগ্ৰিটেকচ, আৰপিজে টি প্ৰাইভেট লিমিটেড আৰু উইনচম টি প্লেণ্টেচনে কৰিব ৫০০ একৰ ভূমিত মাকৈ খেতি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 16 May 2024

কাইজেন এগ্ৰিটেকচ, আৰপিজে টি প্ৰাইভেট লিমিটেড আৰু উইনচম টি প্লেণ্টেচনে কৰিব ৫০০ একৰ ভূমিত মাকৈ খেতি


 

অসমত সোণালী বিপ্লৱ অনাৰ পৰিকল্পনা  


W7s news,,গুৱাহাটী, ১৫মেঃ ৰাজহ উৎপাদন মডেল প্ৰৱৰ্তন কৰাৰ লক্ষ্যৰে গুৱাহাটীৰ অগ্ৰণী কৃষি প্ৰযুক্তি প্ৰতিষ্ঠান কাইজেন এগ্ৰিটেকছে মুম্বাইৰ এক আগশাৰীৰ পেকেট চাহ কোম্পানী আৰ পি জে টি প্ৰাইভেট লিমিটেড,উইনচম টি প্লেণ্টেচন প্ৰাইভেট লিমিটেড আৰু ওদালগুৰিৰ চন্দনা টি ইষ্টেডৰ সৈতে একেলগে কাম কৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।এই সহযোগিতামূলক প্ৰচেষ্টাৰএক পাইলট প্ৰকল্প হিচাপে ৫০০ একৰ ভূমিত মাকৈ খেতিৰ পৰিকল্পনা কৰিছে যাৰ জৰিয়তে যথেষ্ঠ ৰাজহ উৎপাদনৰ সম্ভাৱনা থাকিব আৰু সোণালী বিপ্লৱৰ দিশে আগবাঢ়িব।এই পাইলট প্ৰজেক্টৰ পৰা  আৰ পি জে টি প্ৰাইভেট লিমিটেড আৰু উইনচম  টি প্লেণ্টেচন প্ৰাইভেট লিমিটেডে ১২ মাহত ২ কোটি টকা ৰাজহ লাভ  কৰিব বুলি অনুমান কৰিছে।এই আৰ্হিটো যদি সফল হয় তেন্তে আসমৰ অন্যান্য চাহ বাগিচা সমূহকো সাঙুৰি লোৱা হ'ব আৰু ৰাজ্যত কৃষি উদ্ভাৱন আৰু অৰ্থনৈতিক বিকাশৰ এক নতুন যুগ আৰম্ভ হ'ব।

কাইজেন এগ্ৰিটেকছৰ অংশীদাৰ নিস্থা জালানে এই প্ৰজেক্ট সন্দৰ্ভত কয় যে আৰ পি জে টি প্ৰাইভেট লিমিটেড আৰু উইনচম টি প্লেণ্টেচন প্ৰাইভেট লিমিটেডৰ সৈতে আমাৰ সহযোগিতাই বহনক্ষম কৃষি আৰু ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হব।পাইলট প্ৰকল্পৰ পৰা ২ কোটি টকাৰ সম্ভাৱ্য ৰাজহ উৎপাদনে অসমৰ চাহ এষ্টেটক আগুৱাই নিব। 

আৰ পি জে টি প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক চেতান যোশীয়ে এই পদক্ষেপৰ  ওপৰত আলোকপাত কৰি যে এক আগশাৰীৰ পেকেট চাহ কোম্পানী হিচাপে, আমি চাহ উদ্যোগৰ বিকাশ আৰু স্থিতিস্থাপকতা বৃদ্ধিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।কাইজেন এগ্ৰিটেকছ আৰু উইনচম টি প্লেণ্টেচন প্ৰাইভেট লিমিটেডৰ সৈতে এই অংশীদাৰীত্বই  লক্ষ্য প্ৰাপ্ত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত কৰিছে।এই সহযোগিতামূলক প্ৰচেষ্টাই কাইজেন এগ্ৰিটেকছৰ অত্যাধুনিক কৃষি প্ৰযুক্তি, চাহ উৎপাদন আৰু বিপণনৰ ক্ষেত্ৰত আৰ পি জে টি প্ৰাইভেট লিমিটেডৰ দক্ষতা আৰু বহনক্ষম কৃষি পদ্ধতিৰ প্ৰতি উইনচম টি প্লেণ্টেচন প্ৰাইভেট লিমিটেডৰ সমৰ্পণৰ সুবিধা লাভ কৰিব।অংশীদাৰ সকলৰ এই ঐক্যবদ্ধতাই ৰাজহ বৃদ্ধিৰ লগতে পৰিৱেশৰ স্থিৰতা আৰু সামূহিক বিকাশত সহায় কৰিব।উইনচম টি প্লেণ্টেচন প্ৰাইভেট লিমিটেডৰ সঞ্চালক বিষ্ণু উপাধ্যায়ই প্ৰকল্পটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে বিত্তীয় লাভৰ উপৰিও, এই পদক্ষেপে কৃষি পদ্ধতিসলনি কৰাৰ লগতে স্থানীয় সম্প্ৰদায়সমূহক শক্তিশালী কৰিব।আমি বহনক্ষম বিকাশৰ বাবে এক ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ যাক অসম আৰু ইয়াৰ বাহিৰৰ চাহ বাগিচাসমূহ আকোৱালি লোৱা হব।  পাইলট প্ৰকল্পটোত মাটি পৰীক্ষা, শস্যৰ উপযুক্ততা অধ্যয়ন, আৰু আধুনিক কৃষি কৌশলৰ ৰূপায়ণকে ধৰি বিভিন্ন দিশত গৱেষণা কৰা হব। ইয়াৰ উপৰিও কৃষক আৰু স্থানীয় অংশীদাৰসকলৰ সৈতে ক্ষমতা স্থাপন কৰা হব  যাতে মাকৈ খেতিৰ পদ্ধতি সফলতাৰে গ্ৰহণ কৰিব পৰা যায়।কাইজেন এগ্ৰিটেকছৰ প্ৰকল্প সঞ্চালক দেৱজিৎ বৈৰাগীয়ে এই সোণালী বিপ্লৱৰ নেতৃত্ব দিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here