অসম ইনষ্টিটিউট অৱ মেনেজমেণ্টে এটি নতুন ৪ বছৰীয়া সংহত বিবিএ/এমবিএ পাঠ্যক্ৰম আৰম্ভ - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Saturday, 25 May 2024

demo-image

অসম ইনষ্টিটিউট অৱ মেনেজমেণ্টে এটি নতুন ৪ বছৰীয়া সংহত বিবিএ/এমবিএ পাঠ্যক্ৰম আৰম্ভ

Responsive Ads Here

 



W7s news গুৱাহাটী : গুৱাহাটীৰ পশ্চিমবাৰগাঁওস্থিত

অসম ইনষ্টিটিউট অৱ মেনেজমেণ্ট(এ এম আই)”ৰ উদ্যোগত  উত্তৰ-পূৰ্বাঞ্চলত পোন প্ৰথম বাৰৰ বাবে অসম ইনষ্টিটিউট অৱ মেনেজমেণ্টে এইবাৰৰ পৰা এটি নতুন ৪ বছৰীয়া সংহত বিবিএ/এমবিএ পাঠ্যক্ৰমৰ আৰম্ভণি কৰা হ'ব। শুকুৰবাৰে এ এম আইৰ

উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে

অসম ইনচষ্টিটিউট অৱ মেনেজমেন্টৰ সঞ্চালক ড০ সঞ্জীৱ ৰাজে। তেওঁ লগতে কয়-এই পাঠ্যক্ৰম অসম চৰকাৰ, সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ  আৰু অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুমোদিত৷  এই সংহত পাঠ্যক্ৰমটি ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ আধাৰত ৰূপাংকিত কৰা হৈছে। এই ব্যৱস্থাত বিভিন্ন শিক্ষা বর্ষত একাধিক প্রৱেশ আৰু প্ৰস্থানৰ সুবিধা আছে। এই পাঠ্যক্রম মূলত চাকৰিমুখী আৰু মৌলিক পৰিচালনা সম্পৰ্কীয় বিষয়ৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হ'ব। এই পাঠ্যক্ৰমৰ বাবে দ্বাদশ অথবা সমপৰ্য্যায়ৰ যিকোনো বিভাগৰ ছাত্র-ছাত্রীয়ে আবেদন কৰিব পাৰিব। বৰ্তমানৰ উদ্যোগ ক্ষেত্ৰলৈ লক্ষ্য ৰাখি ৰূপাংকিত কৰা এই পাঠ্যক্ৰমৰ জড়িয়তে শিক্ষিত ছাত্র-ছাত্রীসকলে নিয়োগ ক্ষেত্রত অধিক সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে। এই পাঠ্যক্ৰমৰ জৰিয়তে ছাত্র-ছাত্রীসকল উদ্যোগী, সক্রিয় চাকৰি প্ৰত্যাশী আৰু স্বতন্ত্র পৰিচালনা পেছাদাৰী হোৱাৰ ক্ষেত্ৰত উপকৃত হ'ব।

অত্যাধুনিক আন্তঃগাঁথনি আৰু নিষ্ঠাবান অধ্যাপক মণ্ডলীৰ জড়িয়তে অসম ইনচষ্টিটিউট অৱ মেনেজমেন্ট অসম তথা উত্তৰ পূব ভাৰতত গুণগত শিক্ষাদান তথা বিকাশৰ বাবে সদায় দায়বদ্ধ।

এই পাঠ‍্যক্ৰমৰ বাবে আসনৰ সংখ্যা ৬০ খন। আমাৰ অনলাইন আৰু অফ লাইন যোগে বিনামুলীয়াকৈ প্ৰ-পত্ৰৰ ব্যৱস্থা কৰা হৈছে।' সংবাদ মেলত এ আই এমৰ  প্ৰশাসনিক আৰু একাউন্ট অফিচাৰ নকুল কলিতা, ডীন একাডেমীক ইৰফান উল্লাহ

উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *