বিশেষভাবে সক্ষম লোকৰ মাজত ৫০খন হুইলচেয়াৰ বিতৰণ ৰোটাৰী লুইট আৰু লুইট ট্ৰাষ্টৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 18 May 2024

বিশেষভাবে সক্ষম লোকৰ মাজত ৫০খন হুইলচেয়াৰ বিতৰণ ৰোটাৰী লুইট আৰু লুইট ট্ৰাষ্টৰ

 


W7s news গুৱাহাটী :  গুৱাহাটী লুইতৰ ৰোটাৰী ক্লাব আৰু ইয়াৰ সহযোগী ৰোটাৰী লুইট ট্ৰাষ্টে বছৰ বছৰ ধৰি সমাজৰ বিভিন্ন ক্ষেত্ৰত সামাজিক সেৱা আগবঢ়াই আহিছে।গুৱাহাটীৰ আৰ জি বৰুৱা ৰোডৰ শ্ৰদ্ধাঞ্জলী কাননত আজি অনুষ্ঠিত এক অনুষ্ঠানত এই

দুয়োটা সংস্থাই ৫০ জন বিশেষভাৱে সক্ষম লোকৰ মাজত বিনামূলীয়াকৈ ৫০খন হুইলচেয়াৰ বিতৰণৰ কৰে।উক্ত অনুষ্ঠানত প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডৰ চি এম ডি  ৰিনিকি ভূঞা শৰ্মাই মুখ্য অতিথি হিচাপে উপস্থিত থাকে। তেওঁ ৰোটাৰী লুইট আৰু লুইট ট্ৰাষ্টৰ বিভিন্ন কাৰ্যকলাপ আৰু প্ৰকল্প সমূহক প্ৰশংসা কৰে।লগতে ৰোটাৰী ইণ্টাৰনেচনেলে সমগ্ৰ বিশ্বৰ দৰিদ্ৰ লোকসকলৰ সুবিধাৰ বাবে যি ধৰণৰ কাম কৰে তাৰ বাবেও তেওঁ প্ৰশংসা কৰে।  তেওঁলোকৰ ভৱিষ্যত পৰিকল্পনা আৰু প্ৰকল্প সমূহ যাতে সফল ভাবে বাস্তৱত ৰূপায়িত কৰিব পাৰে তাৰ বাবে তেওঁ গুৱাহাটী লুইটৰ ৰোটাৰী ক্লাবক শুভেচ্ছা জ্ঞাপন কৰে। 

মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰিনিকি ভূঞা শৰ্মাই বিভিন্ন প্ৰান্তৰ পৰা অহা বিশেষ ভাবে সক্ষম লোক সকলৰ মাজত  হুইলচেয়াৰ বিতৰণ কৰে।বিশেষভাৱে সক্ষম লোক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ মুখত  হাঁহি দেখি তেওঁ আপ্লুত হৈ পৰে। 

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি ৰোটাৰী লুইতৰ সভাপতি অমিত অজিত চাৰিয়াই কয় যে ক্লাব আৰু ট্ৰাষ্টে নিয়মীয়াকৈ গুৱাহাটী আৰু ওচৰৰ গ্ৰাম্য অঞ্চলত বিনামূলীয়া চকু পৰীক্ষা শিবিৰৰ আয়োজন কৰি আহিছে লগতে দৰিদ্ৰ লোকসকলক বিনামূলীয়াকৈ ছানিৰ অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰি আহিছে।আনহাতে পুনৰ নিৰ্মাণ প্ৰকল্পৰ অধীনত বিদ্যালয়ত ছাত্ৰ- ছাত্ৰীৰ বাবে শৌচালয় নিৰ্মাণ,বিদ্যালয়ত ডেস্ক আৰু বেঞ্চ যোগান, খোৱা পানীৰ ব্যৱস্থা, শ্ৰেণী কোঠাৰ চিত্ৰাংকন আৰু ছাত্ৰ ছাত্ৰীৰ মাজত খেলৰ সঁজুলি বিতৰণ কৰি আহিছে।ইতিমধ্যে এই প্ৰকল্পৰ অধীনত বিদ্যালয়ৰ পুনৰনিৰ্মাণৰ লগতে ৫ খন বিদ্যালয় নতুন ডেস্ক আৰু বেঞ্চ,বিশুদ্ধ খোৱা পানী, ছাত্ৰ-ছাত্ৰীৰ বাবে সুকীয়া সুকীয়াকৈ শৌচাগাৰ আৰু খেলৰ   খেলৰ সঁজুলি যোগান ধৰি গুৱাহাটীৰ হেপ্পী স্কুললৈ ৰূপান্তৰ কৰিছে।কেৱল এয়াই নহয় বিদ্যালয়ত পুথিভঁৰালো স্থাপন কৰিছে।

গুৱাহাটীৰ বিভিন্ন ক্লাবৰ বহু সংখ্যক ৰোটাৰিয়ান আৰু প্ৰকল্পটো কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা লোকসকলেও আজিৰ অনুষ্ঠানটোত উপস্থিত থাকে।তেওঁ লগতে কয় যে আমি গুৱাহাটী লুইতৰ  ৰোটাৰী ক্লাব আমাৰ সমাজৰ দৰিদ্ৰ লোকসকলক সহায় সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ। আমাৰ ওচৰত আছে কেইবাটাও আহিবলগীয়া প্ৰকল্প আছে যিবোৰৰ ভিতৰত আছে বিশেষকৈ হেপ্পী স্কুল আৰু বাছত নিৰ্মাণ কৰা হ'ব লেডিজ টয়লেট।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here