মুকলি হ'ল আৰ্য ইৰেক্টৰছ ইণ্ডিয়া প্রাইভেট লিমিটেডৰ নতুন প্রকল্প 'আর্য আর্কেড' - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 5 May 2024

মুকলি হ'ল আৰ্য ইৰেক্টৰছ ইণ্ডিয়া প্রাইভেট লিমিটেডৰ নতুন প্রকল্প 'আর্য আর্কেড'

 


W7s news,,গুৱাহাটী: গুৱাহাটীৰ প্ৰখ্যাত ৰিয়েল এষ্টেট কোম্পানী আর্য ইৰেক্টৰছ ইণ্ডিয়া প্রাইভেট লিমিটেডে গুৱাহাটীৰ হোটেল ভিভান্তাত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত তেওঁলোকৰ নতুন প্রজেক্ট 'আর্য আর্কেড' শিলান্যাস কৰাৰ কথা ঘোষণা কৰে। কেইবাজনো বিশিষ্ট ব্যক্তি আৰু বর্তমান সম্ভাব্য গ্রাহকৰ উপস্থিতিত এই কথা ঘোষণা কৰে। এইমছ গুৱাহাটীৰ সমীপৰ চাংসাৰিস্থিত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপগত অৱস্থিত এই প্রকল্পটো ম'ল, চিনেপ্লেক্স, বিজনেছ ক্লাছ হোটেল, বাণিজ্যিক স্থান, বহু ব্যৱস্থাপনাৰ আবাসিক এপার্টমেন্টেৰে গঠিত এক সংহত বাণিজ্যিক সহ আবাসিক প্রকল্প হিচাপে ডিজাইন কৰা হৈছে।কোম্পানীটোৰ বিষয়াসকলৰ মতে, 'এই প্রকল্পটো এনে এক শিল্পকর্ম, য'ত বাসগৃহ, ব্যৱসায়, বজাৰ কৰাৰ লগত বিকল্প অনুষ্ঠান আৰু মনোৰঞ্জনৰব এক সুন্দৰ সংমিশ্রণ একেলগে আছে। প্রকল্পটোৰ এটা ডাঙৰ সুবিধা হ'ল ইয়াৰ স্থান। গুৱাহাটীৰ যান-জটৰ পৰিস্থিতি মুক্ত কৰাৰ স্বাৰ্থত উত্তৰ গুৱাহাটীৰ উন্নয়নক যি অধিক গুৰুত্ব দিয়া হৈছে, তাৰ লগে লগে চাংসাৰি অতি সোনকালে এই অঞ্চলৰ এক গুৰুত্বপূর্ণ ব্যৱসায়িক কেন্দ্র হিচাপে পৰিগণিত হ'ব। কৌশলগতভাবে ২৭ নং ৰাষ্ট্রীয় ঘাইপথৰ ঠিক ওপৰত, মূল চাংচাৰী পইণ্টত অৱস্থিত এই প্রকল্পটো এইমছৰ পৰা মাত্র প্রায় ৫০০ মিটাৰ দূৰত্বত আৰু নাৰায়ণ চুপাৰ-স্পেচিয়েলিটি হাস্পতাল আৰু জিএনআৰচি চিকিৎসালয়ৰ দৰে অন্যান্য ডাঙৰ চিকিৎসালয়ৰ ওচৰত। প্ৰকল্পত কম সময়ৰ বাবে থকাৰ প্রয়োজনীয়তা পূৰণৰ বাবে এখন বিজনেছ ক্লাছ হোটেল আৰু দীর্ঘ সময়ৰ বাবে থকাৰ বাবে 1 BHK আৰু 2 BHK চার্ভিচড এপার্টমেণ্টৰটো অন্তর্ভুক্ত কৰিছে। স্থায়ীভাৱে থকাৰ বাবে 2 BHK আৰু 3 BHK আবাসিক এপার্টমেন্টৰ এটা সম্পূর্ণ ব্লকো আছে। আর্য গ্রুপ অব কোম্পানীয়ে ২৮ বছৰতকৈও অধিক সময় ধৰি সদায় উল্লেখযোগ্য সামাজিক প্রাসংগিক প্রকল্পৰ সৈতে জড়িত হৈ আছে আৰু এই প্রকল্পৰ জৰিয়তেও ৫০০ ৰ অধিক যুৱক-যুৱতীৰ বাবে নিয়োগৰ সুযোগ সৃষ্টি কৰাৰ লক্ষ্য ৰাখিছে। সর্বোপৰি এই প্রকল্পই অদূৰ ভবিষ্যতে গুৱাহাটী মহানগৰক ভিৰ মুক্ত কৰাৰ উদ্দেশ্যও পূৰণ কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here